পংকজ মল্লিক | |
---|---|
![]() ডক্তৰ ছবিত মল্লিক, ১৯৪০ | |
জন্ম | ১০ মে', ১৯০৫ কলকাতা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৯ ফেব্ৰুৱাৰী, ১৯৭৮ (৭২ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | সুৰকাৰ, কণ্ঠশিল্পী, অভিনেতা |
জনা যায় | কণ্ঠশিল্পী, সংগীত পৰিচালক, সুৰকাৰ, অভিনেতা |
পংকজ কুমাৰ মল্লিক (ইংৰাজী: Pankaj Kumar Mullick ; ১০ মে' ১৯০৫ – ১৯ ফেব্ৰুৱাৰী ১৯৭৮) এজন ভাৰতীয় সুৰকাৰ, নেপথ্য তথা ৰবীন্দ্ৰ সংগীতৰ কণ্ঠশিল্পী আৰু অভিনেতা ।[1][2][3]
১৯৭০ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।[4] ১৯৭২ চনত ভাৰতীয় চলচ্চিত্ৰলৈ সমগ্ৰ জীৱন জুৰি আগবঢ়োৱা অৱদানৰ বাবে লাভ কৰে দাদাচাহেব ফাল্কে বঁটা।[5]
কলকাতাৰ মণিমোহন আৰু মনোমোহিনী মল্লিকৰ ঘৰত পংকজ কুমাৰ মল্লিকে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ মণিমোহনৰ পৰম্পৰাগত বাংলা সংগীতৰ প্ৰতি গভীৰ আগ্ৰহ আছিল। পংকজ মল্লিকে দুৰ্গাদাস বন্দ্যোপাধ্যায়ৰ তত্ত্বাৱধানত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ লয়। উচ্চশিক্ষা কলকাতা বিশ্ববিদ্যালয়ৰ অধীনস্থ স্কটিছ চাৰ্চ কলেজত।[1] পঢ়া-শুনা শেষ কৰাৰ পিছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাতি-ভতিজা দীনেন্দ্ৰনাথ ঠাকুৰৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁৰ জীৱনৰ সুঁতি পৰিবৰ্তন হয়। ইয়াৰ ফলত মল্লিকৰ ৰবীন্দ্ৰ সংগীতৰ প্ৰতি চিৰস্থায়ী আগ্ৰহ জন্মে আৰু অতি সোনকালেই তেওঁ ৰবীন্দ্ৰ গীতৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠাতা হিচাপে পৰিচিত হয়।[6]
১৯২৬ চনত কলকাতাৰ ভিডিঅ’ফোন কোম্পানীত একৈশ বছৰ বয়সত একবিংশ বছৰ বয়সত মল্লিকৰ প্ৰথম বাণিজ্যিক ৰেকৰ্ডিং ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীত নেমেচ্চে আজ প্ৰথম বাদল। অসংখ্য এলবামৰ ভিতৰত এইটোৱেই আছিল প্ৰথম, যিয়ে তেওঁক ৰবীন্দ্ৰ সংগীতত ঘৰুৱা নামলৈ পৰিবৰ্তন কৰিছিল।[1]
১৯২৭ চনত কলকাতাত অল ইণ্ডিয়া ৰেডিঅ’ৰ পূৰ্বসূৰী ইণ্ডিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচনত সুৰকাৰ আৰ চি বৰালৰ সৈতে তেওঁৰ কৰ্মজীৱন আৰম্ভ হয়, য’ত তেওঁ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰূপে প্ৰায় পঞ্চাছ বছৰ সেৱা আগবঢ়াইছিল। চলচ্চিত্ৰৰ সংগীতৰ উপৰিও মহিষাসুৰ মৰ্দিনী নামৰ অনুষ্ঠানটোৰো সংগীত ৰচনা কৰিছিল। ইয়াত বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰই চণ্ডীপাঠ আৰু বহু কেইজন প্ৰথিতযশা শিল্পীয়ে গীতত কণ্ঠ দিছিল। দুৰ্গাদেৱীৰ মহিষাসুৰৰ ওপৰত বিজয়সাব্যস্তৰ আধাৰত ৰচিত এই অনুষ্ঠানটো ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছিল যে এতিয়াও মহালয়াৰ দিনা পুৱা ৪ বজাত আকাশবাণীয়ে অনুষ্ঠানটোৰ বাণীবদ্ধ সংস্কৰণ সম্প্ৰচাৰ কৰে।[1][3]
১৯৩১ চনৰ পৰা আৰম্ভ কৰি ৩৮ বছৰ ধৰি তেওঁ বাংলা, হিন্দী, উৰ্দু আৰু তামিল ভাষাৰ ছবিত বিভিন্ন ধৰণে অৱদান আগবঢ়াইছিল। তেওঁ কে.এল. ছাইগল, শচীন দেৱবৰ্মণ, হেমন্ত মুখাৰ্জী, গীতা দত্ত, আশা ভোছলে, প্ৰমথেশ বৰুৱা, কানন দেৱী আদিৰ প্ৰখ্যাত সংগীত পৰিচালক, কণ্ঠশিল্পী বা অভিনয় শিল্পীৰ সৈতে তেওঁ কাম কৰিছে। নীতিন বসু আৰু তেওঁৰ ভায়েক, বিখ্যাত শব্দ অভিযন্তা মুকুল বসুৰ সৈতে মল্লিকে ভাৰতীয় চলচ্চিত্ৰত নেপথ্য গায়নশৈলী প্ৰৱৰ্তন কৰে।[3]
ভাৰতৰ চলচ্চিত্ৰীয় ইতিহাসৰ আৰম্ভণিৰ পৰ্যায়ৰ ফিল্ম ষ্টুডিঅ’ কলকাতাৰ নিউ থিয়েটাৰত মল্লিক ২৫ বছৰ ধৰি কৰ্মৰত হৈ আছিল।[3]
![]() |
ৱিকিমিডিয়া কমন্সত Pankaj Mullick সম্পৰ্কীয় মিডিয়া ফাইল আছে। |