নিৰ্মলেন্দু গুণ | |
---|---|
ঢাকাত গুণ (২০১৬) | |
স্থানীয় নাম | নিৰ্মলেন্দু গুণ |
জন্ম | ২১ জুন, ১৯৪৫ (৭৯ বছৰ) কাশবন, বৰহট্টা, নেত্ৰকোণা, বেঙ্গল প্ৰভিঞ্চ, বৃটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
পেচা | কবি |
নিৰ্মলেন্দু গুণ (ইংৰাজী: Nirmalendu Goon; জন্মঃ ২১ জুন ১৯৪৫ চন)[1] এজন বাংলাদেশী কবি। তেওঁ সুগম কবিতাৰ বাবে পৰিচিত।[2] তেওঁক ২০০১ চনত একুশে পদক আৰু ২০১৬ চনত বাংলাদেশ চৰকাৰ দ্বাৰা স্বাধীনতা দিৱস বঁটা প্ৰদান কৰা হয়।[3][4] ১৯৮২ চনত তেওঁক বাংলা অকাডেমী সাহিত্য বঁটা প্ৰদান কৰা হয়।[2]
গুণৰ জন্ম হৈছিল নেত্ৰকোণা জিলাৰ বৰহট্টা উপজিলাৰ অন্তৰ্গত কাশবন গাঁৱৰ এক বাঙালী কায়স্থ পৰিয়ালৰ সুখেন্দু প্ৰকাশ গুণ চৌধুৰী আৰু বীণাপাণিৰ ঘৰত।[1] তেওঁ ১৯৬২ চনত মেট্ৰিক পৰীক্ষা আৰু ১৯৬৪ চনত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৬৯ চনত তেওঁ কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। উত্তৰ আকাশ আলোচনীখনত তেওঁৰ প্ৰথম কবিতা ‘নতুন কাণ্ডাৰী’ প্ৰকাশ হৈছিল। ১৯৬৫ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁ সাপ্তাহিক জনতা আলোচনীখনত কোনো এক সংগ্ৰামিৰ দৃষ্টিতে কবিতাটো প্ৰকাশ কৰিছিল।[1]
১৯৭০ চনত গুণৰ প্ৰথমখন কবিতা সংকলন প্ৰেমাংশুৰ ৰক্ত চাই প্ৰকাশিত হৈছিল।[5] তেতিয়াৰ পৰা তেওঁ পঁইত্ৰিছখন কবিতা সংকলন আৰু বিছখন গদ্য সংকলন প্ৰকাশিত হৈছে। ১৯৬০-ৰ দশকৰ কবি প্ৰজন্মৰ কবি গুণৰ কবিতাত অত্যাধুনিক দৃষ্টান্তবাদিতা, তীব্ৰ সমালোচনা আৰু জনসাধাৰণৰ বিপৰীত ভাগ্যৰ এক স্পৰ্শকাতৰ বৰ্ণনা আছে। স্বাধীনতাৰ প্ৰেম আৰু মানৱীয় মনোভাৱৰ প্ৰতি বিশ্বাস তেওঁৰ বহু কবিতাত ব্যাপ্ত। এজন স্বীকৃতিপ্ৰাপ্ত মাৰ্ক্সবাদী গুণই ধনীসকলৰ বিৰুদ্ধে দুখীয়াৰ উত্থানৰ আহ্বান জনাই কবিতাও লিখিছে। তেওঁ ৰবীন্দ্ৰনাথ, শ্বেখ মুজিবুৰ ৰহমান (হুলিয়া), লেনিন, শক্তি চট্টোপাধ্যায় আৰু অন্যান্য গুৰুত্বপূৰ্ণ ব্যক্তিত্বৰ বিষয়ে বহুকেইটা কবিতা ৰচনা কৰিছে।
গুণই তিনিখন আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰিছে। সেইবোৰ হ'ল আমাৰ ছেলেবেলা, আমাৰ কণ্ঠস্বৰ আৰু আত্মকথা ১৯৭১।[5] লাইব্ৰেৰী অৱ কংগ্ৰেছত গুণৰ সাতত্ৰিশখন সংকলন সংগৃহীত হৈ আছে।[2] ছুইডেনৰ গোথেনবাৰ্গ গ্ৰন্থ মেলা '১৩-ত তেওঁলোকৰ প্ৰকাশনৰ সৈতে অংশগ্ৰহণ কৰা পাঁচজন বাংলাদেশী কবিৰ ভিতৰত গুণও আছিল এজন।[6]
২০০৯ চনৰ জুলাই মাহত ঢাকাৰ শ্বাহবাগত গুণৰ এখন একক চিত্ৰকলা প্ৰদৰ্শনী মুকলি কৰা হৈছিল।[7]
গুণৰ এগৰাকী কন্যা আছে। তেওঁৰ নাম মৰ্তিকা গুণ।[1]