নৌৱাৰী শাৰী বা কাষ্ঠা শাৰী (মাৰাঠী: नऊवारी साड़ी) হৈছে মহাৰাষ্ট্ৰীয় ধোটি পিন্ধা ধৰণৰ সৈতে মিল থকা কোলি[1][2] শৈলীৰ শাৰী। কাষ্ঠা শব্দটোৱে শাৰীখন পিছফালে টাক কৰাক বুজায়।[3][4] যিহেতু এই শাৰী সাধাৰণতে ন গজৰ কাপোৰ ব্যৱহাৰ কৰি পিন্ধা হয়, গতিকে ইয়াক নৌৱাৰী বুলিও কোৱা হয়, যাৰ অৰ্থ ন গজ।[5] কাষ্ঠা শাৰী হৈছে এই শৈলীৰ শাৰীক বুজাবলৈ সাধাৰণতে ব্যৱহাৰ কৰা আন এটা শব্দ।[6] ইয়াক অকন্দ বস্ত্ৰ বুলিও কোৱা হয়, অৰ্থাৎ ইয়াৰ লগত আন কোনো বস্ত্ৰ যেনে পেটিক'তৰ প্ৰয়োজন নাই। আচলতে এই শাৰী মাৰাঠী মহিলাসকলে জীৱনৰ বিভিন্ন সময়ত পিন্ধে। ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান,যুদ্ধ আৰু কৃষিভূমিত কাম কৰোঁতেও এই শাৰী মাৰাঠী মহিলাসকলে পিন্ধি আহিছে । [7]
নৌৱাৰী পৰম্পৰাগত মাৰাঠী শৈলীৰ শাৰী যিটো পেটিকোট নোহোৱাকৈ পিন্ধা হয়।[8] এই শৈলী শাৰী পিন্ধাৰ ধৰণ সকলো জাতিৰ মাজত সাধাৰণ যদিও অঞ্চল আৰু ভূ-প্ৰকৃতি অনুসৰি পিন্ধাৰ পদ্ধতিও বেলেগ বেলেগ। উদাহৰণস্বৰূপে ব্ৰাহ্মণ মহিলাসকলে ইয়াক বিশেষ ধৰণেৰে পিন্ধে (ব্ৰাহ্মণ্য বুলি কোৱা হয়), আনহাতে ৰায়গড় জিলাৰ আগ্ৰি লোকসকলে আঁঠুৰ দৈৰ্ঘ্যৰ ধৰণেৰে পিন্ধে যাক ‘আদৱা পাতল’ বুলি কোৱা হয় । আনহাতে ৰায়গড় জিলা আৰু ৰত্নগিৰিৰ কিছু অংশৰ 'কুনবি' বা কৃষক মহিলাসকলে নহাতৰ শাৰীখন সামান্য় ভিন্নতাৰে পিন্ধে আৰু ইয়াক "উপ্ৰতি" বুলি কোৱা হয়। উপ্ৰতি নামটোৰ অৰ্থ ওলোটা, যিটো কিছুমানৰ বাবে শাৰীখনৰ ভাঁজবোৰ ওলোটাকৈ থাকে। 'আদৱা পাতল' আৰু 'উপ্ৰতি'ৰ এটা বিশেষ বৈশিষ্ট্য হ'ল এই শাৰীবোৰ গাঁঠি বান্ধি নোলোৱাকৈ পিন্ধে, যদিও শাৰীখন অতি টানকৈ পিন্ধা হয়।
ইয়াৰ বিপৰীতে পুনে আৰু চাতাৰা, আহমেদনগৰ বা কুলাহপুৰৰ গ্ৰাম্য মহিলাসকলে ইয়াক ভৰিৰ গোৰোহালৈকে পিন্ধে যিটো অতি জনপ্ৰিয়। লগতে ব্ৰাহ্মণসকলে ইয়াক বিশেষ ধৰণেৰে পিন্ধে য’ত শাৰীখনৰ সীমা সন্মুখৰ ফালেও প্ৰদৰ্শিত হয়, পিছফালে কিন্তু কাষ্টাৰ দৰেই পিন্ধা হয়।[9] এই শাৰীখন এনেদৰে পিন্ধা হয় যাতে ইয়াৰ কেন্দ্ৰটো কঁকালৰ পিছফালে পৰিপাটিকৈ ৰখা হয় আৰু মূৰবোৰ আগফালে সুৰক্ষিতভাৱে বান্ধি ৰখা হয়, আৰু তাৰ পিছত আগদুটা দুটা ভৰিৰ চাৰিওফালে মেৰিয়াই লোৱা হয়। তাৰ পিছত সজ্জাগত আগবোৰ কান্ধ আৰু শৰীৰৰ ওপৰৰ অংশ বা ধূড়ৰ ওপৰত মেৰিয়াই লোৱা হয়।[10] এইচ আৰ এক্সিকিউটিভ 'ছায়ালি বদাদে' কয়, "মহিলাৰ দুয়ো কান্ধ ঢাকি ৰখা হৈছিল বাবে নৌৱৰী পিন্ধা মহিলাক সদায় সন্মানেৰে চোৱা হৈছিল আৰু ই সম্পূৰ্ণ পৰম্পৰাগত পৰিধান।" প্ৰথমে এই শৈলীটো আৰম্ভ হৈছিল পেশ্বৱাই ৰাজত্বকালত আৰু সেই সময়ত ই বহুতো জনপ্ৰিয়তা লাভ কৰিছিল।[11]
কোলি জনগোষ্ঠীৰ মহিলাসকলেও এই শৈলীৰ শাৰী পিন্ধে যদিও দুটুকুৰা কাটি। এটা টুকুৰা কঁকালত পিন্ধি লোৱাৰ বিপৰীতে আনটো টুকুৰা শৰীৰৰ ওপৰৰ অংশ ঢাকিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক মাৰাঠা ধৰণে বাওঁ কান্ধৰ ওপৰেৰে মূৰত লোৱা হয়।[12][13] কোলি মহিলাসকল সাজ-পোছাক আৰু অলংকাৰ দুয়োটাৰে সজ্জিত আৰু ন গজ কপাহী কাপোৰৰ এই শাৰীখন বুকুৰ ওপৰত নিপুণভাৱে মেৰিয়াই লোৱা হয় যাতে দেখাত সুন্দৰ হয়।[14]