নিশা আগৰৱাল | |
---|---|
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | |
সক্ৰিয় হৈ থকা সময় | ২০১০—২০১৪ |
দাম্পত্যসঙ্গী | কৰণ ভেলেছা[1] |
সন্তান | ১ |
আত্মীয়-স্বজন | কাজল আগৰৱাল (ভনী) |
নিশা আগৰৱাল (ইংৰাজী: Nisha Aggarwal) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলেগু, তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ সৰু ভনী।[2][3]
২০১০ চনৰ শেষৰ পিনে, কাজল আগৰৱালে ঘোষণা কৰিছিল যে, নিশা তেলেগু চলচ্চিত্ৰত অভিনয়ৰ বাবে পদাৰ্পণ কৰিব।[4] তেওঁৰ প্ৰথম ৰোমাণ্টিক নাটকৰ চলচ্চিত্ৰ আছিল য়েমৈন্দী ই ভেলা, যিখন বক্স অফিচত সফল হৈছিল[5] তেওঁ অভিনয়ৰ বাবে সমালোচকসকলোৰ দ্বাৰা প্ৰশংসিত হৈছিল।[6] ইয়াৰ পিছত তেওঁৰ ছবি আছিল চলো, যি ২০১১ চনৰ শেষৰপিনে মুক্তিলাভ কৰিছিল আৰু তাত তেওঁক এগৰাকী মেডিকেল কলেজৰ ছাত্ৰী হিচাপে দেখুৱাইছিল, ৰেডিফৰ এগৰাকী পৰ্যালোচকে লিখিছিল যে, "proves her acting talents in the second half, especially the climax".[7]
তেওঁ তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল 'য়েমৈন্দী ই ভেলা'ৰ ২০১২ চনৰ ৰিমেক ছবি 'ষ্টাম'ত।[8] যিখন বক্স অফিচত সফল নহ’ল।[9] ২০১৩ চনত তেওঁ 'সুকুমাৰুদু'ত আদি আৰু ভাবনা ৰূপাৰেলৰ বিপৰীতে “চাটপাটা গাঁৱৰ ছোৱালী” হিচাবে উপস্থিত হৈছিল।[10] সেই বছৰ পিছত তেওঁ 'সাৰদাগা আম্মায়িতো' নামৰ এখন চলচ্চিত্ৰত অভিনয় কৰিছিল য’ত তেওঁক 'য়েমৈন্দী ই ভেলা'ৰ সহ-অভিনেতা বৰুণ সন্দেশৰ সৈতে পুনৰ দেখা গৈছিল। ২০১৪ চনত, তেওঁ 'ভাইয়া ভাইয়া' জৰিয়তে মালয়ালম চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল, য’ত তেওঁ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ছোৱালী এঞ্জেলৰ চৰিত্ৰত অভিনয় কৰিছিল।[11] তেওঁ আৰু এখন মালয়ালম চলচ্চিত্ৰ 'কাজিনচ্'ৰ বাবে সাক্ষৰ কৰিছিল।[12]
নিশা আগৰৱাল ২০১৩ চনৰ ২৮ ডিচেম্বৰত মুম্বাইৰ ব্যৱসায়ী কৰণ ভেলেছাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[13] ২০১৮ চনৰ ২৭ অক্টোবৰত তেওঁৰ পুত্ৰ ঈশান ভেলেছাৰ জন্ম হয়।[14][15]
চন | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
---|---|---|---|---|
২০১০ | য়েমৈন্দী ই ভেলা | অৱন্তিকা | তেলেগু | আত্মপ্ৰকাশ |
২০১১ | চলো | বৈষ্ণৱী | তেলেগু | |
২০১২ | ষ্টাম | সন্ধ্যা | তামিল | য়েমৈন্দী ই ভেলাৰ ৰিমেক চলচ্চিত্ৰ; তামিলত আত্মপ্ৰকাশ |
২০১৩ | সুকুমাৰুদু | সনকাৰী | তেলেগু | |
২০১৩ | সাৰদাগা আম্মায়িতো | গীতা | তেলেগু | |
২০১৪ | ভাইয়া ভাইয়া | এঞ্জেল | মালয়ালম | মালয়ালমত আত্মপ্ৰকাশ |
২০১৪ | কাজিনচ্ | মল্লিকা | মালয়ালম |