নিত্যানন্দ | |
---|---|
নৱদ্বীপৰ নিতাই বাড়িত (ঘৰত) অৱস্থিত শ্ৰী নিত্যানন্দ প্ৰভুৰ কাঠৰ প্ৰতিমূৰ্তি | |
জন্ম | ১৪৭৪ খ্ৰীষ্টাব্দ একচক্ৰা, বংগ চুলতানী (বৰ্তমান পশ্চিম বংগ, ভাৰত) |
মৃত্যু | ১৫৪০ খ্ৰীষ্টাব্দ |
গুৰু | মাধৱেন্দ্ৰ পুৰী (মন্ত্ৰ গুৰু) |
দৰ্শন | ভক্তি যোগ, অচিন্ত্য ভেদ অভেদ |
নিত্যানন্দ প্ৰভু (ইংৰাজী: Nityananda) বা নিতাই গৌড়ীয় বৈষ্ণৱ ধৰ্মৰ মতে শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামৰ অৱতাৰ। তেওঁ চৈতন্য মহাপ্ৰভুৰ মুখ্য আৰু অন্তৰংগ পাৰ্ষদ বা সংগী আছিল। চৈতন্য মহাপ্ৰভু আৰু নিত্যানন্দ প্ৰভু দুয়োকে একেলগে গৌৰ-নিতাই বা নিমাই-নিতাই বোলা হয়।[1] বৈষ্ণৱ পঞ্চতত্ত্বৰ ভিতৰত নিত্যানন্দ অন্যতম। নিত্যানন্দ প্ৰভুক নিত্যানন্দ ৰাম বুলিও জনা যায়।
গৌড়ীয়-বৈষ্ণৱ পৰম্পৰা অনুসৰি নিত্যানন্দ হৈছে বলৰামৰ অৱতাৰ। শ্ৰী কৃষ্ণৰ অৱতাৰ চৈতন্য মহাপ্ৰভু তেওঁৰ চিৰন্তন ভাতৃ আৰু বন্ধু।[2] তেওঁক স্বয়ং ভগৱানৰ "অতি দয়ালু" অৱতাৰ বুলি গণ্য কৰা হয় স্বয়ং ভগৱান এ.চি. ভক্তিবেদন্ত স্বামীয়ে জনপ্ৰিয় কৰা এটা শব্দ।[3]
১৪৭৪ চনৰ মাঘ মাহৰ শুক্লপক্ষৰ ত্ৰয়োদশী তিথিত বীৰভূম জিলাৰ একচক্ৰ গাঁৱত হাড়াই পণ্ডিত আৰু পদ্মৱতীৰ ঘৰত প্ৰভু নিত্যানন্দয়ে জন্মগ্ৰহণ কৰিছিল।[4][5] তেওঁৰ পূৰ্বৰ নাম আছিল কুবেৰ। তেওঁৰ কেইবাজনো ভাতৃ আছিল। বৈষ্ণৱ ভজন গোৱাৰ প্ৰতি তেওঁৰ ভক্তি আৰু প্ৰতিভা অতি কম বয়সৰ পৰাই স্পষ্ট হৈ পৰিছিল। শৈশৱত তেওঁ আন ল’ৰাৰ সৈতে ভগৱান ৰামৰ লীলাৰ পুনঃনিৰ্মাণত ৰামৰ কনিষ্ঠ ভাতৃ লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল।
