পঞ্চকন্যা (पञ्चकन्या, pañcakanyā) হিন্দু মহাকাব্যত বৰ্ণিত প্ৰবাদপ্ৰতিম পাঁচগৰাকী প্ৰধান নাৰী চৰিত্ৰ। তেওঁলোকৰ প্ৰশস্তিমূলক স্তুতিগীত আৰু নাম পাঠ কৰি পাপ দূৰীভূত কৰিব পাৰি বিশ্বাস কৰা হয়। পঞ্চকন্যা শব্দটিৰে সূচিত পাঁচগৰাকী নাৰী হৈছে- অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী। ইয়াৰ ভিতৰত অহল্যা, তাৰা আৰু মন্দোদৰী ৰামায়ণত বৰ্ণিত চৰিত্ৰ হোৱাৰ বিপৰীতে দ্ৰৌপদী আৰু কুন্তী মহাভাৰত বৰ্ণিত চৰিত্ৰ। [1][2]
এক দৃষ্টিকোণৰ পৰা পঞ্চকন্যাক আদৰ্শ নাৰী আৰু সতী-সাধ্বী নাৰীৰূপে শ্ৰদ্ধাপূৰ্ব্বক বন্দনা কৰা হয়। সীতাৰ ব্যতিৰেকে আনকেইগৰাকী নাৰীচৰিত্ৰৰ মাধ্যমেৰে এগৰাকী নাৰীৰ ক্ষেত্ৰত একাধিক ব্যক্তিৰ সৈতে সম্পৰ্ক, আৰু কোনো কোনো ক্ষেত্ৰত ঐতিহ্য ভংগৰ বিষয়সমূহ উপস্থাপিত হৈছে যিসমূহ অননুকৰণীয় হিচাপে বিবেচিত।
সুপৰিচিত সংস্কৃত স্তুতি-গীতিসমূহত পঞ্চকন্যাৰ গুণ-গৰিমা বৰ্ণিত হৈছে:
সংস্কৃত প্ৰতিবৰ্ণীকৰণ
অহল্যা দ্ৰৌপদী কুন্তী তাৰা মন্দোদৰী তথা।
পঞ্চকন্যা স্মৰে নিত্যং মহাপাতক নাশনম্॥
অসমীয়া ৰূপান্তৰ
অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী
- এই পঞ্চকন্যাক নিত্য স্মৰণ কৰিলে মহাপাপ নাশ হয়।
অন্য এক উপস্থাপনাত কুন্তীৰ ঠাইত সীতা বিকল্প ৰূপে উপস্থাপন কৰা হৈছে:[3]
সংস্কৃত প্ৰতিবৰ্ণীকৰণ
অহল্যা দ্ৰৌপদী সীতা তাৰা মন্দোদৰী তথা।
পঞ্চকন্যা স্মৰে নিত্যং মহাপাতক নাশনম্॥
গীতটোৰ দুটি ৰূপৰ মাজত থকা পাৰ্থক্যযুক্ত শব্দৰ তলত দাগ দি দেখুওৱা হৈছে।
হিন্দু ধৰ্মাৱলম্বী সমাজত, বিশেষতঃ হিন্দু গৃহিনীসকলে প্ৰত্যেক পুৱাই প্ৰাৰ্থনাৰ মাধ্যমেৰে পঞ্চকন্যাক নিত্য স্মৰণ কৰে। সেয়েই, তেওঁলোকৰ নাম স্তুতিমূলক আৰু প্ৰাতঃস্মৰণীয়। নৈষ্ঠিক হিন্দু ধৰ্মীয় আচাৰ-পৰম্পৰাত পঞ্চকন্যাৰ নাম জপ কৰা একান্তই বাঞ্ছনীয় হিচাপে স্বীকৃত।
আক্ষৰিকভাৱে পঞ্চকন্যাৰ অৰ্থ হৈছে পাঁচ কন্যা। কন্যা শব্দৰ অৰ্থ হৈছে বালিকা, দুহিতা, কুমাৰী ইত্যাদি। [1][4][5] যদিও পঞ্চকন্যা বিবাহিতা তৎস্বত্বেও তেওঁলোকৰ প্ৰসংগত কন্যা শব্দটি ব্যৱহাৰ হৈছে, কিন্তু নাৰী বা সতী (সতী-সাধ্বী) শব্দ ব্যৱহাৰ কৰা হোৱা নাই। প্ৰদীপ ভট্টাচাৰ্য্যৰ মতে এই বিষয়টি কৌতূহলোদ্দীপক। [1]
অহল্যা, তাৰা আৰু মন্দোদৰী- এই তিনিগৰাকী হিন্দু ধৰ্মৰ মহাকাব্য ৰামায়ণ বৰ্ণিত পঞ্চকন্যা কন্যাত্ৰয়। ৰামায়ণৰ অন্যতম মুখ্য চৰিত্ৰ সীতাকো স্থানবিশেষে পঞ্চকন্যাৰ অন্তৰ্ভুক্ত কৰা কৰা হয়।
