নীৰদ চন্দ্ৰ চৌধুৰী | |
---|---|
![]() | |
জন্ম | ২৩ নৱেম্বৰ, ১৮৯৭ কিশোৰগঞ্জ, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশত) |
মৃত্যু | ১ আগষ্ট, ১৯৯৯ (১০১ বছৰ) লেথবেৰী ৰোড, অক্সফোৰ্ড, ইংলেণ্ড |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | কলকাতা বিশ্ববিদ্যালয় |
পেচা | লেখক আৰু সংস্কৃতিৰ ধাৰাভাষ্যকাৰ |
নীৰদ চন্দ্ৰ চৌধুৰী (ইংৰাজী: Nirad C. Chaudhuri; ২৩ নৱেম্বৰ ১৮৯৭ – ১ আগষ্ট ১৯৯৯) এজন ভাৰতীয় লেখক।[1] ১৯৯০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেতিয়ালৈকে অক্সফৰ্ড চহৰৰ দীৰ্ঘদিনীয়া বাসিন্দা চৌধুৰীক ‘অনাৰেৰী ডিগ্ৰী ইন লেটাৰচ’ প্ৰদান কৰে। ১৯৯২ চনত তেওঁক ‘ কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ’ৰে (CBE) সন্মানীত কৰা হয়।[2]
ব্ৰিটিছ ভাৰতৰ (বৰ্তমান বাংলাদেশ) পূৰ্ববংগৰ মৈমনসিঙৰ কিশোৰগঞ্জত চৌধুৰীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ আছিল উপেন্দ্ৰ নাৰায়ণ চৌধুৰী নামৰ এজন উকীল আৰু সুশীলা সুন্দৰী চৌধুৰাণীৰ আঠটা সন্তানৰ ভিতৰত দ্বিতীয়।[4] তেওঁৰ পিতৃ-মাতৃ ব্ৰাহ্ম সমাজ আন্দোলনৰ অন্তৰ্গত উদাৰ মধ্যবিত্ত হিন্দু আছিল।
এফ এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিশিষ্ট বঙালী সাহিত্যিক বিভুতিভূষণ বন্দ্যোপাধ্যায়ৰ সৈতে কলিকতাৰ ৰিপন কলেজত (বৰ্তমান সুৰেন্দ্ৰনাথ কলেজ) ভৰ্তি হয়। ইয়াৰ পিছত চৌধুৰীয়ে কলিকতাৰ স্কটিছ চাৰ্চ কলেজত বুৰঞ্জী বিভাগত নামভৰ্তি কৰে। ১৯১৮ চনত তেওঁ ইতিহাসত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰি মেধা তালিকাত স্থান অৰ্জন কৰে। ভাৰতীয় প্ৰখ্যাত ব্যক্তিত্ব তথা ইতিহাসবিদ অধ্যাপক কালিদাস নাগেৰৰ সৈতে স্কটিছ চাৰ্চ কলেজৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে কলিকতা বিশ্ববিদ্যালয়ত ভৰ্তি হয়। কিন্তু পৰীক্ষাত অৱতীৰ্ণ নোহোৱাৰ বাবে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব নোৱাৰিলে। ইয়াতেই তেওঁৰ আনুষ্ঠানিক শিক্ষাৰ অন্ত পৰিল। ইফালে ১৯১৭ চনত তেওঁ ইতিহাসত বস্তুনিষ্ঠ পদ্ধতি (Objective Methods in History) শীৰ্ষক এটা তাত্ত্বিক প্ৰবন্ধ লিখিছিল।
চৌধুৰী জীৱনৰ শেষ বছৰবোৰতো এজন প্ৰচুৰ উৰ্বৰ লেখক আছিল,[5] তেওঁৰ শেষ গ্ৰন্থখন ৯৯ বছৰ বয়সত প্ৰকাশ কৰিছিল। ১৯৯৪ চনত ইংলেণ্ডৰ অক্সফৰ্ডত তেওঁৰ পত্নী অমিয়া চৌধুৰীৰ মৃত্যু হয়। ১৯৯৯ চনত তেওঁৰ ১০২ বছৰীয়া জন্মদিনৰ তিনিমাহ বাকী থকা অৱস্থাত অক্সফৰ্ডত তেওঁৰ মৃত্যু হয়। ১৯৮২ চনৰ পৰা মৃত্যুৰ আগলৈকে তেওঁ ২০, লেথবেৰী ৰোডত[6] বাস কৰিছিল আৰু ২০০৮ চনত অক্সফৰ্ডশ্বায়াৰ ব্লু প্লেক ব'ৰ্ডে এখন ব্লু-প্লেক স্থাপন কৰিছিল।[3]
ড° সুমন্ত্ৰ মৈত্ৰই “দ্য স্পেক্টেটৰ”ৰ এটা পৰ্যালোচনামূলক প্ৰবন্ধত তেওঁক ব্ৰিটিছ ভাৰতৰ পাহৰণিৰ গৰ্ভত জাহ যোৱা এজন দূৰদৃষ্টি সম্পন্ন ব্যক্তি বুলি অভিহিত কৰিছে।[7]
১৯৫১ চনত প্ৰকাশিত তেওঁৰ মাষ্টাৰপিছ “দ্য অট’বায়’গ্ৰাফী অৱ এন আনন’ন ইণ্ডিয়ান”ই তেওঁক ভাৰতীয় মহান লেখকৰ দীঘলীয়া তালিকাত স্থান দিছিল। চৌধুৰীয়ে কৈছিল যে দ্য অট’বায়’গ্ৰাফী অৱ এন আনন’ন ইণ্ডিয়ান ‘আত্মজীৱনীতকৈ বৰ্ণনাত্মক জাতিতত্বৰ অধিক অনুশীলন’। ৫৭ বছৰ বয়সত ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে চৌধুৰীয়ে বিদেশলৈ যায়। ঘূৰি অহাৰ পিছত তেওঁ “এ পেচেজ টু ইংলেণ্ড” (১৯৫৯) লিখে । এই কিতাপখনত তেওঁ ইংলেণ্ড ভ্ৰমণৰ পাঁচ সপ্তাহৰ কথা বৰ্ণনা কৰিছিল, চমুকৈ বৰ্ণনা কৰিছিল পেৰিছত কটোৱা দুসপ্তাহ আৰু ৰোমত কটোৱা এসপ্তাহৰ বিৱৰণ। দিল্লীৰ ঘৰৰ পৰা আঁতৰত থকা এই সময়ছোৱাত তেওঁ সংগ্ৰহালয়, গেলেৰী, কেথেড্ৰেল, গাঁৱৰ ঘৰবাৰী পৰিদৰ্শন কৰে আৰু নাটক আৰু কনচাৰ্টত অংশগ্ৰহণ কৰে। ব্ৰিটিছ সাম্ৰাজ্যত ডাঙৰ-দীঘল হোৱা আৰু পৰৱৰ্তী সময়ত স্বাধীন ভাৰতৰ নাগৰিক হোৱা এজন ব্যক্তিৰ দৃষ্টিকোণৰ পৰা চৌধুৰীয়ে নিজৰ অভিজ্ঞতাৰ প্ৰতিফলিত কৰিছে। তেওঁৰ পৰৱৰ্তী ৰচনাসমূহৰ ভিতৰত ব্যক্তিগত ৰচনা, জীৱনী আৰু ঐতিহাসিক অধ্যয়ন অন্যতম।
![]() |
ৱিকিউদ্ধৃতিত নীৰদ চি. চৌধুৰী বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |