নেক্ৰোমেন্সি (ইংৰাজী: Nacromancy) (/ˈnɛkrəmænsi/)[1] বা মৃতকৰ আহ্বান হৈছে যাদু বা ক'লাযাদুৰ জৰিয়তে মৃতকসকলৰ সৈতে কৰা একপ্ৰকাৰৰ যোগাযোগ স্থাপন। এনে যোগাযোগ স্থাপনৰ জৰিয়তে মৃত ব্যক্তিৰ আত্মাক স্পৰ্শ কৰিব পৰা অৱয়ব বা দৃশ্যমান ৰূপত আহ্বান জনোৱা হয়। মূলতঃ ভৱিষ্য কথন, গুপুত তথ্য লাভ কৰিবলৈ, মৃত ব্যক্তিক ঘূৰাই আনিবলৈ বা মৃতকসকলক অস্ত্ৰৰ ৰূপৰ ব্যৱহাৰ কৰিবৰ বাবে এনে যাদুৰ ব্যৱহাৰ কৰা হয়। এনে যাদুক "মৃত যাদু" বুলিও কোৱা হয়। ক'লা যাদু বা ডাইনীবিদ্যাক সাধাৰণভাৱে বুজাবলৈও নেক্ৰোমেন্সি শব্দটোৰ ব্যৱহাৰ কৰা হ'ব পাৰে।[2][3]
নেক্ৰোমেন্সি শব্দটো নৱ লেটিন শব্দ নেক্ৰোমেন্সিয়াৰ পৰা আহৰণ কৰা হৈছে। অৱশ্যে ইয়াৰ মূল গ্ৰীক শব্দ হৈছে নেক্ৰোমেন্সিয়া (nekromanteía)। গ্ৰীক নেক্ৰোছ (nekrós) শব্দৰ অৰ্থ "মৃতদেহ" আৰু মেন্সিয়া (manteía) শব্দৰ অৰ্থ ভৱিষ্য কথন। এই শব্দটো প্ৰথমবাৰৰ বাবে তৃতীয় শতিকাত অৰিগেন অফ আলেজেন্দ্ৰিয়াৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছিল।[4] ইয়াৰে ধ্ৰুপদী গ্ৰীক শব্দ হৈছে নেকিয়া (nekyia) আৰু মহাকাব্য ওডিছীত অ'ডিচাছে মৃতকসকলৰ ৰাজ্যলৈ গমণ কৰোঁতে ব্যৱহাৰ কৰা হৈছে। ১৭ শতিকাৰ ইংৰাজী ভাষাত ইয়াক নেক্ৰোমেন্সী হিচাপে পোৱা যায়।
প্ৰাচীন কালৰ নেক্ৰোমেন্সী সম্ভৱতঃ ওজাবিদ্যাৰ (shamanism) পৰা বিকশিত হৈছিল।[5] প্ৰাচীন ইজিপ্ট, বেবিলনিয়া, গ্ৰীচ আৰু ৰোমত নেক্ৰোমেন্সী ব্যৱহাৰৰ তথ্য পোৱা যায়। পাৰ্ছিয়াৰ লোকসকলে পৌৰাণিক কালৰে পৰা ভৱিষ্যকথনৰ বাবে নেক্ৰোমেন্সীৰ ব্যৱহাৰ কৰিছিল বুলি কিছুসংখ্যক পণ্ডিতে মত প্ৰকাশ কৰে
সাহিত্যত নেক্ৰোমেন্সীৰ প্ৰচীনতম উল্লেখ পোৱা যায় হোমাৰৰ ওডিছীত।[6][7] চাৰ্ছি নামৰ এগৰাকী ক্ষমতাশালী যাদুকৰীৰ সহায়ত অ'ডিচাছে মৃতকৰ আত্মাৰ পৰা নিজৰ আগন্তক সমুদ্ৰ যাত্ৰাৰ বিষয়ে জানিবলৈ পাতালপুৰী পাবলৈ সক্ষম হয়। তেওঁ টিয়েৰ্চিয়াছৰক আহ্বান কৰি প্ৰশ্ন কৰিব বিচাৰে; কিন্তু আনৰ সহায় অবিহনে তেওঁৰ আত্মাক আহ্বান কৰিব নোৱাৰে। ওডিচীত নেক্ৰোমেন্সীয় ৰীতি-নীতিৰ বহুতো বৰ্ণনা পোৱা যায়। উদাহৰণ স্বৰূপে নিশা জুই জ্বলি থকা এটা গাঁতৰ চাৰিওফালে সম্পন্ন কৰিব লগা ৰীতি-নীতি, বলি দিয়া প্ৰাণীৰ তেজ, প্ৰেতাত্মাসমূহৰ সুৰাপানৰ ব্যৱস্থা আদি।
এনে ধৰণৰ প্ৰথাৰ পৰা আৰম্ভ কৰি নেক্ৰোমেন্সীৰ ৰীতি-নীতিবোৰ যথেষ্ট বিস্তৃত হ'ব পাৰে। যাদুৰ বৃত্ত, যাদুদণ্ড, তাবিজ আৰু মন্ত্ৰ আদি অন্তৰ্ভুক্ত হৈ থাকিব পাৰে। নেক্ৰোমেন্সাৰজনে প্ৰায়ে মৃতকৰ পোছাক পিন্ধা আৰু প্ৰাণহীনতা আৰু ক্ষয়ৰ প্ৰতীকৰূপী খাদ্য যেনে ক'লা পিঠা আৰু অবিৰত আঙুৰৰ ৰস আদি সেৱন কৰা আদি অন্তৰ্ভুক্ত। কিছুমান নেক্ৰোমেন্সাৰে আনকি মৃতদেহৰ অঙ্গচ্ছেদ আৰু ভক্ষণো কৰিছিল। .[8] এই ৰীতি-নীতিসমূহ ঘণ্টা, দিন বা সপ্তাহধৰি চলিব পাৰে।[9]
কিছুমান সংস্কৃতিত মৃতকৰ জ্ঞানক সীমাহীন বুলি গণ্য কৰা হৈছিল যদিও প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলে বিশ্বাস কৰিছিল যে ই কেৱল কিছুমান কথাহে জানে। তেওঁলোকৰ পৰামৰ্শ হয়তো তেওঁলোকে জীৱনকালত জনা বা মৃত্যুৰ পিছত প্ৰাপ্ত কৰা জ্ঞানৰ ওপৰত আধাৰিত আছিল।[10][11]