১২ বছৰ বয়সত তেওঁ গৃহত্যাগ কৰে। তাৰ পিছত তেওঁ সন্ন্যাসী লক্ষ্মীপতি তীৰ্থৰ সৈতে তীৰ্থযাত্ৰালৈ যায়। নিতাইৰ পিতৃয়ে সন্ন্যাসীজনক উপহাৰ হিচাপে কিবা এটা দিব বিচৰাত লক্ষ্মীপতি তীৰ্থই উত্তৰ দিছিল যে তেওঁক তীৰ্থযাত্ৰা আৰু ভ্ৰমণত সহায় কৰিবলৈ কোনোবা এজনৰ প্ৰয়োজন আৰু ইয়াৰ বাবে নিতাই উত্তম হ’ব। এই কথা কওঁতে হাড়াই পণ্ডিতে নিতাইৰ পৰা বিচ্ছেদ হোৱাৰ কথা ভাবি দুখ কৰিছিল। কিন্তু অৱশেষ তেওঁ মান্তি হ'ল নিতাইয়ে তেওঁৰ যাত্ৰাত লগ ধৰিলে। এনেকৈয়ে নিতাইৰ দীঘলীয়া শাৰীৰিক আৰু আধ্যাত্মিক যাত্ৰা আৰম্ভ হৈছিল। এই যাত্ৰাৰ ফলত তেওঁৰ বিভিন্ন বৈষ্ণৱ ধৰ্মৰ গুৰুসকলৰ সৈতে পৰিচয় হৈছিল। তেওঁ অৱধুত পন্থাৰ সন্ন্যাসী হিচাপে পৰিগণিত হয়।[6] এই যাত্ৰা কালত লক্ষ্মীপতি তীৰ্থৰ বিখ্যাত শিষ্য মাধবেন্দ্ৰ পুৰী, অদ্বৈত আচাৰ্য আৰু চৈতন্য মহাপ্ৰভুৰ আধ্যাত্মিক গুৰু ঈশ্বৰ পুৰীৰ সৈতেও তেওঁৰ সাক্ষাৎ হয়।
চৈতন্য মহাপ্ৰভুৰ নিৰ্দেশমৰ্মে সংসাৰত শ্ৰীকৃষ্ণৰ নাম প্ৰচাৰৰ উদ্দেশ্যে নিত্যানন্দই ১৫১৯ চনত বৰ্ধমান জিলাৰ সূৰ্যদাস সৰখেলৰ দুই কন্যা বসুধা আৰু জাহ্নৱী দেৱীৰ পাণিগ্ৰহণ কৰে। তেতিয়া তেওঁৰ বয়স ৫৬ বছৰ আছিল। তাৰ পিছত কুঞ্জবাটীত (বৰ্তমান খড়দহ) সাংসাৰিক জীৱন আৰম্ভ কৰে। প্ৰথম পক্ষ বসুধাৰ ফালৰ পৰা তেওঁলোকৰ এগৰাকী কন্যা গংগা আৰু এজন পুত্ৰ (অষ্টম) বীৰভদ্ৰ গোস্বামী জন্ম হয়। মাতৃ গংগাৰ পুত্ৰ প্ৰেমানন্দ গোস্বামীৰ বংশধৰসকলে বৰ্তমান কটোৱা, খেড়ুৱা, পাতাইহাট, কালিকাপুৰ, চাৰকলগ্ৰাম, মাজিগ্ৰাম, বাল্যগ্ৰাম, গাজীপুৰ, দাঁইহাট, কৰুই, আটঘৰা, সোণাৰুণ্ডীকে ধৰি বৰ্ধমান, বীৰভূম, মুৰ্ছিদাবাদ আদি জিলাৰ বিভিন্ন স্থানত বসবাস কৰি আহিছে। তেওঁলোক মাতৃ গংগাৰ বংশধৰ। তেওঁলোকে ভ্ৰাম্যমাণ বিগ্ৰহ ৰাধামাধৱ, ৰাধাৰাণী জগন্নাথ দেৱক সেৱা কৰিছিল। পিছলৈ বীৰভদ্ৰক তেওঁৰ সতীয়া মাক জাহ্নৱী দেৱীয়ে বৈষ্ণৱ ৰীতি-নীতিৰ দীক্ষা দিছিল। ঝামতপুৰৰ যদুনন্দন আচাৰ্যৰ কন্যা শ্ৰীমতী আৰু নাৰায়ণীৰ লগত বীৰভদ্ৰৰ বিবাহ হৈছিল। তেওঁলোককো জাহ্নৱী দেৱীয়ে দীক্ষা দিছিল। জাহ্নৱী দেৱীৰ সন্তান নথকাৰ বাবে তেওঁ বংশীবদনৰ পুত্ৰক দত্তক হিচাপে গ্ৰহণ কৰে। তেওঁৰ নাম ৰামচন্দ্ৰ গোস্বামী (ৰমাই)। খড়দহৰ গোস্বামীসকল ৰমাইৰ বংশধৰ।[7]
