১৯ শতিকাৰ পৰাই নাৰীবাদী আন্দোলনৰ প্ৰতিটো “ঢৌ’’ৰ ভিতৰত নাৰীবাদৰ প্ৰতি উল্লেখযোগ্য সাংস্কৃতিক আৰু ৰাজনৈতিক সঁহাৰিত পুৰুষে অংশগ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত মহিলাসকলৰ বাবে এক পৰিসৰৰ সামাজিক সম্পৰ্কত সম-সুযোগ স্থাপন কৰিব বিচৰাটোও অন্তৰ্ভুক্ত, যি সাধাৰণতে পুৰুষ বিশেষাধিকাৰৰ “কৌশলগত লাভালাভ’’ৰ লগত সম্পৰ্কিত।
সোতৰ আৰু অষ্টাদশ শতিকাৰ ভিতৰত ফ্ৰান্সৰ পৰা ফ্ৰান্সোৱা প’লেইন ডি লা বাৰে, ডেনিছ ডিডেৰ’ট, পল হেনৰী থিৰি ডি হোলবাক আৰু চাৰ্লছ লুই ডি মণ্টেস্কিউকে ধৰি নাৰীবাদী সমৰ্থক লেখকৰ অধিকাংশই উদ্ভৱ হৈছিল।[1]মণ্টেস্কিউৱে নাৰী চৰিত্ৰৰ প্ৰৱৰ্তন কৰিছিল, যেনেঃ পাৰ্চী চিঠিৰ ৰ’ক্সানা, যিয়ে পিতৃতান্ত্ৰিক ব্যৱস্থাক বিধ্বস্ত কৰিছিল আৰু নিৰ্ভীকতাৰ বিৰুদ্ধে তেওঁৰ যুক্তিসমূহক প্ৰতিনিধিত্ব কৰিছিল। ১৮ শতিকাত পুৰুষ দাৰ্শনিকসকলে মানৱ অধিকাৰৰ বিষয়সমূহৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু মাৰ্কিছ ডি কণ্ডৰ্চেটৰ দৰে পুৰুষে মহিলা শিক্ষাৰ অগ্ৰাধিকাৰত ভূমিকা লৈছিল। জেৰেমি বেনথামৰ দৰে উদাৰবাদীসকলে সকলো অৰ্থতে নাৰীৰ বাবে সম অধিকাৰৰ দাবী কৰিছিল, কাৰণ মানুহে ক্ৰমান্বয়ে বিশ্বাস কৰিবলৈ ধৰিছিল যে আইনৰ অধীনত মহিলাৰ লগত অন্যায় ব্যৱহাৰ কৰা হয়।[1]
১৯ শতিকাত নাৰী সংগ্ৰামৰ প্ৰতিও সজাগতা সৃষ্টি হৈছিল। ব্ৰিটিছ আইনী ইতিহাসবিদ ছাৰ হেনৰী মেইনে তেওঁৰ প্ৰাচীন আইন (১৮৬১)ত পিতৃতন্ত্ৰৰ অনিবাৰ্যতাক সমালোচনা কৰিছিল।[1]১৮৬৬ চনত দ্য ছাবজেকচন অৱ উইমেনৰ লেখক ষ্টুয়াৰ্ট মিলে ব্ৰিটিছ সংসদত মহিলাৰ আবেদন দাখিল কৰে আৰু ১৮৬৭ চনৰ সংস্কাৰ বিধেয়কৰ সংশোধনীৰ সমৰ্থন কৰে। যদিও তেওঁৰ প্ৰচেষ্টা বিবাহিত মহিলাৰ সমস্যাৰ ওপৰত কেন্দ্ৰিত আছিল, তথাপিও ভিক্টোৰিয়ান মহিলাসকলৰ বাবে বিবাহ স্বাধীনতা, অধিকাৰ আৰু সম্পত্তিৰ বলিদানৰ ওপৰত নিৰ্ভৰশীল বুলিও তেওঁৰ প্ৰচেষ্টাক স্বীকাৰ কৰা হৈছিল। নাৰী আন্দোলনৰ লগত তেওঁৰ ঘনিষ্ঠতা হেৰিট টেইলৰৰ লগত হোৱা দীৰ্ঘদিনীয়া বন্ধুত্বৰ পৰাই উদ্ভৱ হৈছিল, যাক অৱশেষত তেওঁ বিয়া কৰাইছিল।
পুৰুষৰ মুক্তি আন্দোলন হৈছে ১৯৬০-৭০ চনৰ শেষৰ ফালে আৰম্ভ হোৱা এক সামাজিক আন্দোলন। .[2] পুৰুষৰ মুক্তি কৰ্মীসকল সাধাৰণতে নাৰীবাদীসকলৰ দৃষ্টিভংগীৰ প্ৰতি সমৰ্থক। পুৰুষৰ মুক্তি আন্দোলনে পৰম্পৰাগত পুৰুষত্বৰ নেতিবাচক অংশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সামগ্ৰিকভাৱে পুৰুষ মুক্তি আন্দোলন আৰু পুৰুষৰ অধিকাৰ আন্দোলন সম্পূৰ্ণ বেলেগ। অধিকাৰ আন্দোলনত পুৰুষৰ প্ৰতি অসমান বা অন্যায় ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হৈছে। আনহাতে