নিলছ্ ব'ৰ | |
---|---|
![]() | |
জন্ম | নিলছ্ হেনৰিক ডেভিদ ব'ৰ ৭ অক্টোবৰ, ১৮৮৫ কোপেনহেগেন, ডেনমাৰ্ক |
মৃত্যু | ১৮ নৱেম্বৰ, ১৯৬২ কোপেনহেগেন, ডেনমাৰ্ক |
ক্ষেত্ৰ | তাত্ত্বিক পদাৰ্থবিজ্ঞান |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান | কোপেনহেগেন বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | ক্ৰিষ্টিয়ান ক্ৰিষ্টিয়ানছেন |
আন শৈক্ষিক পৰামৰ্শদাতা | |
ডক্তৰেল বিদ্যাৰ্থী | হেন্দ্ৰিক ক্ৰেমাৰ্ছ্ |
আন উল্লেখযোগ্য বিদ্যাৰ্থী | লেভ লাণ্ডাউ |
জনা যায় | পদাৰ্থ বিজ্ঞানলৈ অৱদান
|
প্ৰভাৱ |
|
প্ৰভাৱান্বিত কৰিছে |
|
উল্লেখনীয় বঁটা | পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা (1922) #Accolades
|
দাম্পত্যসঙ্গী | মাৰ্গেথ নৰ্লাণ্ড (বি. ১৯১২) |
সতি-সন্ততি | এ'জ ব'ৰ, আৰ্নেষ্ট ব'ৰ আৰু আন চাৰিটা ল'ৰা |
স্বাক্ষৰ![]() |
নিলছ্ হেনৰিক ডেভিদ ব'ৰ (ইংৰাজী: Niels Henrik David Bohr; ৭ অক্টোবৰ ১৮৮৫ – ১৮ নৱেম্বৰ ১৯৬২) এগৰাকী প্ৰখ্যাত ডেনিছ পদাৰ্থবিজ্ঞানী আছিল। ব'ৰে পৰমাণুৰ গঠন আৰু কোৱাণ্টাম তত্ত্বৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়াইছিল যাৰ বাবে তেওঁ ১৯২২ চনত পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ এগৰাকী দাৰ্শনিক আৰু বিজ্ঞান গৱেষণাৰ প্ৰচাৰৰ ক্ষেত্ৰত আগৰণুৱা ব্যক্তি।
নিলছ্ ব'ৰে পৰমাণুৰ গঠন সম্পৰ্কে তেওঁৰ বিখ্যাত ব'ৰৰ আৰ্হি দাঙি ধৰিছিল। এই আৰ্হিটোৰ দ্বাৰা ব'ৰে প্ৰস্তাৱ কৰিছিল যে ইলেকট্ৰনৰ শক্তিস্তৰবোৰ পৃথক পৃথক, ইহঁত অবিচ্ছিন্ন নহয়। তদুপৰি ইলেকট্ৰনবোৰে পৰমাণুটোৰ নিউক্লিয়াছৰ চৌদিশে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে, কিন্তু ইলেকট্ৰনবোৰে এটা শক্তিস্তৰৰ পৰা আন এটা শক্তিস্তৰলৈ জপিয়াব পাৰে। যদিও ব'ৰৰ আৰ্হিটো পিছলৈ আন উন্নত আৰ্হিৰ দ্বাৰা সংশোধন কৰা হৈছে, ইয়াৰ মূল অন্তৰ্নিহিত নীতিটো এতিয়াও প্ৰাসংগিক হৈয়েই আছে। তেৱেঁই পৰিপূৰকতা ( complementarity) নীতিটোৰ ধাৰণা আগবঢ়াইছিল। এই ধাৰণাটো মতে বস্তু এটাক কিছুমান পৰস্পৰবিৰুদ্ধ ধৰ্মৰে বিশ্লেষণ কৰিব পাৰি। উদাহৰণস্বৰূপে- একেটা বস্তুৱে তৰংগ বা কণিকাৰূপে আচৰণ কৰিব পাৰে বুলি ধৰি লোৱাটো। বিজ্ঞান আৰু দৰ্শন উভয় ক্ষেত্ৰতে ব'ৰৰ চিন্তাধাৰাত তেওঁৰ পৰিপূৰকতাৰ ধাৰণাটোৱে প্ৰভাৱ বিস্তাৱ কৰিছিল।
১৯২০ চনত ব'ৰে কোপেনহেগেন বিশ্ববিদ্যালয়ত ইনষ্টিটিউট অৱ্ থিয়ৰিটিকেল ফিজিক্স প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। এতিয়া এই প্ৰতিষ্ঠানটোক নিলছ্ ব'ৰ ইনষ্টটিউট নামেৰে জনা যায়। হানছ্ ক্ৰেমাৰ, অস্কাৰ ক্লেইন, জৰ্জ দে' হে'ভে'ছে', ৱাৰ্নাৰ হাইজেনবাৰ্গ আদিকে ধৰি অনেক গণমান্য পদাৰ্থবিজ্ঞানীৰ তেওঁ পৰামৰ্শদাতা হোৱাৰ উপৰি তেওঁলোকৰ লগত সহযোগিতাৰে কাম কৰিছিল। নিলছ্ ব'ৰেই জাৰ্ক'নিয়ামৰ নিচিনা আন এটা মৌলৰ ভৱিষ্যৎবাণী কৰিছিল যিটোৰ নাম পিছলৈ হাফণিয়াম ৰখা হয়। কোপেনহেগেনত আৱিষ্কাৰ হোৱা বাবে ইয়াৰ লেটিন নামটোৰে পৰমাণুটোৰ নাম হাফণিয়াম ৰখা হৈছিল। পিছলৈ ব'ৰৰ সন্মানত এটা মৌলৰ নাম ব'ৰিয়াম ৰখা হয়।
১৮৮৫ চনৰ ৭ অক্টোবৰত ডেনমাৰ্কৰ কোপেনহেগেনত নিলছ্ ব'ৰৰ জন্ম হৈছিল। ব'ৰ আছিল ক্ৰিষ্টিয়ান ব'ৰৰ তিনিটা সন্তানৰ দ্বিতীয় সন্তান।[1][2][3]