নাৰীবাদী দৰ্শন (ইংৰাজী: Feminist Philosophy) হ'ল নাৰীবাদী দৃষ্টিকোণৰ পৰা দৰ্শনৰ এক দৃষ্টিভংগী। ইয়াৰ উপৰিও ই নাৰীবাদী বিষয় আৰু প্ৰশ্নৰ ক্ষেত্ৰত দাৰ্শনিক পদ্ধতিৰ ব্যৱহাৰ।[1] নাৰীবাদী দৰ্শনত নাৰীবাদী আন্দোলনৰ পৰিপূৰক হিচাপে দাৰ্শনিক গ্ৰন্থ আৰু পদ্ধতিৰ পুনৰ ব্যাখ্যা কৰা আৰু নাৰীবাদী কাঠামোৰ ভিতৰৰ পৰা পৰম্পৰাগত দৰ্শনৰ ধাৰণাক সমালোচনা বা পুনৰ মূল্যায়ন কৰাৰ প্ৰয়াস দুয়োটাই জড়িত হৈ থাকে।[2]
নাৰীবাদী দৰ্শনক লিংগৰ প্ৰতি থকা এক কেন্দ্ৰীয় চিন্তাই একত্ৰিত কৰিছে।[3] এই একত্ৰীকৰণৰ বৈশিষ্ট্যসমূহৰ বাহিৰেও নাৰীবাদী দৰ্শন হৈছে বিভিন্ন দৃষ্টিভংগীৰ পৰা বহুতো বিষয় সামৰি লোৱা এক বৈচিত্ৰময় ক্ষেত্ৰ। নাৰীবাদী দৰ্শনে জাতি, যৌনতা, আৰ্থ-সামাজিক শ্ৰেণী আৰু পৰিচয়ৰ অন্যান্য কাৰকে লিংগ বৈষম্যক কেনেদৰে প্ৰভাৱিত কৰে, সেই বিষয়ে বুজায়।[4] নাৰীবাদী দাৰ্শনিকসকল দাৰ্শনিক হিচাপে বিশ্লেষণাত্মক আৰু মহাদেশীয় পৰম্পৰা দুয়োটাতে পোৱা যায় আৰু সেই পৰম্পৰাসমূহৰ ভিতৰত দাৰ্শনিক বিষয়সমূহৰ ওপৰত অসংখ্য ভিন্ন দৃষ্টিভংগী গ্ৰহণ কৰা হয়। নাৰীবাদী দাৰ্শনিকসকল নাৰীবাদী হিচাপে নাৰীবাদৰ ভিন্ন ধৰণত অন্তৰ্ভূক্ত হ'ব পাৰে।[2]
নাৰীবাদী দৰ্শনৰ তিনিটা মূল উদ্দেশ্য হ’ল:
ক) নাৰীবাদী চিন্তা আৰু দৃষ্টিভংগীৰ বিষয়ক তত্ত্ব দাৰ্শনিক পদ্ধতি আৰু তত্ত্বৰ ওপৰত আধাৰিত। ইয়াৰ ভিতৰত পৰিচয় সম্পৰ্কীয় ধাৰণাসমূহৰ (যেনেঃ জাতি, আৰ্থ-সামাজিক অৱস্থা, লিংগ, যৌনতা, ক্ষমতা, আৰু ধৰ্ম) আৰু নাৰীবাদী তত্ত্বৰ ভিতৰত অতি ব্যাপকভাৱে ব্যৱহৃত আৰু অধিক ব্যাপকভাৱে তত্ত্বগত ধাৰণাসমূহৰ দাৰ্শনিক বিশ্লেষণ প্ৰদান কৰাটোও অন্তৰ্ভুক্ত হ’ব পাৰে। নাৰীবাদী দৰ্শন লিংগ সমতাৰ যুক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস হৈ আহিছে।
খ) দাৰ্শনিক পৰম্পৰাৰ ভিতৰত যৌনতাবাদ আৰু এণ্ড্ৰকেন্দ্ৰিকতাবাদৰ অনুসন্ধান। ইয়াৰ লগত সাধাৰণতে দাৰ্শনিক নীতি-নিয়মৰ অংশ হিচাপে শ্ৰেণীভুক্ত কৰা গ্ৰন্থ আৰু তত্ত্বসমূহৰ সমালোচনা জড়িত হ’ব পাৰে। বিশেষকৈ নাৰী আৰু নাৰীৰ অভিজ্ঞতাৰ উপস্থাপন বা দাৰ্শনিক পৰম্পৰাৰ পৰা নাৰীক বাদ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা। আন এটা উল্লেখযোগ্য ধাৰা হ’ল বহু মহিলা দাৰ্শনিকৰ কামৰ পুনৰ্আৱিষ্কাৰ, যাৰ অৱদানক স্বীকৃতি দিয়া হোৱা নাই।
গ) দাৰ্শনিক পৰম্পৰাৰ ওপৰত তেওঁলোকৰ সমালোচনাত্মক অনুসন্ধানৰ পোহৰত বৰ্তমানৰ প্ৰশ্নসমূহৰ নতুন দৃষ্টিভংগীৰ সন্ধান আৰু নতুন প্ৰশ্ন আৰু গৱেষণাৰ ক্ষেত্ৰসমূহৰ সৈতে দৰ্শনত অৰিহণা যোগোৱা আৰু লিংগৰ প্ৰতি তেওঁলোকৰ চিন্তা প্ৰতিফলিত কৰা।[3]
বিংশ শতিকাৰ আগতে নাৰীবাদী দৰ্শনৰ অস্তিত্ব আছিল যদিও ১৯৬০ আৰু ১৯৭০ চনৰ দ্বিতীয় ঢৌৰ নাৰীবাদৰ চিন্তা-চৰ্চাৰ সম্পৰ্কত ইয়াক 'লেবেল' লগোৱা হৈছিল। দ্বিতীয় ঢৌৰ সময়ত বহুতো তত্ত্বই মূলতঃ কৰ্মক্ষেত্ৰ আৰু শিক্ষাত লিংগ সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[5]