‘অহিল্যা’ নামেৰেও পৰিচিতা অহল্যা, মুনি গৌতম মহৰ্ষিৰ দাম্পত্যসংগী। অহল্যাক মূলতঃ তেওঁৰ "চাৰিত্ৰিক গুণাৱলী, অনিৰ্বচনীয় সৌন্দৰ্য্য আৰু সময়ানুক্ৰমিক হিচাপেও প্ৰথম স্থান"ৰ হোৱাৰ সুবাদত প্ৰায়েই পঞ্চকন্যাৰ প্ৰমুখৰূপে আখ্যায়িত কৰা হয়। [6] ব্ৰহ্মাদেৱতাৰ সৃষ্টিকৰ্মত সমগ্ৰ মহাবিশ্বৰ ভিতৰত সৰ্বসুন্দৰী হিচাপে অহল্যা প্ৰায়েই বৰ্ণিত হয়। [1] তদুপৰি, মাজে সময়ে তেওঁক চন্দ্ৰ ৰাজবংশীয় পাৰ্থিৱ ৰাজকন্যা হিচাপেও আখ্যায়িত কৰা হয়। [7] অহল্যা বয়ঃসন্ধিকালৰ প্ৰাপ্তি পৰ্য্যন্ত মহৰ্ষি গৌতমৰ আদৰ যত্নত লালিত পালিত হৈছিল। পৰৱৰ্তী কালত তেওঁ বৃদ্ধ ঋষিৰ সৈতে পৰিণয়সূত্ৰত আৱদ্ধ হয়। [8]
দেৱগণৰ ৰজা ইন্দ্ৰ অহল্যাৰ সৌন্দৰ্য্যত আকৃষ্ট হয়, আৰু মহৰ্ষি গৌতমৰ অনুপস্থিতিত অহল্যাক যৌনসম্পৰ্ক স্থাপনৰ বাবে অনুৰোধ কৰে বা আদেশ প্ৰদান কৰে। ৰামায়ণ(সৰ্বপ্ৰাচীন ৰূপটি, য'ত পূৰ্ণ আখ্যানটি বৰ্ণিত হৈছে)ৰ বৰ্ণনা অনুসৰি অহল্যাই ইন্দ্ৰৰ চাতুৰ্য্য আৰু কপটালিৰ উমান ঠিকেই পাইছে, তথাপিও "উৎসুকতা"ৰ উদ্যমত ইন্দ্ৰৰ সৈতে যৌনাচাৰত লিপ্ত হৈছে। [1] অৱশ্যে, ৰামায়ণৰ পৰৱৰ্তী ৰূপসমূহৰ বৰ্ণনাত অহল্যা অজ্ঞাতবশতঃ ইন্দ্ৰৰ কপটালিৰ চিকাৰ তেওঁক চিনাত ব্যৰ্থ হৈছে, অথবা ইন্দ্ৰৰ দ্বাৰা ধৰ্ষিত হৈছে। [8] অৱশ্যে, সকলোবোৰ বৰ্ণনাতেই অহল্যা আৰু ইন্দ্ৰ দুয়ো গৌতমৰ দ্বাৰা অভিশপ্ত হৈছে। [8] ৰামায়ণৰ আদি ৰূপসমূহত অহল্যাৰ কৃতকৰ্মৰ কাৰণে কঠোৰ প্ৰায়শ্চিত্ত প্ৰাপ্তিৰ প্ৰতিবিধান হিচাপে বিশ্বৰ দৃষ্টিত অদৃশ্য হৈ থকাৰ বৰ্ণনা প্ৰকাশিত হৈছে। ৰামায়ণৰ মুখ্য চৰিত্ৰ তথা ভগৱান বিষ্ণুৰ এক অৱতাৰ শ্ৰীৰামক আতিথ্য প্ৰদানেৰে অহল্যাই পাপৰ পৰা মুক্তি লভি পৱিত্ৰতা অৰ্জনৰ ব্যাখ্যাও বৰ্ণিত হৈছে। পৰৱৰ্তী সময়ত পুনঃবিকশিত ৰামায়ণৰ অন্যান্য ৰূপকসমূহত মহৰ্ষি গৌতমৰ দ্বাৰা অভিশপ্ত হৈ অহল্যা এটা শিলত পৰিণত হোৱাৰ আৰু শ্ৰীৰামৰ পদৰ দ্বাৰা দলিত হৈ মুক্তি লভাৰ কাহিনী প্ৰকাশিত হৈছে। [1][8] ইয়াৰ বাহিৰেও, অন্য কিছু সংস্কৰণত অহল্যা এক শুষ্ক নদীপ্ৰবাহত পৰিণত হোৱা দেখা যায়, আৰু এই কথাও কোৱা হয় যে সেই শুষ্ক প্ৰবাহ পৰিসমাপ্তিত চালিত হৈ গৌতমী (গোদাবৰী) নদীত মিলিত হৈ অহল্যাৰ পাপস্খলন সম্ভৱপৰ হৈ উঠিব। [8] মহৰ্ষি গৌতমত দ্বাৰা ইন্দ্ৰ নপুংসক হোৱাৰ, অথবা সহস্ৰ যোনীমুখেৰে আবৃত হোৱাৰে অভিশপ্ত হৈ অভিসম্ভাৰীৰূপে সহস্ৰ চক্ষুত পৰিণত হোৱাৰ মাধ্যেমেৰে অভিশাপমুক্ত হোৱাৰ আখ্যান পোৱা যায়। [1][7][8]
তাৰা হৈছে কিষ্কিণ্ডা ৰাজ্যৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিনী। বালিৰ মৃত্যুৰ পিছত তাৰা বালিৰ ভাতৃ সুগ্ৰীৱৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু কিষ্কিণ্ডাৰ ৰাণী হৈয়ে ৰয়। ৰামায়ণত বানৰ চিকিৎসক সূৰসেনৰ কন্যা হিচাপে তাৰাক চিত্ৰিত কৰা হৈছে। আনহাতে পৰৱৰ্তী অন্য উৎসসমূহত তেওঁক সমুদ্ৰ মন্থনৰ জৰিয়তে উদ্ভূত অপ্সৰা(স্বৰ্গীয় জলপৰী)ৰূপে চিত্ৰায়ণ কৰা হৈছে। [1][9] বালিৰ সৈতে