নেছাইয়া

নেছাইয়া
নেৰেইডছ-ৰ সদস্য
নিবাস সাগৰ
পিতৃ-মাতৃ নেৰিয়াছ আৰু ড'ৰিছ
সহোদৰ সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল

নেছাইয়া (প্ৰাচীন গ্ৰীক: Νησαίη, ইংৰাজী: Nesaea, Nesaia বা Nisaea; আক্ষৰিক অৰ্থ: 'দ্বীপত বাস কৰা'[1]) গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা।[2] তেওঁক দ্বীপৰ “বগা” নেৰেইড বুলি কোৱা হয়৷[3][4]

কিংবদন্তি

[সম্পাদনা কৰক]

হোমাৰইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত নেছাইয়াও আছিল।[5]

কিছুমান বিৱৰণীত নেছাইয়া তেওঁৰ ভগ্নী চাইমোড'চ, থেলিয়া আৰু স্পিঅ'ৰ সৈতে লগ লাগি চাইৰিনৰ যাত্ৰী দলটোৰ অন্যতম নিম্ফ সদস্য আছিল৷[6] পিছলৈ তেওঁলোক চাৰিও গৰাকীয়ে তেওঁলোকৰ অন্য ভগ্নী থেটিছ, মেলাইট আৰু পেনোপিয়াৰ সৈতে মিলি নায়ক ইনিয়াছ আৰু তেওঁৰ দলটোক সামুদ্ৰিক ধুমুহাৰ সময়ত সহায় কৰিবলৈ সক্ষম হৈছিল।[7]

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

নেছাইয়া শব্দটো লাইথ্ৰেচিয়া পৰিয়ালৰ উদ্ভিদৰ এটা প্ৰজাতিৰ বাবেও ব্যৱহাৰ কৰা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 64. 
  2. Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  3. Propertius, Elegies 2.26a.16
  4. Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 247 . ISBN 9780786471119. 
  5. Homer, Iliad 18.39
  6. Virgil, Georgics 4.338
  7. Virgil, Aeneid 5.826