ইতিহাসৰ পাতত নেপালৰ নাৰীৰ মৰ্যাদা ভিন্ন সময়ত ভিন্ন হৈ অহা দেখা গৈছে। ১৯৯০ চনৰ আৰম্ভণিতে এছিয়াৰ আন কিছুমান দেশৰ দৰেই নেপালৰ মহিলাসকলো সাধাৰণতে জীৱনৰ প্ৰায় প্ৰতিটো দিশতে পুৰুষৰ অধীন আছিল। ঐতিহাসিকভাৱেও নেপাল প্ৰধানকৈ পিতৃতান্ত্ৰিক সমাজ আছিল। পুৰুষক পৰিয়ালৰ নেতা আৰু মহিলাতকৈ উচ্চ বুলি গণ্য কৰা হৈছিল। লগতে সামাজিক নীতি-নিয়ম আৰু মূল্যবোধ পুৰুষৰ সপক্ষে পক্ষপাতদুষ্ট আছিল। সমাজত পুত্ৰৰ পক্ষত থকা এই প্ৰবল পক্ষপাতিত্বৰ অৰ্থ আছিল যে কন্যা সন্তানে জন্মৰ পৰাই বৈষম্য দেখা পাইছিল আৰু তেওঁলোকে বিকাশৰ সকলো দিশত উপনীত হোৱাৰ সমান সুযোগ নাপাইছিল। .[1] কন্যাসকলক বহুতো বিশেষাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। যেনেঃ অধিকাৰ, শিক্ষা, স্বাস্থ্যসেৱা, পিতৃ-মাতৃৰ সম্পত্তিৰ অধিকাৰ, সামাজিক মৰ্যাদা, মৃত পিতৃ-মাতৃৰ শেষ অনুষ্ঠান আয়োজন কৰা ইত্যাদি । বিগত শতিকাত নেপালত মহিলাৰ ভূমিকা আৰু মৰ্যাদাৰ নাটকীয়ভাৱে ইতিবাচক পৰিৱৰ্তন ঘটিছে, যাৰ ফলত লিংগ বৈষম্য তাৎপৰ্যপূৰ্ণভাৱে হ্ৰাস পাইছে। ১৯৯০ চনৰ সংবিধানত জাতি, জাতি, ধৰ্ম, লিংগ আদিৰ ভিত্তিত সকলো নাগৰিককে বৈষম্যহীনভাৱে মৌলিক অধিকাৰ নিশ্চিত কৰাৰ বিপৰীতে সাধাৰণ জনতাৰ শিক্ষা বৃদ্ধি কৰা হয়। সমাজৰ আধুনিকীকৰণেও লিংগ সমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।[2]
সংঘাতৰ পিছৰ কঠিন সংক্ৰমণকালীন প্ৰেক্ষাপট সত্ত্বেও আজি নেপাল দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়নৰ দিশত আগবাঢ়ি যোৱাই নহয়; দৰিদ্ৰতা আৰু ক্ষুধা, সাৰ্বজনীন প্ৰাথমিক শিক্ষা, শিশু মৃত্যুৰ হাৰ, মাতৃ স্বাস্থ্য আৰু লিংগ সমতা আৰু মহিলা সবলীকৰণৰ লক্ষ্যও লাভ কৰিবলৈ সক্ষম হৈছে। সংবিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব ১৯৯১ চনত (তেতিয়াৰ সংসদত) ২.৯%ৰ পৰা ২০১৩ চনৰ নৱেম্বৰ মাহৰ নিৰ্বাচনত ২৯% লৈ নাটকীয়ভাৱে বৃদ্ধি পাইছে।[3] নাৰীসকলে এতিয়া নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰি সকলো স্তৰতে সিদ্ধান্ত গ্ৰহণত অংশগ্ৰহণ কৰিছে। লিংগ সমতাৰ প্ৰতিশ্ৰুতিৰ স্পষ্টীকৰণ, নিৰীক্ষণ বৃদ্ধি, লিংগ সমতা আৰু মহিলা সৱলীকৰণৰ নীতিগত আৰু কাৰ্য্যকৰী দিশসমূহৰ মাজত সংযোগ স্থাপন তথা শক্তিশালী কৰাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতা বৃদ্ধি পাইছে।