বিবাহৰ মাধ্যমেৰে তেওঁৰ অঙ্গদ নামৰ এক পুত্ৰ সন্তানৰ মাতৃ হয়। এক দৈত্যেৰ সৈতে সংঘটিত ভীষণ যুদ্ধত বালিৰ মৃত্যু হোৱা বুলি কৰা পূৰ্বাবোধেৰে সুগ্ৰীৱই ৰজাৰ সিংহাসনত অধিষ্ঠিত হৈ তাৰাৰ সৈতে সম্পৰ্কৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। [9] দৈৱক্ৰমে, দৈত্যৰ সৈতে যুঁজত বালিৰ মৃত্যু হোৱা নাছিল। বালি সোশৰীৰে ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰি তাৰাক পুনৰ নিজৰ আয়ত্তাধীন কৰে। লগতে ভাতৃ সুগ্ৰীৱক বিশ্বাসঘাতকতাৰ অভিযোগেৰে নিৰ্বাসিত কৰে আৰু প্ৰতিশোধকল্পে সুগ্ৰীৱৰ পত্নী ৰুমাৰ সৈতে আনুষ্ঠানিক সম্পৰ্ক স্থাপন কৰে। ক্ষুণ্ণ হৈ সুগ্ৰীৱই ভাতৃ বালিক যুঁজৰ বাবে প্ৰত্যাহ্বান জনায়। তাৰাই বালিক যুঁজৰ প্ৰস্তাৱ গ্ৰহণ নকৰিবলৈ আহ্বান জনায়, কিয়নো সুগ্ৰীৱৰ সৈতে শ্ৰীৰামৰ মিত্ৰতাৰ কথা তাৰাৰ বিদিত আছিল। তাৰাৰ কথালৈ কাণ নিদি যুঁজত অংশ লৈ সুগ্ৰীৱৰ সুবাদত ৰামৰ চাতুৰ্যকাৰী ধনুৰ শৰত বালি নিধন হয়। মৰণ কালত বালি আৰু সুগ্ৰীৱই বিতণ্ডা পাহৰি পুনৰ মিলিত হয় আৰু বালিয়ে সকলো যাৱতীয় বিষয়তে তাৰাৰ বিজ্ঞতাপূৰ্ণ পৰামৰ্শলৈ ধ্যান দিবলৈ সুগ্ৰীৱক আহ্বান কৰে। এই আখ্যানটিৰ অধিকাংশ সংস্কৰণতেই তাৰাৰ বিলাপগাঁথা গুৰুত্বপূৰ্ণ অংশ হিচাপে ফুটি উঠিছে। প্ৰায়বিলাক আঞ্চলিক সংস্কৰণতে তাৰাৰ সতীত্বৰ মহিমাৰ জৰিয়তে শ্ৰীৰামক অভিশাপ দিয়াৰ বিষয়টোও তুলি ধৰাৰ বিপৰীতে, আন কিছু সংস্কৰণত শ্ৰীৰাম তাৰাৰ জ্ঞানদাতাৰ ভূমিকাত অৱতীৰ্ণ হৈছে। [1] সুগ্ৰীৱই সিংহাসনত পুনৰ আৰোহণ কৰে যদিও প্ৰায়েই বৰ্তমানৰ প্ৰধান ৰাণী তাৰাৰ সহিতে মদ্যপান-আমোদ প্ৰমোদত ব্যস্ত থাকি তেওঁৰ পুৰণি মিত্ৰ শ্ৰীৰামৰ অপহৃত পত্নী সীতাৰ সম্ভেদ উলিওৱাত সহযোগিতাৰ প্ৰতিজ্ঞা পালন কৰাত ব্যৰ্থ হয়। [5] সুগ্ৰীৱৰ ৰামৰ প্ৰতি বিশ্বাসঘাতকতাৰ পোতক তুলিবলৈ উদ্যত হোৱা লক্ষ্মণক বুজাই বঢ়াই ৰামৰ সৈতে সুগ্ৰীৱৰ পুনঃমিলনৰ কাৰ্য সম্পাদন কৰে তদানীন্তন সুগ্ৰীৱৰ ৰাণী আৰু প্ৰধান কূটনীতিবিদ তাৰাই। [1][5]
মন্দোদৰী আছিল লংকাৰ ৰজা ৰাক্ষসৰাজ ৰাৱণৰ প্ৰধান ৰাণী। হিন্দু ধৰ্মীয় মহাকাব্যসমূহত মন্দোদৰী এগৰাকী পৰমা সুন্দৰী, ধাৰ্মিক আৰু সাত্বিক নাৰী হিচাপে চিত্ৰিত হৈছে। মন্দোদৰীৰ পিতৃ অসুৰগণৰ ৰজা মায়াসুৰ, আনহাতে মাতৃ হেমা আছিল এগৰাকী অপ্সৰা (স্বৰ্গীয় জলপৰী)। কিছু কাহিনীবিশেষত বৰ্ণনা কৰা হৈছে যে মধুৰা নামৰ এগৰাকী অপ্সৰা অভিশপ্ত হৈ বেঙত পৰিণত হৈছিল আৰু ১২ বছৰ কাল জুৰি নাদৰ মাজত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। অভিশাপৰ পৰিসমাপ্তিত তেওঁ পুনৰ বেঙৰ ৰূপৰ পৰা সুন্দৰী কুমাৰীৰ ৰূপ-লাৱণ্য ঘূৰাই পায়। আন কিছু কাহিনীত এটা বেঙে আশীৰ্বাদ প্ৰাপ্তিৰ জৰিয়তে সুৰূপা কৰ্ম-পৰিচাৰিকালৈ ৰূপান্তৰ হোৱাৰ বিষয়েও পোৱা যায়। [4] অৱশ্যে উভয় ক্ষেত্ৰতে, সেই সুন্দৰী গৰাকী মায়াসুৰৰ দ্বাৰা তেওঁৰ পোষিত কন্যা মন্দোদৰী হিচাপে লালিত-পালিত হৈছে। এবাৰ ৰাৱণৰ ঘটনাবশতঃ মায়াসুৰৰ গৃহত পদাৰ্পণ হৈছে আৰু ৰূপৱতী মন্দোদৰীৰ প্ৰেমত পৰিছে। ইয়াৰ পিছত ৰাৱণৰ সৈতে মন্দোদৰীৰ বৈবাহিক সম্পৰ্ক স্থাপন হৈছে, আৰু তেওঁলোক মেঘনাদ (ইন্দ্ৰজিত), অতিকায় আৰু অক্ষয়কুমাৰ নামৰ তিনিজন পুত্ৰসন্তানৰ পিতৃ-মাতৃ হৈছে। [10] ৰামায়ণৰ কিছু ৰূপৰ বৰ্ণনাত, মন্দোদৰীক ৰাৱণ কতৃক ঘৃণ্য অপহৰণৰ বলি শ্ৰীৰামচন্দ্ৰৰ সহধৰ্মিনী সীতাৰো মাতৃ হিচাপে চিত্ৰায়ণ কৰা হৈছে। [11] স্বামী ৰাৱণৰ অশেষ দোষ-ত্ৰুটি থকা স্বত্বেও মন্দোদৰীয়ে তেওঁক ভালপায় আৰু ধৰ্মৰ পথ অনুসৰণ কৰিবলৈ পৰামৰ্শ দান কৰি থাকে। মন্দোদৰীয়ে অপহৃতা সীতাদেৱীক শ্ৰীৰামচন্দ্ৰক ঘূৰাই দিবলৈও বাৰম্বাৰ পৰামৰ্শ দিয়ে যদিও ৰাৱণে সেয়া গ্ৰাহ্য নকৰিলে। [4] ৰাৱণৰ প্ৰতি মন্দোদৰীৰ গভীৰ ভালপোৱা আৰু আনুগত্যবোধ ৰামায়ণত উচ্ছসিতভাৱে ফুটি উঠিছে। [12] ৰামায়ণৰ পৃথক সংস্কৰণসমূহত ৰামচন্দ্ৰৰ বানৰ সেনাগণৰ হাতত মন্দোদৰীৰ নিগ্ৰহতাৰ বিষয় চিত্ৰিত হৈছে। [1] কিছু সংস্কৰণত ৰাৱণৰ যজ্ঞৰ আহুতি পণ্ড কৰা বানৰ সেনাগণৰ হাতত তেওঁ অপদস্থ হৈছে। অন্য কিছু সংস্কৰণত বানৰ সেনাই ৰাৱণৰ জীৱন-ৰক্ষাকৱচস্বৰূপ মন্দোদৰীৰ সতীত্ব নাশৰ বিষয়ো বৰ্ণনা কৰিছে। [1] হনুমান চাতুৰালিৰ কৌশলেৰে মন্দোদৰীৰ পৰা এক ঐন্দ্ৰজালিক কাঁড়ৰ অৱস্থান অৱগত হৈছে, আৰু সেই বিশেষ কাড়ঁৰ প্ৰয়োগেৰে পিছত ৰামে ৰাৱণক বধ কৰিছে। ৰাৱণৰ ভাতৃ বিভীষণে, যি ৰামৰ সৈতে সহযোগী হৈ ৰাৱণৰ নিধনত ভূমিকা গ্ৰহণ কৰিছিল, ৰাৱণ-বধৰ পিছত শ্ৰীৰামচন্দ্ৰৰ পৰামৰ্শ মতে মন্দোদৰীৰ সৈতে বৈবাহিক সম্পৰ্কত আৱদ্ধ হয়। [1] ৰামায়ণৰ কিছু সংস্কৰণত মন্দোদৰীয়ে সীতাদেৱীক অভিশাপ দিছে যে, নিজৰ কৃতকৰ্মৰ ফলস্বৰূপে এদিন শ্ৰীৰামচন্দ্ৰই সীতাক পৰিতাজ্য কৰিব। [1]
সীতা ৰামায়ণৰ প্ৰধান নাৰী চৰিত্ৰ। তেওঁ ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰৰ সহধৰ্মিনী। তদুপৰি, বিষ্ণুৰ পত্নী তথা ধন-সম্পদৰ অধিকাৰিনী লক্ষ্মীদেৱীৰ অৱতাৰ হৈছে সীতা। সীতা সকলো হিন্দু নাৰীৰ বাবে আদৰ্শৱতী হিচাপে বিবেচিত। সীতা বিদেহ ৰাজ্যৰ ৰজা জনকৰ পালিতা কন্যা। পৃথিৱীত গড়খাৱৈ খননৰ সময়ত জনকে সীতাক পাইছিল বুলি কোৱা হয়। [13] অযোধ্যাৰ ৰাজকুমাৰ ৰামে স্বয়ম্বৰ অনুষ্ঠানত ধনুভঙ্গৰ জৰিয়তে সীতাৰ পাণিপ্ৰাৰ্থী হয়। ঘটনাক্ৰমে ৰাম চৈধ্যবছৰৰ বাবে বনবাসলৈ যাব লগা হয়। ৰামৰ ইচ্ছাৰ বিপৰীতেই তেওঁৰ সৈতে ভাতৃ লক্ষ্মণ আৰু পত্নী সীতাও স্বেচ্ছাই নিৰ্বাসিত হয়। [13]
