নিচুকনি গীত বুলিলে সাধাৰণতে কোমলমতি শিশুৰ মন ভুলাই ৰাখিবলৈ বা টোপনি নিয়াবলৈ গোৱা নাতিদীৰ্ঘ অথবা নাতিহ্ৰস্ব গীতকে বুজোৱা হয়। শিশুৰ মানসিক জগত খনৰ সৈতে সংগতি ৰাখি সহজ-সৰল ভাবে এই গীতবোৰ ৰচনা কৰা হয়।
নিচুকনি গীতৰ বৈশিষ্ট্য হ’ল যে এইবোৰক সহজে মনত ৰাখিব পাৰি। এইবোৰ গীতৰ বিভিন্ন কথাৰ মাজত কোনো অংগাংগী সম্পৰ্ক দেখা নাযায়। কেতিয়াবা একো একোটা গীত একোটা সৰু সাধু কথা বা লোক-কাহিনীৰ অৱতাৰণা কৰা দেখা যায়। শিশুৰ মনক বান্ধি ৰাখিব পৰাকৈ মোহনীয় সুৰ তথা অপূৰ্ব শব্দচয়নেৰে গীতবোৰ ৰচনা কৰা হয়। এনেবোৰ গীতত যুক্তিতকৈ অলীক কল্পনাকহে অধিক প্ৰাধান্য দিয়া হয়। অনাখৰী মানুহৰ কল্পনা, ধাউতি আৰু সৃষ্টিৰ হাবিয়াসতেই সৃষ্টি হয় নিচুকনি গীতৰ। নিচুকনি গীতবোৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্যৰ নহয়, প্ৰায়বোৰেই নাতিদীৰ্ঘ হয় আৰু ইয়াৰ কাৰণ হিচাপে ক’ব পাৰোঁ যে চুটি হ’লেহে এইবোৰে শিশুৰ মন গহনত অবিচ্ছিন্ন ভাবে দোলা দিব পাৰে। ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায় যে কিছুমান নিচুকনি গীতত একো একোটা অৰ্ন্তনিহিত তাৎপৰ্যও থাকে। কেতিয়াবা দুই এটা নিচুকনি গীতত ইতিহাস তথা সমাজ-ব্যৱস্থাৰ সজীৱ চিত্ৰ দেখা পোৱা যায়।
নিচুকনি গীতৰ ইংৰাজী প্ৰতিশব্দ হৈছে "Lullaby"। এই শব্দটোৰ উৎস সম্পৰ্কে বহুতো তথ্য পোৱা যায়। তাৰ ভিতৰত এটা তথ্যৰ মতে ১০৭২ চনত তুৰ্কী লেখক মেহমুদ–আল-কাছগিৰিয়ে পোন প্ৰথম বাৰৰ বাবে তেওঁৰ "Diwanu-I-Lugat-Al-Turk" নামৰ গ্ৰন্থখনত "Balubalu" ৰ কথা উল্লেখ কৰে যাৰ অৰ্থ নিচুকনি গীত। আন এক তথ্য অনুসৰি হিব্ৰু ভাষাৰ "Lilith Bye, Lilith Abi (Lilith degon)" ৰ পৰাও ইয়াৰ উৎপত্তি হোৱা বুলি কোৱা হৈছে। ইহুদী সকলে বিশ্বাস কৰিছিল যে এজন শক্তিশালী অপদেৱতা যি ৰাতি ৰাতি শিশুৰ আত্মা (টোপনি)চুৰ কৰি ফুৰিছিল। সেই দেৱতাৰ কুদৃষ্টিৰ পৰা শিশুটিক আঁতৰাই ৰাখিবৰ বাবে ঘৰত তাবিজৰ লগতে ’’Lilith Abi’’ লিখি একেলগে ৰাখিছিল। এই শব্দটোৰ পৰাও ইংৰাজী ’’Lullaby’’ শব্দটোৰ উৎপত্তি হোৱা বুলি ভবাৰ থল নথকা নহয়।
ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰচলিত ভাষা সমূহৰ নিচুকনি গীতৰ নামকৰণত ভিন্নতা দেখা যায়। উদাহৰণ স্বৰূপে:
পৃথিৱীৰ আন ঠাইৰ দৰে অসমতো নিচুকনি গীতৰ প্ৰচলন অতীজৰে পৰা হৈ আহিছে। শিশুক নিচুকাবলৈ সৃষ্টি হোৱা এইবোৰ গীতৰ মাজেৰে শিশুৰ মনৰ কল্পনা মাতৃ হৃদয়ৰ অভিব্যক্তি, আশা-আকাংক্ষা, মৰম-চেনেহ আৰু কৃষিজীৱী মানুহৰ সৰু সৰু সপোন তথা হা-হুতাশবোৰৰ চিত্ৰ দেখা পোৱা যায়। কল্পনা শক্তিৰ মায়া জালেৰে আবৃত এই গীতবোৰে শিশুসকলক অনুসন্ধিৎসুপ্ৰৱণ কৰি তোলে। অসমীয়া নিচুকনি গীতৰ উদাহৰণ-
আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব
আমাৰে মইনাই বুটলি খাব।
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
শিয়ালীৰ মুৰতে মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ
অসমৰ বিভিন্ন জাতি জনজাতিৰ মাজতো নিচুকনি গীতৰ প্ৰচলন দেখা পোৱা যায়। তলত দুটামান উদাহৰণ উল্লেখ কৰা হ’ল-
ফেচুদোলা, মামাথেৰ বাৰীক গেলা
আম খালা, কাঠাল খালা
মামাথেৰ ঘৰোত কি পালা?
মাইমে বোলে চিঃ চিঃ ভাগিন আইছি বইহবা দি
নেদো পিৰা বহক মাটিত, কাঠপিপৰাই কামৰক কটিত।
ফেচুদোলা, মামাথেৰ বাৰীক গেলা
ফুল দেখি চমাক খালা
ফুলোক লাগি মেললা হাত
ফুল গেল ওঠৰ হাত। (নলবাৰী জিলা)
আহ আহ জোন কাকা
তোৰ চাৰিপোণ মোৰ চাৰিপোণ
ঘুগৰা গাথো আহ
ঘুগৰা বোলে ৰুণুৰঝুনুৰ
বৰ আইৰ হবাৰ বেলা
বৰে দিব বৰ কাপুৰ
কইনাই দিব মালা। (গোৱালপাৰা জিলা)
আইৰে বাণ্ডিয়া শিয়াল
ঘৰ পিণ্ডাৰে থাক
বাবুৰ মা জলকে গেলে
বাবুৰ কাণ কাট। (চাহ জনজাতি)
আহ জোনাকী আহ
উৰি উৰি আহ
তৰা পাততে ভাত দিম
ইছা মাছৰ জোল দিম
তাৰ তলতে বান্ধি থ’ম
ৰাতিপুৱালৈ এৰি দিম। (কোচ সকলৰ নিচুকনি গীত)
|