নেহা ভাছিন | |
---|---|
২০১৮ চনত নেহা ভাছিন | |
জন্ম | ১৮ নৱেম্বৰ, ১৯৮২ (৪২ বছৰ)[1] দিল্লী, ভাৰত |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০০৫–বৰ্তমান |
দাম্পত্যসঙ্গী | সমীৰ উদ্দীন (বিবাহ. ২০১৬) |
নেহা ভাসীন (ইংৰাজী: Neha Bhasin; জন্ম: ১৮ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ হিন্দী, তেলেগু, তামিল চলচ্চিত্ৰৰ গীত আৰু স্বতন্ত্ৰভাবে ভাৰতীয় পপ-সংগীত আৰু পঞ্জাবী লোক-সংগীত পৰিবেশনৰ বাবে পৰিচিত। নেহাই বিভিন্ন ভাষাত মুঠ সাতবাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ লগতে ‘‘জগ ঘুমেয়া’’ (Jag Ghoomeya; হিন্দী) আৰু ‘‘পানী ৰবি দা’’ (Paani Ravi Da; পঞ্জাবী) গীতৰ বাবে দুটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
ভাছিনে ৯ বছৰ বয়সত মাৰিয়া কেৰীৰ ‘হিৰো’ গীতটো গায় প্ৰথমবাৰৰ বাবে কণ্ঠ প্ৰতিযোগিতাত বঁটা লাভ কৰিছিল। সৰুৰে পৰা নেহাৰ পপ ষ্টাৰ হোৱাৰ সপোন আছিল।[2] ইয়াৰ পিছত বিভিন্ন নৃত্য শিকিবলৈ শিয়ামাক দাভাৰৰ নৃত্য একাডেমীত যোগদান কৰে। ইয়াৰ উপৰিও তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণো লৈছিল।[3][4]
১৮ বছৰ বয়সতে নেহাক চেনেল ভি (Channel V) নামৰ এটা চেনেলে পৰিচালনা কৰা দেশজোৰা প্ৰতিভা সন্ধানী অনুষ্ঠান “ক’ক ভি পপষ্টাৰছ” (Coke V popstars)ৰ ৫ গৰাকী ছোৱালীৰ পপ গোট ‘ভিভা’ৰ অংশ হিচাপে নিৰ্বাচন কৰাৰ লগে লগে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল।
২০১৬ চনৰ ২৩ অক্টোবৰত ইটালীৰ টাস্কানীত অনুষ্ঠিত হোৱা এখন পশ্চিমীয়া বিয়াত নেহা ভাছিনে সংগীত সুৰকাৰ সমীৰ উদ্দীনৰ[5] সৈতে বিবাহপাশত আবদ্ধ হয়।[6]
২০০২ চনত চেনেল ভিয়ে অনুষ্ঠিত কৰা “ক’ক ভি পপষ্টাৰছ”ৰ বাবে অডিচন দিয়াৰ সময়ত দিল্লীৰ নেহা “লেডী শ্ৰী ৰাম কলেজ”ত অধ্যয়ন কৰি আছিল। এই প্ৰতিযোগিতাত নেহাই জয়লাভ কৰে আৰু বিজয়ীসকল লগ হৈ ভাৰতৰ প্ৰথমটো “অল গাৰ্লছ মিউজিক গ্ৰুপ ভিভা” গঠন কৰে। সংগীত গোটটোৰ আন সদস্যসকল আছিল সীমা ৰামচন্দনী, প্ৰতিচী মহপাত্ৰ, মহুৱা কামত আৰু অনুষ্কা মানচন্দা।
২০০৪ চনত বেণ্ডটো বিচ্ছেদ হোৱাৰ পিছত ভাছিনে বলীউডৰ চলচ্চিত্ৰ আৰু তামিল চলচ্চিত্ৰ সংগীত জগতৰ বাবে গান গাবলৈ আৰম্ভ কৰে।
বলীউডত তেওঁৰ প্ৰথম ২০০৭ চনৰ গোৱা ‘কুচ খাছ হায়’ গীতটোৱে বিশেষ সফলতা লাভ কৰে। ২০০৮ চনত এই গীতটোৰ বাবে নেহাউ প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰৰ মনোনয়নো লাভ কৰিবলৈ সক্ষম হয়। ২০০৮ চনত যুৱন শংকৰ ৰাজাৰ দ্বাৰা ৰচিত ভাছিনৰ প্ৰথম তামিল গীত ‘পেছুগিৰেন পেছুগিৰেন’ৰ বাবে নেহাই “শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বিজয় বঁটা” লাভ কৰে।
২০২১ চনত তেওঁ টাইমছ স্কোৱাৰ বিলবোৰ্ডত তেওঁৰ ‘উট পটংগী’ গীতটোৰ বাবে স্পটিফাইত মাহটোৰ শ্ৰেষ্ঠ শিল্পী হিচাপে প্ৰকাশিত কৰে।[7]
নেহাই মালয়েছিয়াৰ হিপ হপ তাৰকা এমচী জেজ “Emcee Jesz”ৰ সৈতে গীত পৰিবেশন কৰিছিল। তেওঁলোকে পৰিবেশন কপা “থানিয়ে” (THANIYE) শীৰ্ষক গীতটোৱে কেৱল ইউটিউবতে ৩ লাখৰো অধিক দৰ্শন লাভ কৰিছে। মালয়েছিয়াত অনুষ্ঠিত হোৱা “ৰেডিঅ’ ৰাগা এৱাৰ্ড” (RADIO RAGA AWARDS)ত নেহা ২০০৮–০৯ বৰ্ষৰ “শ্ৰেষ্ঠ সহযোগিতা” বঁটাৰ বাবেও মনোনীত হৈছিল।[8]
“লাইফ কি তো লগ গয়ী” ছবিত অভিনয় কৰি ভাছিনে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ২০১২ চনত মুক্তি পোৱা ছবিখনত তেওঁ কে কে মেনন আৰু ৰণবীৰ শ্ব'ৰীৰ সৈতে অভিনয় কৰিছিল।[9] ২০০৮ চনত নেহাই জি মিউজিকৰ “ছা ৰে গা মা হাংগামা”ত ঘোষিকা হিচাপে কাম কৰিছিল।[10][11] নেহাই ৰিয়েল টিভিত প্ৰচাৰিত মিউজিকেল ৰিয়েলিটি শ্ব' “ছিটাৰো কৌ চুনা হেঁই” এজন অভিনেতা আৰু বিচাৰকৰ চৰিত্ৰত ৰূপায়ন কৰিছিল।[12] নেহা “ঝলক দিখলা জা ছিজন ৫” ৰ “ৱাইল্ডকাৰ্ড এণ্ট্ৰি” আছিল।[13] ২০২১ চনত “বিগ বছ”ৰ এগৰাকী প্ৰতিযোগী আছিল, য’ৰ পৰা নেহা ৩৯ দিনৰ পিছত আঁতৰি আহিবলগীয়া হৈছিল। ২০২১ চনত “বিগ বছ ১৫”ত ৱাইল্ডকাৰ্ড প্ৰতিযোগী আছিল নেহা। তাত তেওঁ ৩৫ দিনত প্ৰৱেশ কৰিছিল আৰু ৫৫ দিনত পুনৰ আঁতৰি আহিবলগীয়া হৈছিল।