দণ্ডকাৰণ্যত নিৰ্বাসন থকা কালত সীতা ৰাৱণৰ কুটিল চক্ৰান্তৰ চিকাৰ হয় আৰু ৰামক এক সোণৰ হৰিণৰ সম্ভেদত প্ৰেৰণ কৰে। সেইসময়তে ৰাৱণে পৰম চাতুৰ্যতাৰে সীতাক অপহৰণ কৰে। ইয়াৰ পিছত ৰাৱণে সীতাক লংকাৰ অশোক বনৰ কুঞ্জনবনত আৱদ্ধ কৰি ৰাখে। এক দীৰ্ঘ পৰিক্ৰমাৰ শেষত শ্ৰীৰামচন্দ্ৰই ৰাৱণক যুদ্ধত পৰাভূত কৰি সীতাক উদ্ধাৰ কৰি আনে। [13] তাৰ পিছত সীতাই অগ্নিপৰীক্ষাৰ মাধ্যমেৰে নিজৰ সতীত্বৰ পৰীক্ষা দিব লগা হয়। অযোধ্যালৈ প্ৰত্যাৱৰ্তনৰ পিছত ৰাম অযোধ্যাৰ ৰজা হিচাপে অভিষিক্ত হয়। [13] জনৈক ব্যক্তিয়ে সীতাৰ সতীত্বৰ সম্পৰ্কে পোষণ কৰা সন্দেহৰ ভিত্তিত ৰামে গৰ্ভৱতী সীতাক বনলৈ পঠিয়াই দিয়ে। [13] সীতাই ঋষি বাল্মিকীৰ তপোবনত লৱ আৰু কুশ নামৰ যমজ পুত্ৰসন্তানৰ জন্ম দিয়ে। [13] ডাঙৰ হোৱাৰ পিছত লৱ-কুশ পিতা ৰামৰ সৈতে পুনৰ্মিলিত হয়। সীতাকো পুনৰ অযোধ্যালৈ ঘূৰাই অনাৰ পূৰ্বে সীতাই সতীত্বৰ পৰীক্ষা দিবলগা হোৱাত সীতা তেওঁৰ জন্মদাত্ৰী মাতৃ বসুমতীৰ কোলাত চিৰদিনৰ বাবে হেৰাই যায়। [13] স্বামী বিবেকানন্দৰ মতে, সীতা ভাৰতৰ প্ৰতিনিধি, ভাৰতৰ আদৰ্শ। তেওঁৰ মতে, অতীতৰ সমগ্ৰ বিশ্বসাহিত্য আৰু ভৱিষ্যতৰ বিশ্বসাহিত্য একীভূত হ'লেও সীতাৰ সমগভীৰ এক চৰিত্ৰ সন্ধান কৰি উলিওৱা অসম্ভৱ। কাৰণ, সীতা অদ্বিতীয়, তেওঁৰ চৰিত্ৰ চিৰকালৰ সৰ্বজনৰ বাবে এবাৰেই ৰচিত হৈছে। স্বামী বিবেকানন্দই শ্ৰীৰামচন্দ্ৰক বিভিন্ন দৃষ্টিকোণেৰে নিৰীক্ষণ কৰিছে, কিন্তু সীতাৰ ক্ষেত্ৰত তেওঁৰ নিৰীক্ষণ একক আৰু অনন্য বুলি প্ৰকাশ কৰিছে।
হিন্দু ধৰ্মৰ আনখন মহাকাব্য মহাভাৰতৰ দুটি মুখ্য চৰিত্ৰ- দ্ৰৌপদী আৰু কুন্তী পঞ্চকন্যাৰ অন্তৰ্ভুক্ত।
দ্ৰৌপদী মহাভাৰতৰ প্ৰধান নাৰী চৰিত্ৰ। তেওঁ পাণ্ডৱ ভাতৃগণৰ দাম্পত্যসংগী আৰু তেওঁলোকৰ ৰাজ্য হস্তিনাপুৰৰ ৰাণী। পাঞ্চালৰ ৰজা দ্ৰুপদৰ হোমাগ্নিৰ পৰা তেওঁৰ জন্ম হৈছিল। দ্ৰোণাচাৰ্য্য আৰু কৌৰৱৰ বিনাশৰ মূল হোতা আছিল দ্ৰৌপদী॥[14] যদিও মধ্যম পাণ্ডৱ অৰ্জুনে ব্ৰাহ্মণৰ ছদ্মবেশধাৰী ৰূপতেই স্বয়ম্বৰত দ্ৰৌপদীৰ পাণিপ্ৰাৰ্থী হয়, কিন্তু ঘটনাক্ৰমে অৰ্জুনৰ মাতৃ তথা দ্ৰৌপদীৰ শাহু কুন্তীৰ নিৰ্দেশত পাণ্ডৱৰ পাঁচোজন ভাতৃৰ সৈতেই দ্ৰৌপদী বিবাহপাশত আৱদ্ধ হয়। দ্ৰৌপদী সৰ্বদাই প্ৰধান স্ত্ৰী হ'ব আৰু সৰ্বদাই সম্ৰাজ্ঞীৰূপে আখ্যায়িত হোৱাৰ চৰ্তত পাণ্ডৱভাতৃগণ এক পৰিকল্পনাত সন্মত হয়। দ্ৰৌপদীয়ে প্ৰতিবছৰে এজন ভাতৃৰ সৈতে ব্যক্তিগত সম্পৰ্ক স্থাপন কৰিব আৰু তেওঁৰ সন্তানৰ মাতৃ হ'ব পাৰিব। সেই বছৰটোত বাকী ৪জন ভাতৃৰ কোনোবাই তেওঁলোকৰ ব্যক্তিগত সময়ত ব্যাঘাত জন্মালে সেইজন ভাতৃয়ে শাস্তিৰূপে ১২ বছৰৰ বাবে তীৰ্থভ্ৰমণ কৰিবলৈ যাব লাগিব। [14] দ্ৰৌপদীয়ে পঞ্চভাতৃৰ প্ৰতিজনৰে সৈতে এটিকৈ সন্তানৰ জন্ম দিছিল, আৰু এই প্ৰক্ৰিয়াত প্ৰতিবছৰৰ শেষত তেওঁ কুমাৰীত্ব পুনৰ-অৰ্জন কৰিছিল। [15]
