নিমিষা ছাজায়ন | |
---|---|
![]() নিমিষা ছাজায়নৰ এখন মুখছবি | |
জন্ম | ৪ জানুৱাৰী, ১৯৯৭ (২৮ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৭–বৰ্তমান |
নিমিষা ছাজায়ন (ইংৰাজী: Nimisha Sajayan, জন্ম: ৪ জানুৱাৰী ১৯৯৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে প্ৰধানকৈ মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। দিলীশ পোথানৰ দ্বাৰা পৰিচালিত 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'ৰ জৰিয়তে তেখেতে অভিষেক ঘটায়।[1] 'অৰো কোপ্ৰাচিধা পায়ান' আৰু 'চোলা' নামৰ ছবি দুখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে নিমিষা ছাজায়নলৈ ২০১৮ চনত কেৰালা ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হয়।
নিমিষাৰ জন্ম হৈছিল বোম্বাইত। পিতৃ ছাজায়ন এগৰাকী অভিযন্তা। আনহাতে মাতৃ হৈছে বিন্ধু ছাজায়ন। তেওঁলোক জন্মসূত্ৰে কেৰালাৰ কোল্লাম জিলাৰ। নিমিষাৰ মাতৃৰ পৈতৃক ঘৰ কোল্লাম জিলাৰ পুনালোৰত অৱস্থিত।[2]
মুম্বাইত থকা কাৰ্মেল কনভেণ্ট বিদ্যালয়ৰ পৰা নিমিষাই প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে মুম্বাইস্থিত কেজে ছোমায়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে।[3] নিমিষা টায়কোৱাণ্ডুত ব্লেকবেল্টপ্ৰাপ্ত। টায়কোৱাণ্ডুৰ বহুকেইখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিমিষাই মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে, অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই নিমিষাই ব্লেক বেল্ট অৰ্জন কৰিছিল।[4]
'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' নামৰ ছবিখনত পোনপ্ৰথমবাৰৰ বাবে নিমিষাক দেখা যায়। ছবিখনৰ পৰিচালক আছিল দিলীশ পোথান। ছবিখনত নিমিষাই শ্ৰীজা নামৰ শীৰ্ষ চৰিত্ৰটি ৰূপায়ণ কৰে।[5] পৰৱৰ্তী সময়ত নিমিষাই বি.অজিতকুমাৰৰ অভিষেককাৰী ছবি "ইড়া"তো মুখ্য চৰিত্ৰত অৱতীৰ্ণ হয়। ছবিখনৰ প্ৰযোজক আছিল ৰাজীৱ ৰবি।[6][7]
'অৰো কোপ্ৰাচিধা পায়ান' আৰু 'চোলা' নামৰ ছবি দুখনৰ বাবে নিমিষাই ২০১৯ চনত অনুষ্ঠিত হোৱা ৪৯সংখ্যক কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। ছবি দুখনৰ পৰিচালক আছিল যথাক্ৰমে মধুপাল আৰু সানাল কুমাৰ শশীধৰণ।[8] 'চ'লা' নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবেও নিমিষাই কিছুপৰিমাণে খ্যাতি অৰ্জন কৰে। এই ছবিখনৰ প্ৰিমিয়াৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হৈছিল।[9]
২০২১ বৰ্ষত নিমিষাই "দ্য গ্ৰেট ইণ্ডিয়ান কিটছেন" নামৰ ছবিখনত এটি শক্তিশালী চৰিত্ৰ ৰূপায়ণ কৰে। চৰিত্ৰটো আছিল এগৰাকী নৱবিবাহিতা যুৱতীৰ। নতুন ঘৰখনত নিজ স্বামী আৰু পৰিয়ালৰ আনসকল সদস্যৰ দ্বাৰা সমুখীন হোৱা প্ৰত্যাহ্বানৰ লগত এইগৰাকী যুৱতীয়ে কিদৰে মোকাবিলা কৰে, তাকেই ছবিখনত উপস্থাপন কৰা হয়। ছবিখনৰ লগতে নিমিষাৰ অভিনয়-শৈলীকো সমালোচকসকলে প্ৰশংসা কৰে।[10] 'হিন্দুস্তান টাইমছ'ত হৰিচৰণ পুডিপেৰিয়ে নিমিষাৰ অভিনয়ৰ প্ৰশংসা কৰি কয় যে-"ছবিখনৰ শীৰ্ষ অভিনেত্ৰী নিমিষা ছাজায়ন অবিশ্বাস্যভাৱে পতিয়নযোগ্য। "[11] একেটা বৰ্ষতে নিমিষাই 'নায়াট্টু' আৰু 'মালিক' নামৰ ছবি দুখনত অভিনয় কৰে। দুয়োখন ছবিয়েই সমালোচকৰ মাজত সমাদৃত। নিমিষাৰ পৰৱৰ্তী ছবিসমূহ হৈছে 'থোৰামুখম' আৰু 'অৰ’ থেক্কান থল্লু কেচ'।[12]
পুৰস্কাৰ | বৰ্ষ | শিতান | কৰ্ম | ফলাফল |
---|---|---|---|---|
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা | ২০১৯ | শ্ৰেষ্ঠ অভিনেত্ৰী | 'অ'ৰু কুপ্ৰসিদ্ধা পায়ান' চ'লা |
বিজয়ী[13] |
কেৰালা ছবি সমালোচক সন্থা বঁটা | ২০১৯ | শ্ৰেষ্ঠ অভিনেতা (মহিলা) | 'অ'ৰু কুপ্ৰসিদ্ধা পায়ান' | বিজয়ী[14] |
ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য | ২০১৮ | শ্ৰেষ্ঠ অভিনেত্ৰী-মালয়ালম | 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' | মনোনীত[15] |
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ২০১৮ | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – মালয়ালম | 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' | বিজয়ী[16] |
শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম | মনোনীত[17] | |||
এছিয়ানেট চলচ্চিত্ৰ বঁটা | ২০১৮ | শ্ৰেষ্ঠ অভিনেত্ৰী | 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' | মনোনীত |
২০১৯ | শ্ৰেষ্ঠ তাৰকাযুটি (শ্বানে নিগমৰ লগত) | 'ইড়া' | বিজয়ী | |
শ্ৰেষ্ঠ চৰিত্ৰ ৰূপায়ণ কৰা অভিনেত্ৰী | 'অ'ৰু কুপ্ৰসিদ্ধা পায়ান' | মনোনীত | ||
ৱনিতা চলচ্চিত্ৰ বঁটা | ২০১৮ | শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী | 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' | বিজয়ী[18] |
মেলবোৰ্ণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ | ২০২১ | শ্ৰেষ্ঠ প্ৰদৰ্শন (মহিলা) | 'দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন' | মনোনীত[19] |
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে সন্মানীয় উল্লেখ (পূৰ্ণদৈৰ্ঘ্যৰ ছবি) | বিজয়ী[20] | |||
মুভি ষ্ট্ৰিট চলচ্চিত্ৰ উৎকৃষ্টতা বঁটা | ২০১৮ | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী | 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' | বিজয়ী[21] |
২০১৯ | শ্ৰেষ্ঠ অভিনেত্ৰী | 'অ'ৰু কুপ্ৰসিদ্ধা পায়ান' | বিজয়ী | |
টৰণ্টো আন্তঃৰাষ্ট্ৰীয় দক্ষিণ এছীয় চলচ্চিত্ৰ বঁটা | ২০১৯ | শ্ৰেষ্ঠ নৱাগতা | 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম' | বিজয়ী[22] |