স্থাপত্যৰ সৈতে জড়িত নাৰীবাদী তত্ত্বই আইলিন গ্ৰেৰ দৰে মহিলা স্থপতিবিদৰ পুনৰ আৱিষ্কাৰৰ পথ প্ৰশস্ত কৰিছে। এই মহিলাসকলে এনে এক স্থাপত্যৰ কল্পনা কৰিছিল যিয়ে পৰম্পৰাগত পাৰিবাৰিক জীৱনশৈলীক প্ৰত্যাহ্বান জনাইছিল। তেওঁলোকে নাৰীবাদী তত্ত্ব বা দৃষ্টিভংগী বিবেচনা কৰি স্থাপত্যৰ অনুশীলন কৰিছিল। নাৰীবাদী তত্ত্বৰ জৰিয়তে স্থাপত্যৰ পুনৰ আৱিষ্কাৰ কেৱল মহিলা স্থপতিবিদসকলৰ মাজতে সীমাবদ্ধ নহয়। লে কৰ্বিজিয়েৰ আৰু এডলফ লুছৰ দৰে স্থপতিবিদসকলেও নাৰীবাদী তত্ত্বৰ জৰিয়তে নিজৰ স্থাপত্যৰ পুনৰ পৰীক্ষা কৰাইছিল।
২০ শতিকাৰ প্ৰথমাৰ্ধত কেইবাগৰাকীও গুৰুত্বপূৰ্ণ মহিলা স্থপতিবিদে পুৰুষৰ সৈতে অংশীদাৰিত্ব কৰিছিল। এইদৰে প্ৰায়ে স্বামী-স্ত্ৰীৰ স্থপতিবিদৰ এটা প্ৰথা গঠিত হৈছিল।[1] এনে অংশীদাৰিত্ব আৰম্ভ হোৱাৰ মূলতে আছিল প্ৰথমাৱস্থাত সফল বিবেচিত হোৱা কিছুমান সফল পুৰুষ স্থপতিবিদৰ সৈতে মহিলা জড়িতকৰণ। ১৯৬০ চনৰ পৰা স্থাপত্যৰ শিক্ষানুষ্ঠানত মহিলাৰ নামভৰ্তি বৃদ্ধি পাইছিল। এইবোৰ শিক্ষানুষ্ঠানতে পুৰুষ আৰু মহিলা ছাত্ৰ-ছাত্ৰীয়ে প্ৰায়ে লগ হৈছিল আৰু পৰৱৰ্তী সময়ত বিয়া হৈছিল। দীঘলীয়া সময় ধৰি একেলগে কাম কৰা আৰু এটা বিষয়ৰ প্ৰতি বিশেষ অনুৰাগ থকা এনে যুটিবোৰক "ৰোমাঞ্চৰ বাবে নিখুঁত নিদান-পত্ৰ" বুলি বৰ্ণনা কৰা হৈছিল।[2] এই বিষয়ে কিছু গুৰুত্বপূৰ্ণ আলোচনা এন ফৰচাইথৰ "In Praise of Zaha" ত আলোচনা কৰা হৈছে।[3]
ডলৰেছ হেডেনৰ গ্ৰন্থ ‘দ্য গ্ৰেণ্ড ডমেষ্টিক ৰিভল্যুচন’ত তেওঁ বৰ্ণনা কৰিছে যে কেনেকৈ এটা "হেৰুৱা নাৰী পৰম্পৰাই" মহিলা আৰু তেওঁলোকৰ পৰিয়ালৰ ঘৰুৱা কাম আৰু গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তাক পুনৰ সংজ্ঞায়িত কৰিছিল, যাৰ ফলত স্থপতিবিদ আৰু নগৰ পৰিকল্পনাকাৰীসকলে পাৰিবাৰিক জীৱনত ডিজাইনৰ প্ৰভাৱ পুনৰ বিবেচনা কৰিবলৈ বাধ্য হৈছিল।[4]
পৰিয়ালৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তাৰ এই ধাৰণাটো ট্ৰুচ শ্ৰডাৰ, আইলিন গ্ৰে আৰু লে কৰ্বিজিয়েৰৰ ভিলা ষ্টেইন ডি মনজিৰ ঘৰত দেখা যায়। পৰিয়ালৰ "আধুনিক" জীৱনে কেনেকৈ নতুন স্থাপত্যৰ দাবী কৰে তাৰ এক উৎকৃষ্ট উদাহৰণ ৰিটভেল্ড শ্ৰডাৰ হাউচ।
"শ্ৰ'ডাৰ হাউচ কেৱল কলাত্মক ডিজাইনৰ সৃষ্টিশীল কামেই নাছিল বৰঞ্চ ব্যৱহাৰকাৰীসকলক পাৰিবাৰিক জীৱন, নাৰীৰ অধিকাৰ আৰু ব্যক্তি আৰু ইজনে সিজনৰ দায়িত্বসমূহ পুনৰ সংজ্ঞায়িত কৰিব পৰাকৈ এক নতুন পৰিৱেশ প্ৰদান কৰিছিল।" [5]
চলন্ত দেৱাল আৰু বিভাজনে চেতনাৰ অনুভূতি আৰু সামগ্ৰিক অনুভৱ দিয়ে যে স্থাপত্যটো এটা বৃহত্তৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছিল। ট্ৰুছ শ্ৰডাৰ বিংশ শতিকাৰ ডাচ আৰু ইউৰোপীয় নাৰীবাদৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে, যিটো তেওঁৰ ঘৰৰ বাবে তেওঁৰ লক্ষ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
আইলিন গ্ৰেৰ এ-১০২৭ হৈছে স্থাপত্যত নাৰীবাদী তত্ত্ব প্ৰয়োগ হোৱাৰ আন এক উদাহৰণ।
শ্ৰ'ডাৰৰ দৰেই গ্ৰেইও এনে এটা স্থাপত্যৰ ডিজাইন কৰিছিল যিয়ে বাসিন্দা আৰু নতুন পাৰিবাৰিক গোটৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। গ্ৰেয়ে আধুনিক স্থাপত্যৰ আৰ্হিৰ ভিতৰত কাম কৰিছিল। উদাহৰণস্বৰূপে লেকৰ্বিজিয়াৰৰ "নতুন স্থাপত্যৰ ৫টা পইণ্ট"ৰ লগতে অট্টালিকা বা ঘৰৰ সমস্যাসমূহক অভিজ্ঞতা হিচাপে তেওঁ সমাধান কৰিছিল।[6]
এন ১০২৭ আৰু দ্য শ্ৰডাৰ হাউছৰ দৰেই ভিলা ষ্টেইন ডি মনজিকো নাৰীবাদী তত্ত্বৰ জৰিয়তে পুনৰ আৱিষ্কাৰ কৰা হৈছিল। এই ঘৰটো লিংগ সম্পৰ্কৰ আলোচনাৰ ধৰণ আৰু পুৰুষ-মহিলাৰ সম্পৰ্কৰ বিষয়ে নতুন ধৰণে আলোচনা কৰা পদ্ধতিৰ বাবেও সুপৰিচিত।[7]
নাৰীবাদী তত্ত্বত এই ঘৰটো বিশেষ গুৰুত্বপূৰ্ণ কিয়নো ই সাধাৰণ ঘৰুৱা গোট আৰু লিংগ সম্পৰ্কক প্ৰশ্ন কৰিছিল। বিবাহিত দম্পতী আৰু সন্তানৰ সৈতে এগৰাকী মহিলাকে ধৰি এই ঘৰুৱা গোটটোৱে ঘৰুৱা স্থানক লৈ প্ৰশ্ন উত্থাপন কৰে।