প্ৰচলিত জনপ্ৰিয় ৰূপকসমূহত, দ্ৰৌপদীয়ে কৰ্ণক তেওঁ জাতিগত পৰিচয়ৰ বাবে বিয়া কৰিবলৈ অমান্তি হৈছে (মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণত এই বিষয়টি পৰিত্যাগ কৰা হৈছে [16], কিয়নো মহাভাৰতৰ প্ৰাচীনতম সংস্কৃত ৰূপসমূহৰ পুনৰুদ্ধাৰৰ জৰিয়তে দেখা গৈছে যে প্ৰকৃতপক্ষে কৰ্ণই ধনুৰ গুণ টানিব নোৱৰাৰ বাবেহে দ্ৰৌপদীয়ে তেওঁক প্ৰত্যাখ্যান কৰিছে)। [17]
এবাৰ ৰাজসূয় যজ্ঞৰ সময়ত দূৰ্য্যোধন পানীৰ এক ডোৱাৰত পৰি যায় আৰু তাকে দেখি ভীম, অৰ্জুন, নকুল, সহদেৱ আৰু গৃহকৰ্মীসকল হাঁহিত ফাটি পৰে। মহাভাৰতৰ আধুনিক ৰূপসমূহত দূৰ্য্যোধনৰ দুৰৱস্থাত কেৱল দ্ৰৌপদীয়েহে ইতিকিঙসূচক হাঁহি মাৰে বুলি কোৱা হৈছে যদিও ব্যাসদেৱৰ মূল মহাভাৰতৰ পৰা ই পৃথক। [18] পাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক কৌৰৱ ভাতৃগণে পাশাখেলত হৰুৱাই খেলৰ চৰ্ত হিচাপে দ্ৰৌপদীক ৰাখি দুৰ্য্যোধনে নিজ অপমানৰ প্ৰতিশোধ লয়। দুঃশাসনে ৰাজদৰবাৰতে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ চেষ্টা চলায়। কিন্তু ঐশ্বৰিক হস্তক্ষেপত দ্ৰৌপদীৰ দেহৰ কাপোৰৰ আৱৰণৰ দৈৰ্ঘ্য অসীমলৈ বৃদ্ধি পোৱাত দ্ৰৌপদীৰ স্ব-মৰ্য্যদা ৰক্ষিত হয়। [14] দ্ৰৌপদীয়ে দুঃশাসনৰ ৰক্তেৰে নিজৰ কেশ ধৌত নকৰা পৰ্য্যন্ত চুলি মেলি ৰখাৰ অঙ্গীকাৰ কৰে, আৰু লগতে তেওঁৰ পঞ্চ-পতি সকলোৰে সম্মুখত ভৎসৰ্না কৰে। পাশা খেলত পৰাজিত পাণ্ডৱ ভাতৃগণে দ্ৰৌপদী সহিতে ১৩ বছৰৰ বাবে নিৰ্বাসন দণ্ড গ্ৰহণ কৰে। নিৰ্বাসনকালত দ্বিতীয় স্বামী ভীমে বিভিন্ন দৈত্য আৰু অপহৰণকাৰী জয়দ্ৰথৰ হাতৰ পৰা দ্ৰৌপদীক ৰক্ষা কৰিছিল। [14] তদুপৰি শ্ৰীকৃষ্ণৰ পত্নী সত্যভামাক স্ত্ৰী-ধৰ্ম সম্পৰ্কে অৱগত কৰোৱাইছিল। নিৰ্বাসনৰ ত্ৰয়োদশতম বৰ্ষত দ্ৰৌপদী আৰু তেওঁৰ স্বামীসকলে বিৰাটৰ ৰাজসভাত ছদ্মবেশ ধাৰণ কৰি আছিল। তেওঁ বিৰাটৰ ৰাণীৰ দাসী হিচাপে কাম কৰিছিল আৰু সেই অৱস্থাতে ৰাণীৰ ভাতৃ কীচকৰ হাতত লাঞ্চিত হয়। ভীমে কীচকক হত্যা কৰি ইয়াৰ পোটক তোলে। [19] নিৰ্বাসিত জীৱনৰ শেষত কৌৰৱ আৰু পাণ্ডৱৰ মাজত ভীষণ যুদ্ধৰ সূত্ৰপাত হয়। এই যুদ্ধত কৌৰৱৰ সমুলঞ্চে বিনাশ হয় আৰু দুঃশাসনৰ হাতত হোৱা দ্ৰৌপদীৰ অপমানৰ প্ৰতিশোধ লোৱা হয়। কিন্তু, এই যুঁজতেই দ্ৰৌপদীতে তেওঁৰ পিতৃ, ভাতৃদ্বয় আৰু পুত্ৰসকলক হেৰুৱাব লগাত পৰে। যুদ্ধৰ শেষত যুধিষ্ঠিৰে হস্তিনাপুৰৰ সিংহাসনত অধিষ্ঠিত হয় আৰু দ্ৰৌপদী প্ৰধান সমাজ্ঞী হয়। [14]