মুক্তি আন্দোলনত পুৰুষক ষ্টীৰিঅ’টাইপৰ পৰা মুক্তিৰ বিষয়ে কোৱা হয়, যিয়ে তেওঁলোকক কেৱল “পুৰুষ” হোৱাৰ বাবেই নিজৰ অনুভৱ আৰু আৱেগ প্ৰকাশ কৰিবলৈ বাধা দিয়ে। নাৰীবাদী আৰু লিংগ পণ্ডিতসকলে বিশ্বাস কৰে যে তেতিয়া ঘটি থকা সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনাবলৈ বিষমযৌন মধ্যবিত্তীয় পুৰুষৰ মাজত মুক্তি আন্দোলনৰ সৃষ্টি কৰা হৈছিল।[3]
পুৰুষৰ মুক্তি আন্দোলন ১৯৭০ চনৰ আৰম্ভণিতে চেতনা উত্থাপনকাৰী গোট হিচাপে আৰম্ভ হৈছিল যাতে পুৰুষক যৌন ভূমিকাৰ সীমাৰ পৰা নিজকে মুক্ত কৰাত সহায় কৰে। পুৰুষৰ মুক্তিৰ সমৰ্থকসকলে যুক্তি দিছিল যে পুৰুষৰ বন্ধন হৈছে পুৰুষৰ পৰিচয়ক একক পুৰুষত্ববোধৰ সৈতে মিলাই দিয়াৰ এক ব্যৱস্থা, যিয়ে পিতৃতন্ত্ৰক শক্তিশালী কৰে। এনে বন্ধনৰ পৰিৱৰ্তে পুৰুষৰ মুক্তি আন্দোলনে পুৰুষত্বৰ পৰিণতিসমূহ মুকলিকৈ স্বীকাৰ কৰাৰ আহ্বান জনাইছিল য’ত পুৰুষক নিউক্লিয়াৰ পৰিয়ালৰ জীৱিকা হিচাপে নিজৰ নিৰ্দিষ্ট ভূমিকাত আবদ্ধ হোৱা আৰু পুৰুষে আৱেগ প্ৰকাশ কৰাৰ বিৰুদ্ধে নিষেধাজ্ঞাও সন্নিৱিষ্ট। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই আন্দোলনৰ উদ্দেশ্য আছিল পুৰুষসকলে নিজৰ পুৰুষত্ব বজাই ৰাখি নিজৰ আৱেগৰ বিষয়ে মুকলিকৈ কোৱাটোক গ্ৰহণযোগ্য কৰি তোলা।
১৯৮০ চনত পুৰুষৰ মুক্তি আন্দোলনৰ পৰা বিচ্ছিন্ন হোৱা এটা বিভাজন হিচাপে পুৰুষৰ অধিকাৰ আন্দোলন গঠন কৰা হৈছিল, নাৰীবাদৰ প্ৰতি প্ৰতিক্ৰিয়াৰ অংশ হিচাপে।[4][5][6] এই গোটটোৱে দাবী কৰিছিল যে নাৰীবাদৰ ফলত পুৰুষৰ অধিকাৰ হ্ৰাস পাইছে, পৰম্পৰাগত নাৰীসুলভ বিশেষাধিকাৰসমূহ আঁতৰাই নাৰীবাদী অগ্ৰগতিৰ ভাৰসাম্য ৰক্ষা কৰা হোৱা নাই আৰু পুৰুষসকলে নিজৰ পুৰুষত্বক পুনৰ সজীৱ কৰি নিজকে শক্তিশালী কৰিব লাগে।[5]
পুৰুষক নাৰীবাদী হিচাপে গণ্য কৰিব পাৰি নে নোৱাৰে সেই লৈ নাৰীবাদী আন্দোলন বিভক্ত। পুৰুষ-বৰ্জনকাৰী নাৰীবাদীসকলে বিশ্বাস কৰে যে পুৰুষ প্ৰকৃত নাৰীবাদী হ’ব নোৱাৰে কাৰণ তেওঁলোকৰ নাৰী হিচাপে জীয়াই থকাৰ অভিজ্ঞতা নাথাকে, যেনে: নাৰীয়ে মুখামুখি হোৱা বৈষম্য আৰু কু-সংস্কাৰৰ ঘটনাৰ সৈতে তেওঁলোক অপৰিচিত।[7] তেওঁলোকে এইটোও বিশ্বাস কৰিব পাৰে যে পুৰুষ নাৰীবাদীসকলৰ গোপন উদ্দেশ্য থাকিব পাৰে বা তেওঁলোকৰ নাৰীবাদত অনান্তৰিক ("পাৰফৰ্মেটিভ") হ'ব পাৰে।
অৱশ্যে নাৰীবাদী লেখিকা শ্বিৰা টাৰাণ্টে যুক্তি দিয়াৰ দৰে ইতিহাসৰ কেইবাজনো পুৰুষে নাৰীবাদী আন্দোলনৰ সৈতে জড়িত হৈ অৰিহণা যোগাইছে।[8] সম্প্ৰতি মাইকেল ফ্লাড, মাইকেল মেছনাৰ, মাইকেল কিমেলৰ দৰে শিক্ষাবিদসকল পুৰুষৰ অধ্যয়ন আৰু নাৰীবাদৰ সৈতে জড়িত।[9][10]<ref>