নীলাফুটুকী জে (Common Jay) | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Graphium |
প্ৰজাতি: | G. doson |
বৈজ্ঞানিক নাম | |
Graphium doson C&R Felder, 1864 |
নীলাফুটুকী জে (ইংৰাজী: Common Jay, বৈজ্ঞানিক নাম-Graphium doson) এটা ক’লা বৰণৰ ক্ৰান্তীয় চাতকনেজী (swallowtail) পখিলাৰ প্ৰজাতি৷ ইয়াৰ মতা আৰু মাইকী উভয়ে দেখিবলৈ একে হয়৷ ইয়াৰ মতা-মাইকী উভয়ে দেখিবলৈ একে হয়৷
এই পখিলাবিধ সমগ্ৰ দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত ইয়াক দক্ষিণ ভাৰত, পূব ভাৰত, পশ্চিমবংগ, অসম আৰু হিমালয়ৰ পাদদেশত দেখা যায়৷
নীলাফুটুকী জে পখিলা সাধাৰণতে সেমেকা, পৰ্ণপাতী, অৰ্ধ বৰ্ষাৰণ্য আৰু বৰ্ষাৰণ্য সমূহত দেখিবলৈ পোৱা যায়৷
এই পখিলাবিধ সাধাৰণতে সমগ্ৰ দিনেই সক্ৰিয় হৈ থাকে৷ ই অনবৰতে উৰি ফুৰে আৰু একেঠাইতে কেতিয়াবাহে ৰয়৷ ইয়াৰ উৰাৰ ধৰণ পোন আৰু খৰ৷
ইয়াৰ কণীৰ আকাৰ ঘুৰণীয়া, বৰণ শেঁতা হালধীয়া৷ ই সাধাৰণতে গছৰ পাতৰ তলৰ অংশত কণী পাৰে৷
ইয়াৰ পলু (caterpillar)ৰ আকাৰ spindle-shaped৷ পলু গাঢ় মটিয়া বা সেউজ বৰণীয়া হয়৷
নীলাফুটুকী জেৰ লেটা (pupa)ৰ বৰণ শেঁতা সেউজীয়া আৰু মূৰৰ পৰা ইয়াৰ এডাল বেঙুনীয়া বৰণৰ এডাল আঁচ থকা দেখা যায়৷
এই পখিলাবিধৰ পলুৱে সাধাৰণতে ‘Annonaceae’, ‘Lauraceae’, ‘Magnoliaceae’ আদি গোত্ৰৰ অন্তৰ্ভুক্ত বিভিন্ন উদ্ভিদ যেনে Annona lawii, Cinnamomum macrocarpum, Magnolia grandiflora, Michelia champaca, Milliusa tomentosum আৰু Polyalthia longifolia আদিৰ পাত খাই জীয়াই থাকে৷
![]() |
ৱিকিমিডিয়া কমন্সত Graphium doson সম্পৰ্কীয় মিডিয়া ফাইল আছে। |