[4]আজি নেপালৰ মহিলাসকলে সাংস্কৃতিক পৰম্পৰাক অৱজ্ঞা কৰি সম্প্ৰদায়ৰ নেতা, পৰিৱেশবিদ, ৰাজনীতিবিদ আৰু ব্যৱসায়ৰ মালিক হ'ব পৰিছে।[4] ২০১৫ চনৰ অক্টোবৰ মাহত নেপালে প্ৰথম মহিলা সভানেত্ৰী হিচাপে বিদ্যা দেৱী ভাণ্ডাৰীক নিৰ্বাচিত কৰে।[5]আন আন বিখ্যাত নেপালী মহিলাসকলৰ ভিতৰত আছে চিএনএনৰ বছৰৰ হিৰো বিজয়ী অনুৰাধা কইৰালা, পুষ্পা বাছনেট, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পাছাং লামু শ্বেৰ্পা, আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী খেলুৱৈ মীৰা ৰায়, ফুপু লামু খাট্ৰি আৰু প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ সুশিলা কাৰ্কি।[6]
আধুনিক নেপালী সমাজত মহিলাৰ ভূমিকা আৰু মৰ্যাদাৰ ব্যাপক পৰিৱৰ্তন কৰা হৈছে। অথবা তেওঁলোকৰ অধিকাৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত কৰা হৈছে। কিন্তু কেইখনমান ডাঙৰ চহৰৰ ক্ষেত্ৰত এই বলৱৎকৰণ শিথিল হৈ পৰিছে।[7]পিতৃৰ ফালৰ বংশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হিন্দু বিশ্বাস ব্যৱস্থা আৰু পিতৃমুখী বাসস্থান ব্যৱস্থাৰ পৰা নেপালৰ সমাজখন বহু পৰিমাণে প্ৰভাৱিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই আইনসমূহৰ কিছুমান দিশ কাৰ্যকৰী কৰাটো এক প্ৰত্যাহ্বান হৈ পৰিছে।[3]ৰুক্ষ, পাহাৰীয়া ভূ-প্ৰকৃতিয়ে এই বিষয়টোক আৰু অধিক গম্ভীৰ কৰি তুলিছে। এই দূৰৱৰ্তী ঠাইবোৰত লিংগ বৈষম্য এতিয়াও আছে। মহিলাৰ নিয়ন্ত্ৰণ সীমিত, ঘৰুৱা কামত সীমাবদ্ধতা, শিক্ষাৰ পৰা বঞ্চিত, জাতিৰ ভিত্তিত বৈষম্য কৰা আৰু দুৰ্বল স্বাস্থ্যসেৱা এইক্ষেত্ৰত পৰিলক্ষিত হৈছে।[4] যৌন অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ বৰ্তমানৰ আইনসমূহ অপৰ্যাপ্ত আৰু নেপালত যৌন নিৰ্যাতনৰ সৈতে মোকাবিলা কৰিবলৈ কোনো আইন নাই।[7] নেপালী মহিলাসকল ধৰ্ষণ আৰু ঘৰুৱা নিৰ্যাতনৰ সন্মুখীন হয় আৰু যুৱতীসকলক ভাৰতৰ বেশ্যালয়লৈ সৰবৰাহৰ আশংকা থাকে।[5] জাত আৰু ঋতুস্ৰাৱৰ লগত জড়িত বহুতো অন্ধবিশ্বাস আৰু নিষেধাজ্ঞাও আছে যাৰ ফলত নাৰীৰ প্ৰতি অসমান ব্যৱহাৰ কৰা হয়। ঋতুস্ৰাৱৰ সময়ত তেওঁলোকক খোৱাপানী স্পৰ্শ কৰিবলৈ দিয়া নহয়, ঘৰৰ পৰা আঁতৰত নিৰ্জনভাৱে থাকিব লাগে, আৰু তেওঁলোকে ধৰ্মীয় কাম-কাজ কৰিব নোৱাৰে/ভাগ ল’ব নোৱাৰে ।[8]