নাৰীবাদ (ইংৰাজী: feminism) বিংশ শতাব্দীত উদ্ভূত এটি দৰ্শন যি সভ্যতাৰ মানুহ হিচাপে পুৰুষৰ তুলনাত সকলো ক্ষেত্ৰতে নাৰীৰ সমতা আৰু স্বাধীনতাত বিশ্বাস কৰে। নাৰীবাদ সমাজত নাৰীৰ সমতা অৰ্জন, বিশেষকৈ পুৰুষৰ সমান অধিকাৰ আদায়ৰ যৌক্তিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাৰীবাদে দাবী কৰে: নাৰী পুৰুষৰ সমান সক্ষমেই নহয় সামাজিক অৱদানৰ ক্ষেত্ৰতো পুৰুষতকৈ কম নহয়। নাৰীবাদ লিংগ অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ বিষয়। নাৰীবাদ হৈছে পুৰুষৰ সমানে ৰাজনৈতিক, আইন, অৰ্থনৈতিক আৰু অন্যান্য অধিকাৰসমূহৰ ক্ষেত্ৰত সফলতা অৰ্জনৰ জৰিয়তে মহিলাৰ স্থান/মৰ্যাদা অগ্ৰগামী কৰাৰ এক তত্ত্ব বা আন্দোলন।[1]
বেলহুক'চ ৰ মতে নাৰীবাদ হৈছে যৌন শোষণ আৰু যৌন পীড়ন অৱসান ঘটোৱাৰ এক আন্দোলন।
ইৰিচ কৰ্মী ফ্ৰেনচেচ পাৱাৰ ক'বলে ১৮৮৪ চনত 'নাৰীবাদ' শব্দৰ পোন প্ৰথমে ব্যৱহাৰ কৰিছিল। সেয়ে হ'লেও ১৮৩৭ খ্ৰীঃ ফৰাচী দাৰ্শনিক তথা ইউটোপীয় সমাজবাদী চাৰ্লস ফুৰিয়ে প্ৰথম 'নাৰীবাদ' শব্দটিৰ আনুষ্ঠানিক ব্যৱহাৰ কৰিছিলে বুলি ধাৰণা কৰা হয়।[2] তেওঁ নাৰীবাদক পানীৰ সোঁতৰ উপমাৰ সৈতে তুলনা কৰিছিল। ১৮৭১ চনত ফ্ৰান্সৰ এক চিকিৎসামূলক বৰ্ণনাত নাৰীবাদী শব্দৰ উল্লেখ পোৱা যায়। এই বৰ্ণনা অনুসৰি, নাৰীবাদে যৌন অংগসমূহৰ বিকাশৰ বিৰতিৰ আৰু স্ত্ৰীসুলভ শৰীৰৰ বিশিষ্ট পুৰুষক সূচায়। আন এজন ফৰাচী লেখক আলেকজেণ্ডাৰ ডুমানচে মহিলাসকলক বৰ্ণনা কৰিবলৈনাৰীবাদী' শব্দৰ ব্যৱহাৰ কৰিছিল। ১৯৯৫ চনত ফ্ৰেইচে সুস্পষ্ট কৰি দিছিল যে চিকিৎসাবিজ্ঞানৰ ভাষাত, নাৰীবাদে পুৰুষৰ স্ত্ৰীসুলভতাক সূচায় আৰু ৰাজনৈতিক ভাষাত, এই নাৰীবাদ হৈছে মহিলাৰ পুৰুষত্বৰ প্ৰতীক। এইদৰে ১৯ শতিকাত এই ধৰণৰ লিঙ্গ সন্দেহে ত্ৰাসৰ সৃষ্টি কৰিছিল। এই শব্দৰ উদ্ভাৱনৰ পূৰ্বেই নাৰীবাদ চিন্তণ আৰু কাৰ্যৰ সূচনা হৈছিল। ১৮৪৮ চনৰ চেনেকা ফলচ্ কনভেনচন (Seneca Falls Convention) ৰ লগতে অবিভক্ত ৰাজ্যসমূহত মহিলা অধিকাৰ আন্দোলনৰ সূত্ৰপাত হৈছিল। আমেৰিকাৰ স্বাধীনতা ঘোষণাত (American Declaration of Independence) মহিলাৰ বাবে স্বাধীনতা আৰু সমতা দাবীৰ উত্থাপন কৰে। ব্ৰিটেইনটো, ১৮৪০ চনৰ পিছৰপৰা মহিলাৰ অসমতামূলক স্থিতি সমূহৰ বিৰুদ্ধে বহুতো ৰাজনৈতিক আন্দোলনৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰিও এই আন্দোলন বা ঘোষণাসমূহৰ পূৰ্বেও, ফৰাচী আন্দোলনে মহিলাসকলক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত কৰা প্ৰতিশ্ৰুতিসমূহ আহৰণৰ বাবে ১৭৯২ চনতে অলিম্পে ড॰ গোগ আৰু থেৰইগ'ডে মেৰীকৰ্টে বহু প্ৰচেষ্টা কৰে।
১৯ শতিকাৰ প্ৰাৰম্ভৰপৰা ২০ শতিকাৰ প্ৰথমাৰ্ধৰ পৰ্যায়ক নাৰীবাদৰ প্ৰথম ঢৌ বুলি কোৱা হয়। এই সময়ৰ অন্যতম ব্যক্তি এলিজাবেথ কেনভী ষ্টেণ্টন আৰু মাটিলদাহ গেগে মহিলাৰ অধিকাৰ সমূহৰ ৰক্ষণাবেক্ষণৰ বাবে বিবাহ বিচ্ছেদ নীতিৰ সমৰ্থন কৰিছিল। এই নীতিৰ বলবত্ৰ সমৰ্থনত তেওঁলোকে ইৰোকিইচ নীতিৰ উল্লেখ কৰিছিল যাৰ তাৎপৰ্য আছিল যে- নিৰ্বাসনৰ শাস্তি স্বৰূপে পুৰুষে তেওঁৰ পৰিয়ালক জৰিমণা প্ৰদান কৰা। মহিলাৰ আন্দোলনৰ প্ৰৱৰ্তকসকলে আমেৰিকাৰ স্থানীয় লোকসকলৰ পৰা পোৱা কিছুমান শুংসূত্ৰ যেনে- ইৰোকিউৰে শিক্ষা ব্যৱস্থা, যাৰ জৰিয়েতে মহিলাসকলে চৰকাৰৰ প্ৰতিনিধি হিচাপে এজন উপযুক্ত পুৰুষ নিৰ্বাচনৰ সুবিধা লাভ কৰে।[3]
দ্বিতীয় ঢৌত যুদ্ধবিৰতি আৰু অসামৰিক আন্দোলনৰ লগতে মহিলাসকলক সাঙুৰি পৃথিৱীৰ প্ৰান্তীয় দলসমূহৰ আত্ম-সজাগতাক সাঙুৰি লোৱা হয়। এই দ্বিতীয়টৌয়েই উন্নয়নশীল দেশৰ মহিলাসকলৰ দ্বাৰা 'ভগ্নীবোধ' আৰু মহিলাৰ সংহতিৰ বাবে কৰা সংঘৰ্ষৰ সাক্ষী। এই টৌৰ কিছুমান উল্লেখনীয় প্ৰমাণ— ১৯৬৪ চনৰ অসামৰিক অধিকাৰ আইনৰ (Civil Right Act 1964) সপ্তম ভাগৰ শীৰ্ষক ৰচনাংশ, মহিলাৰ জাতীয় সংগঠনৰ গঠন, ১৯৭২ চনৰ শৈক্ষিক সংশোধনৰ নৱম শীৰ্ষক ৰচনাংশ (Education Amendment 1972)।
১৯৯০ চনৰ পৰা বৰ্তমানলৈকে এই ঢৌ বাহাল আছে। তৃতীয় ঢৌৱে লিংগৰ ক্ষেত্ৰত থকা বাধাৰ সীমাবদ্ধতাক নোহোৱা কৰে। নাৰীবাদীসকলৰ মাজত ৰাজনৈতিক চিনাক্তকৰণৰ ক্ষেত্ৰত তৃতীয় ঢৌত সংঘাত আৰু মতভেদৰ সৃষ্টি হয়।
