নিতিন বসু | |
---|---|
![]() বসুৰ সোঁৱৰণত প্ৰকাশ কৰা ডাকটিকট, ২০১৩ | |
জন্ম | ২৬ এপ্ৰিল, ১৮৯৭ দাশনগৰ, হাওৰা, বেংগল প্ৰেছিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান পশ্চিম বংগ) |
মৃত্যু | ১৪ এপ্ৰিল, ১৯৮৬ (৮৮ বছৰ) কলকাতা,পশ্চিম বংগ |
পেচা | চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী, চিত্ৰনাট্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৩০-১৯৭২ |
নিতিন বসু (ইংৰাজী: : Nitin Bose ; ২৬ এপ্ৰিল ১৮৯৭-১৪ এপ্ৰিল ১৯৮৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্যকাৰ। তেওঁৰ জন্ম কলিকতাত আৰু মৃত্যুও একেখন চহৰতে হয়। ১৯৩০ৰ দশক আৰু ১৯৪০ দশকৰ প্ৰথমৰ ফালে বঙালী আৰু হিন্দী দুয়োটা ভাষাতে ছবি নিৰ্মাণ কৰা নিউ থিয়েটাৰৰ সৈতে কাম কৰিছিল। পিছলৈ তেওঁ বম্বেলৈ গুচি যায় আৰু তাত বম্বে টকীজ আৰু ফিল্মীস্তানৰ বেনাৰত ছবি পৰিচালনা কৰে।
ভাৰতীয় ছবিত প্লেবেক গায়ন পদ্ধতিৰ প্ৰথম ব্যৱহাৰ হয় নিতিন বসু পৰিচালিত ১৯৩৫ চনত মুক্তি পোৱা বঙালী ছবি ভাগ্যচক্ৰত। একে বছৰতে ইয়াৰ হিন্দী পুনৰ্নিৰ্মাণ ধূপ ছাঁৱতো প্লেবেক গায়ন পদ্ধতি ব্যৱহাৰ হৈছিল।। তেওঁৰ আটাইতকৈ পৰিচিত চলচ্চিত্ৰখন হৈছে গংগা যমুনা।
নিতিন বসু বঙালী উদ্যোগপতি হেমেন্দ্ৰ মোহন বসু আৰু মৃণালিনী বসুৰ পুত্ৰ। মৃণালিনী কবি সুকুমাৰ ৰায়ৰ পিতৃ আৰু চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ ককাক লেখক উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীৰ ভগ্নী । তেওঁৰ আন এগৰাকী সম্পৰ্কীয় ভগ্নী আছিল কিংবদন্তি শিশু লেখিকা লীলা মজুমদাৰ।
বসুৰ শৈশৱৰ পৰাই ফটোগ্ৰাফীৰ প্ৰতি যথেষ্ট আগ্ৰহ আছিল। তেওঁৰ দেউতাক এজন পাৰদৰ্শী ফটোগ্ৰাফাৰ আছিল আৰু তেওঁৰ পুত্ৰৰ ফটোগ্ৰাফী সম্পৰ্কীয় আগ্ৰহক পৰিপুষ্টি দান কৰিছিল। [1]
বসুৰ প্ৰথম চলচ্চিত্ৰ পৰিচালনা আছিল বেলজিয়ামৰ সম্ৰাটৰ ভাৰত ভ্ৰমণ (১৯২১) বিষয়ক এখন তথ্যচিত্ৰ।১৯২৬ চনত পুনৰ্জন্ম শীৰ্ষক এখন নিৰ্বাক চলচ্চিত্ৰ যোগে বসুৱে এজন চিনেমাটোগ্ৰাফাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।[2] নিউ থিয়েটাৰ্ছৰ বেনাৰত চিনেমাট’গ্ৰাফাৰ হিচাপে তেওঁৰ প্ৰথম ছবি দেৱদাস (১৯২৮)। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিচালিত, স্বৰচিত নৃত্য-নাটিকাৰ আধাৰত নিৰ্মিত একমাত্ৰ ছবি নতিৰ পূজাৰো (১৯৩২) চিনেমাটোগ্ৰাফাৰ আছিল।
পৰিচালক দেৱকী বসুৰ সৈতে তেওঁ ঘনিষ্ঠভাৱে কাম কৰিছিল। কিন্তু পিছত দেৱকী বসুৱে সীতা (১৯৩৪) নিৰ্মাণৰ বাবে সাময়িকভাৱে নিউ থিয়েটাৰ এৰি মদন থিয়েটাৰলৈ যায়। এনে সময়ত নিউ থিয়েটাৰৰ প্ৰযোজক বি এন ছিৰকাৰে নিতিন বসুক চলচ্চিত্ৰ পৰিচালনাত হাত দিবলৈ কয়। দেৱকী বসুৰ বঙালী ভাষাত নিৰ্মিত চণ্ডিদাসৰ (১৯৩২) হিন্দী পুনৰ্নিমানৰ (১৯৩৪) যোগেদি নিতিন বসুৱে পৰিচালনাৰ কাম আৰম্ভ কৰে।[1]
১৯৩৫ চনত মুক্তি পোৱা তেওঁৰ ছবি ভাগ্যচক্ৰ প্লেবেক গায়ন পদ্ধতি ব্যৱহাৰ কৰা প্ৰথম ভাৰতীয় ছবি। ছবিখনত কণ্ঠদান কৰা শিল্পীসকল আছিল কে চি দে, পাৰুল ঘোষ আৰু সুপ্ৰভা চৰকাৰ।[2] এই ছবিখন ধূপ ছাঁৱ নামেৰে হিন্দী ভাষাতো পুনৰ নিৰ্মাণ কৰা হয়, যিখন আছিল প্লেবেক গায়ন পদ্ধতি ব্যৱহাৰ কৰা প্ৰথমখন হিন্দী ছবি।[3] বসুৱেই প্ৰথম প্লেবেক পদ্ধতিৰ কথা চিন্তা কৰে। তেওঁ সংগীত পৰিচালক ৰায়চন্দ বৰালৰ সৈতে আলোচনা কৰে আৰু নিউ থিয়েটাৰত শব্দ গ্ৰহণকাৰী ভাতৃ মুকুল বসুৱে তেওঁৰ এই চিন্তা কাৰ্যকৰী কৰে।[4]
কাশীনাথ (১৯৪৩) নিৰ্মাণৰ সময়ত বসুৰ বি এন ছিৰকাৰৰ সৈতে ভুল বুজাবুজি হয়। ছবিখন সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ আৰু নিউ থিয়েটাৰলৈ ঘূৰি নগ’ল; অথচ এই প্ৰতিষ্ঠানটোৰ সৈতে তেওঁ ১৯৩১ চনৰ পৰা ঘনিষ্ঠভাবে জড়িত হৈ আছিল।[1]
বম্বে টকীজৰ বেনাৰত বসুৰ প্ৰথমখন পৰিচালিত ছবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত নৌকাডুবি (১৯৪৭)। এই ছবিখনৰ এটা হিন্দী সংস্কৰণো নিৰ্মাণ কৰা হৈছিল; নাম দিয়া হৈছিল মিলন, য’ত দিলীপ কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ পৰৱৰ্তী ছবি দৃষ্টিদানৰ (১৯৪৮) যোগে পিছলৈ বঙালী ছবিৰ চুপাৰষ্টাৰ ৰূপে পৰিগণিত হোৱা উত্তম কুমাৰে আত্মপ্ৰকাশ কৰে।
১৯৬০-ৰ দশকত বসুৱে ফিল্মীস্তানৰ বেনাৰত কেইবাখনো ছবি পৰিচালনা কৰে। তেওঁৰ গংগা যমুনা (১৯৬১) এতিয়াও ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বকালৰ ব্লকবাষ্টাৰ ছবিসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[5]