১৫৪০ খ্ৰীষ্টাব্দত প্ৰভু নিত্যানন্দই পৰলোক গমন কৰে।
নৱদ্বীপত গৌৰাংগ মহাপ্ৰভুক লগ পোৱাৰ পাছত দুয়োজনে হৰিনামৰ নাম প্ৰচাৰ কৰিবলৈ ধৰে। তেওঁক পৰমেশ্বৰৰ আটাইতকৈ দয়ালু অৱতাৰ হিচাপে গণ্য কৰা হয়।[8]
নিত্যানন্দ বন্দনাগীতি
"নিতাই পদ কমল কোটি চন্দ্ৰ সুশীতল
যে ছায়ায় জগত জুড়াই
হেন নিতাই বিনে ভাই
ৰাধাকৃষ্ণ পাইতে নাই
দৃঢ় কৰি ধৰ নিতাই পাই।"
বৰ্তমানৰ গৌড়ীয় বৈষ্ণৱ ধৰ্মৰ মত প্ৰধানকৈ তেওঁ প্ৰচাৰ কৰিছিল। তেওঁ বৈষ্ণৱ ভাৱ-ধাৰাক সমাজৰ সকলো শ্ৰেণীৰ মাজত জনপ্ৰিয় কৰি তুলিছিল। তেওঁ আৰু তেওঁৰ সহচৰ দ্বাদশ গোপাল কৃষ্ণয়ে সকলোকে ভক্তি ৰসত বিহ্বল কৰি তুলিছিল। তেওঁৰ শিষ্য বৃন্দাবনদাসক তেওঁ চৈতন্য ভাগৱত ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
নিত্যানন্দ প্ৰভুৱে খড়দত দুৰ্গা পূজা আৰম্ভ কৰিছিল। তেওঁ কাত্যায়নী ৰূপত মাতৃ দুৰ্গাক পূজা কৰিছিল। আগতে এই পূজা তেওঁৰ বহু বংশধৰৰ ঘৰত কৰা হৈছিল। এতিয়া এই পূজা বড়বাড়ি আৰু মেজোবাড়িত কৰা হয়। ওভটনি ৰথযাত্ৰাৰ দিনাৰ পৰা এই পূজাৰ আৰম্ভ হয়। ইয়াত মা দুৰ্গাৰ দুয়োকাষে জয়া,বিজয়া বিদ্যমান। দেৱীৰ বাহন ঘোঁৰাৰ দৰে মুখ থকা সিংহ। ইয়াত কোমোৰা বলি দিয়া হয়। নিত্যানন্দ প্ৰভুৰ চতুৰ্দশ বংশধৰ সৰোজেন্দ্ৰমোহন গোস্বামীয়ে আজিও এই পূজা অব্যাহত ৰাখিছে।
চৈতন্য মহাপ্ৰভু আৰু প্ৰভু নিত্যানন্দৰ অৱদান বংগত গভীৰ ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰভাৱ পৰিলক্ষিত হয়। মূলতঃ জাতি ব্যৱস্থাই জুৰুলা কৰা সমাজখন পূব ভাৰতত হিন্দু ধৰ্মৰ পুনৰুজ্জীৱনৰ কৃতিত্ব তেওঁলোকক দিয়া হয়। মধ্যযুগীয় বংগৰ অন্যতম উন্নত সাহিত্য ঐতিহ্য হিচাপে গণ্য কৰা বৈষ্ণৱ সাহিত্যৰ বহুখিনি তেওঁলোকৰ বা তেওঁলোকৰ শিষ্যই ৰচনা কৰিছিল।