উদাৰমূলক নাৰীবাদ হৈছে নাৰীবাদৰ এক প্ৰধান প্ৰকাৰ বা আৰ্হি। নাৰীবাদ বিকাশৰ প্ৰথম ঢৌৰ অংশ হিচাপে এই প্ৰকাৰ নাৰীবাদৰ সৃষ্টি হৈছিল। নাৰীবাদৰ ই এক পৰম্পৰাগত ধাৰণা। নাৰীবাদৰ ক্ষেত্ৰত থকা অবৈজ্ঞানিক ধাৰণা সমূহ ই অস্বীকাৰ কৰে। এই প্ৰকাৰ নাৰীবাদে বিশ্বাস কৰে যে, নাৰীক পুৰুষতকৈ দুৰ্বল বুলি ভৱা সমাজৰ ধাৰণাটো মিছা। নাৰীক, পুৰুষৰ সমানে সম অধিকাৰ প্ৰদান কৰা দিশটোৰ ই সমৰ্থন কৰে। উদাৰমূলক নাৰাবাদে, উদাৰ মূলক বা সংস্কাৰমুক্ত ৰাজ্যৰ পৰিসীমাৰ ভিতৰত সম অধিকাৰৰ বাবে অভিযান চলোৱা সকলোকে অন্তৰ্ভুক্ত কৰি লয়। উদাৰমূলক নাৰীবাদীসকলৰ মতে, ৰাজ্যসমূহে মহিলাক অন্যান্য সুবিধাৰ লগতে সম নাগৰিকত্ব প্ৰদানৰ বাবে পৰামৰ্শ প্ৰদান কৰিব লাগে। আধুনিক উদাৰমূলক নাৰীবাদীসকলৰ মতে, পিতৃতান্ত্ৰিক সমাজে লিঙ্গ আৰু যৌনতাৰ ধাৰণাক একত্ৰিত কৰি, মহিলাসকলৰ বাবে মহিলাসুলভ স্বভাৱ বিশিষ্ট কাৰ্যহে প্ৰদান কৰে। উদাৰমূলক নাৰীবাদীসকলে বিশ্বাস কৰে যে,লিঙ্গ অন্ধবিশ্বাসৰ মূল ভেটি হৈছে মানুহৰ অজ্ঞতা আৰু শিক্ষা হৈছে একমাত্ৰ অস্ত্ৰ যাৰ জৰিয়তে অজ্ঞতাৰ ভেটিত গঢ় লৈ উঠা বৈষমতাক ৰোধ কৰিব পাৰি।
নাৰীবাদৰ আন এক প্ৰকাৰ আৰ্হি হৈছে মাৰ্ক্সবাদী নাৰীবাদ। এই প্ৰকাৰ নাৰীবাদে সামাজিক ন্যায় আৰু আৰ্থ-সামাজিক পাৰ্থক্যৰ ধাৰণাটোক একত্ৰিত কৰে। বহু শতিকা ধৰি মহিলাসকলক পুৰুষৰ সম্পত্তি হিচাপে গণ্য কৰা হৈছিল, লগতে বস্তুগত ধাৰণাৰ পৰিপ্ৰেক্ষিতত মহিলাসকলক পুঁজিবাদী যন্ত্ৰ প্ৰধান অস্ত্ৰ আখ্যা দিয়া হৈছিল। মাৰ্ক্সবাদী নাৰীবাদীসকলৰ মতে, লিঙ্গৰ পথসমূহ পুঁজিবাদী সমাজৰ ধ্বংসৰদ্বাৰা পৰিচালিত হয় কিয়নো পুঁজিবাদৰ শ্ৰেণী সম্পৰ্কসমূহে হৈছে মহিলাৰ পীড়ন আৰু শোষণৰ প্ৰধান কাৰক। মাৰ্ক্সবাদী নাৰীবাদীসকলে কৰ্মক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যা যেনে— অ-সম বেতন, পৰিয়াল বা বন্ধুসুলভ নীতিৰ অভাৱ ইত্যাদি ৰোধত বিশেষ গুৰুত্ব প্ৰদান কৰে। তেওঁলোকে বিশ্বাস কৰে যে, অৰ্থনৈতিক আৰু সাংস্কৃতিক পীড়ন ৰোধহে মহিলাসকলৰ বাবে প্ৰকৃত স্বীধানতা প্ৰদান কৰিব পাৰে। এইদৰে মাস্কবাদী নাৰীবাদীসকলে পুঁজিবাদ ব্যৱস্থাৰ উৎপাদন আৰু শ্ৰমৰ বিভাজনৰ পৰিপ্ৰেক্ষিতত লিঙ্গ অসমতা আৰু নাৰী পীড়নক একত্ৰিত কৰে। সেয়েহে, লিঙ্গ অসমতা ৰোধৰ বাবে এই প্ৰকাৰ নাৰীবাদে পুঁজিবাদী সমাজৰ ধ্বংসৰ সমৰ্থন কৰে।
এইপ্ৰকাৰ নাৰীবাদে সামাজিক ন্যায়ৰ লগত অৰ্থ সামাজিক পাৰ্থক্যক একত্ৰিত কৰে। এই প্ৰকাৰ নাৰীবাদক দ্বৈত পদ্ধতিৰ তত্ত্ব আখ্যা দিয়া হয়। এই প্ৰকাৰ নাৰীবাদে মহিলাৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু সাংস্কৃতিক পীড়ন ৰোধৰ বাবে নাৰী-পুৰুষৰ সমূহীয়া কাৰ্যক সমৰ্থন কৰে। এই প্ৰকাৰ নাৰীবাদৰ মতে পুৰুষৰ তুলনাত মহিলাৰ নিম্ন মৰ্যাদাৰ কাৰণ হৈছে মহিলাসকল আৰ্থিকভাৱে পুৰুষৰ ওপৰত নিৰ্ভৰশীল। যাৰ ফলত কৰ্মস্থলীত পুৰুষকৰ্মীসকলে নিম্ন বেতন প্ৰদানেৰে আৰু পৰিয়ালৰ মূল্যহীন মহিলাক শোষণৰ সুবিধা ভোগ কৰে। সেয়েহে সমাজবাদী নাৰীবাদীসকলে অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত মহিলাৰ মৰ্যাদা উন্নীতকৰণৰ সমৰ্থন কৰে। উদাৰবাদ আৰু মাস্কবাদৰ দৰে সমাজবাদী নাৰীবাদ প্ৰথম টৌৰ সৃষ্টিৰ ফল।
নাৰীবাদৰ ই এক প্ৰধান প্ৰকাৰ হৈছে মৌলবাদী নাৰীবাদ। নাৰীবাদ বিকাশৰ দ্বিতীয় টৌৰ ফলতে এই প্ৰকাৰ নাৰীবাদৰ সৃষ্টি হৈছিল। মৌলবাদী নাৰীবাদসকলৰ মতে সকলো সমাজত মহিলাৰ স্থান আৰু অনুভূতিসমূহ হৃদয়ঙ্গম কৰাৰ প্ৰধান ধাৰণাসমূহ হৈছে- ‘পিতৃতন্ত্ৰ’ আৰু ‘যৌনশ্ৰেণী’।
বিখ্যাত ব্ৰিটিছ দাৰ্শনিক, ৰাজনৈতিক অৰ্থনীতিবিদ জন ষ্টুয়াৰ্ট মিলএ দেখিবলৈ পালে যে, নাৰিসংক্ৰান্ত বিষয়াৱলী অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে তেওঁ নাৰীসকলৰ অধিকাৰ আদায়ৰ লক্ষ্যে লিখিবলৈ আৰম্ভ কৰে। এনেকৈয়ে তেওঁ প্ৰাৰম্ভিক নাৰীবাদী হিচাবে বিবেচিত হয়। ১৮৬১ চনত লিখিত আৰু ১৮৬৯ চনত প্ৰকাশিত The Subjection of women শীৰ্ষক নিবন্ধত নাৰীসকলক বৈধভাবে বশীভূতকৰণ বিষয়টিক ভুল প্ৰমাণিত কৰাৰ চেষ্টা কৰে।[4]