তেওঁলোকৰ জীৱনৰ শেষৰফালে দ্ৰৌপদী আৰু তেওঁৰ পঞ্চস্বামীয়ে হিমালয়ৰ দিশে পদযাত্ৰা কৰি স্বৰ্গ অভিমুখে ৰাওনা হয়। কিন্তু, অন্য স্বামীসকলৰ তুলনাত তেওঁৰ স্বয়ম্বৰ পাণিপ্ৰাৰ্থী মধ্যম পাণ্ডৱ অৰ্জুনৰ প্ৰতি থকা অধিকতৰ মোহৰ ফলস্বৰূপে দ্ৰৌপদী মাজপথতে মৃত্যুমুখত পতিত হয়। [14] তেওঁ গ্ৰাম্য দেৱী হিচাপে পূজিতা হয় আৰু সময়বিশেষে ক্ৰোধৰ দেৱী কালী হিচাপে চিত্ৰিত হয়। বেংগালুৰুৰ প্ৰাচীন কৰগা উৎসৱত দ্ৰৌপদীক আদিশক্তি আৰু পাৰ্বতীৰ অৱতাৰ হিচাপে বন্দনা কৰা হয়। [5][15]
কুন্তী হস্তিনাপুৰৰ ৰজা পাণ্ডুৰ ৰাণী আৰু পাণ্ডৱৰ পঞ্চভাতৃৰ জ্যেষ্ঠ তিনিজনৰ মাতৃ। কুন্তী যাদৱ ৰজা সুৰসেনৰ কন্যা আছিল আৰু তেওঁ কুন্তী সাম্ৰাজ্যৰ নিঃসন্তান ৰজা কুন্তীভোজৰ পোষ্য কন্যা হিচাপে পালিত হৈছিল। [20] প্ৰাৰ্থনা আৰু সেৱাৰ মাধ্যমেৰে কুন্তীৰ দূৰ্বাসা ঋষিৰ পৰা এক বিশেষ মন্ত্ৰ প্ৰাপ্ত হৈছিল। এই মন্ত্ৰ উচ্চাৰণৰ জৰিয়তে কুন্তীয়ে কোনো এজন দেৱতাক আহ্বান জনাই মাতি আনিব পাৰিছিল আৰু তেওঁৰ পৰা সন্তানপ্ৰাপ্তি কৰিব পাৰিছিল। এই বৰৰ ফলপ্ৰসূতা পৰীক্ষা কৰিবৰ নিমিত্তে কুন্তীয়ে উদাসী চিত্তে সূৰ্য্য দেৱতাক আমন্ত্ৰণ জনালে, আৰু সূৰ্য্যদেৱে তেওঁক কৰ্ণি নামৰ এটি পুত্ৰ সন্তান প্ৰদান কৰিলে। অবিবাহিতা কুন্তীয়ে মুখলজ্জাৰ ভয়ত কৰ্ণক পৰিত্যাগ কৰিলে। [20] সেই সময়তে কুন্তীয়ে স্বয়ম্বৰ সভাত পাণ্ডুক স্বামী হিচাপে মনোনীত কৰিছিল। [21] ঘটনাক্ৰমে পাণ্ডু এগৰাকী ঋষিৰ দ্বাৰা শাপগ্ৰস্ত হয়, আৰু সেই শাপ অনুসৰি পাণ্ডুয়ে কোনো নাৰীৰ সৈতে সহবাসত লিপ্ত হ'লেই মৃত্যুমুখত পতিত হ'ব। সেয়ে, পাণ্ডুৰ নিৰ্দেশতেই কুন্তীয়ে দূৰ্বাসাৰ বৰৰ সাহায্যত যমৰ পৰা যুধিষ্ঠিৰ, বায়ুৰ পৰা ভীম, আৰু ইন্দ্ৰৰ পৰা তৃতীয় সন্তান অৰ্জুনৰ মাতৃত্ব অৰ্জন কৰে। [20] পাণ্ডুৰ দ্বিতীয় পত্নী মাদ্ৰীয়ে অশ্বিনৰ পৰা নকুল আৰু সহদেৱ নামৰ যমজ সন্তানদ্বয়ৰ মাতৃত্ব অৰ্জন কৰে। পাণ্ডুৰ মৃত্যুৰ কাৰণ হোৱাৰ অপবাদত মাদ্ৰীয়ে পাণ্ডুৰ মৃত্যুৰ চিতাত সতী হিচাপে প্ৰাণত্যাগ কৰে। কুন্তীয়ে হস্তিনাপুৰলৈ প্ৰত্যাৱৰ্তন কৰি পাঁচজন পুত্ৰৰ যত্ন ল'বলৈ আৰম্ভ কৰে। [20]
পাণ্ডুৰ বৈমাতৃক ভাতৃ আৰু ৰজাৰ বিশ্বস্ত পৰামৰ্শদাতা বিদূৰৰ সৈতে কুন্তীৰ মিত্ৰতা গঢ়ি উঠে। কৌৰৱে কুন্তী আৰু পাণ্ডৱৰ পঞ্চভাতৃক হত্যা কৰিবলৈ চক্ৰাত্ন কৰিছিল। কিন্তু কুন্তী আৰু পঞ্চভাতৃয়ে পলায়ন কৰি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। দৈত্য কুৱঁৰী হিড়িম্বীক হত্যা কৰিবলৈ উদ্যত হোৱা ভীমক কুন্তীয়ে সেই কামৰ পৰা বাৰণ কৰে আৰু তাৰ পৰিৱৰ্তে হিড়িম্বীক বিয়া কৰাবলৈহে পৰামৰ্শ দিয়ে। ভীম আৰু হিড়িম্বীৰ বিবাহৰ জৰিয়তে ঘটোৎকচ নামৰ এজন পুত্ৰ সন্তানৰ জন্ম হয়। [21] কুন্তীয়ে তেওঁৰ সন্তানসকলক সাধাৰণ জনগণক ৰক্ষা কৰিবলৈ পৰামৰ্শ আৰু ভীমক দৈত্য বকাসুৰক নিধন কৰিবলৈ আদেশ প্ৰদান কৰিছিল। [20] অৰ্জুনে দ্ৰৌপদীক স্বয়ম্বৰ সভাত জয় কৰি আনোঁতে কুন্তীয়ে অজ্ঞাতবশতঃ অৰ্জুনে অনা পুৰস্কাৰ আটাইকেউজন ভাতৃৰ মাজত ভাগ কৰিবলৈ নিৰ্দেশনা দিয়ে। [20] ইয়াৰ পিছত কুন্তী আৰু পাণ্ডৱ ভাতৃগণ হস্তিনাপুৰলৈ ঘূৰি আহে। কৌৰৱৰ সৈতে পাশাখেলত পৰাভূত হোৱাৰ পিছত পাণ্ডৱভাতৃগণ দ্ৰৌপদী সহিতে ১৩ বছৰৰ বাবে নিৰ্বাসিত হয়। সেইসময়ত কুন্তী বিদূৰৰ আশ্ৰয়ত থাকিছিল। [20] নিৰ্বাসনৰ সমাপ্তিত পাণ্ডৱ আৰু কৌৰৱৰ মাজত যেতিয়া মহাযুদ্ধৰ সূচনা হৈছিল, তেতিয়া কৌৰৱৰ এজন সেনাপতি হিচাপে অৱতীৰ্ণ হোৱা কৰ্ণক কুন্তীয়ে তেওঁৰ প্ৰকৃত পৰিচয় ডাঙি ধৰে। কুন্তী যে কৰ্ণৰ মাতৃ সেইকথা ব্যক্ত কৰি তেওঁ কৰ্ণক যুদ্ধত পাণ্ডৱভাতৃগণক নিধন নকৰিবলৈ সৈমান কৰিবলৈ চেষ্টা কৰে। অৰ্জুনৰ ব্যতিৰেকে আন পাণ্ডৱসকলক বধ নকৰিবলৈ কৰ্ণ সন্মত হয়। [20] সেই মহাযুদ্ধত কৌৰৱৰ সমূহ ভাতৃৰ লগতে কৰ্ণৰো মৃত্যু হয়। যুদ্ধৰ পৰিসমাপ্তিত কৌৰৱৰ পিতৃ-মাতৃৰ সহিতে কুন্তীয়ে বনলৈ যাত্ৰা কৰে আৰু জীৱনৰ পিছৰ সময়ছোৱা প্ৰাৰ্থনাত নিমগ্ন হয়। কুন্তীৰ বনজুইত দগ্ধ হৈ স্বৰ্গপ্ৰাপ্তি হয়। [5][20]
পঞ্চকন্যা অভিধাৰে বুজোৱা পাঁচোগৰাকী নাৰী চৰিত্ৰৰ ক্ষেত্ৰতে কিছুমান সাধাৰণ বৈশিষ্ট্য দেখা যায়। আটাইকেইগৰাকীৰ কন্যাই মাতৃহীনা আছিল। অহল্যা, তাৰা, মন্দোদৰী, সীতা আৰু দ্ৰৌপদীৰ জন্ম হৈছিল অতিপ্ৰাকৃতিক পৰিঘটনাৰ মাজেৰে। অন্যহাতে, কুন্তী জন্মতেই নিজ মাতৃৰ পৰা বিছিন্ন হৈ পোষ্য সন্তান হিচাপে পৰিগণিত হৈছিল। যদিও কেওগৰাকী কন্যাকেই মাতৃ বা মাতাৰূপে চিত্ৰিত কৰা হৈছে, প্ৰকৃতপক্ষে কুন্তীৰ বাহিৰে আনকেইগৰাকীৰ আখ্যানসমূহত তেওঁলোকৰ মাতৃত্ববোধৰ বৰ্ণনা কৰা হোৱা নাই। পঞ্চকন্যাৰ গাঁথাসমূহৰ ক্ষেত্ৰত আন এক সাধাৰণ উপাদান হৈছে হানি(বা ক্ষতি/হেৰোৱা)ৰ উপস্থিতি। অহল্যা আছিল অভিশপ্তা আৰু নিজৰ পৰিয়ালৰ দ্বাৰাই পৰিতাজ্য। তাৰাই নিজৰ স্বামীক, দ্ৰৌপদীয়ে পাঁচজন পুত্ৰক আৰু মন্দোদৰীয়ে স্বামী, পুত্ৰ আৰু আত্মীয়-স্বজনক; যুদ্ধ-বিগ্ৰহত হেৰুৱাইছে। প্ৰতিগৰাকী কন্যাই জীৱনত শোকাবহ পৰিস্থিতিৰ মুখামুখি হৈছে, পুৰুষ কতৃক ব্যৱহৃত হৈছে; কিন্তু তেওঁলোক জীৱন আৰু সমাজৰ সংগ্ৰামত ব্ৰতী হৈছে। মুক্তমনা অহল্যা তেওঁৰ যৌন-ব্যভিচাৰৰ বাবে নিৰ্যাতনৰ মুখামুখি হৈছে। দ্ৰৌপদী সেৱা-সমৰ্পিত আৰু গুণসম্পন্না হোৱা স্বত্বেও পুৰুষৰ দ্বাৰা নিগ্ৰহৰ সম্মুখীন হৈছে। পঞ্চকন্যাৰ ক্ষেত্ৰত আন এক নিৰ্ধাৰক বৈশিষ্ট্য হৈছে যে, তেওঁলোক সকলো (সীতাৰ ব্যতিৰেকে) একাধিক পুৰুষৰ সৈতে সামাজিকভাৱে স্বীকৃত বিবাহেই অথবা সন্মতিপূৰ্ণ সংগীত্বৰ সম্পৰ্কেৰে জড়িত হৈছে। অহল্যা গৌতম আৰু ইন্দ্ৰৰ সৈতে, তাৰা বালী আৰু সুগ্ৰীৱৰ সৈতে, মন্দোদৰী ৰাৱণ আৰু বিভীষণৰ সৈতে, দ্ৰৌপদী তেওঁৰ পঞ্চ-পতিৰ সৈতে, আৰু কুন্তী পাণ্ডু আৰু তেওঁৰ তিনিজন পুত্ৰৰ দৈৱিক পুত্ৰৰ সৈতে সম্পৰ্কিত। [22]
মহৰি নাচৰ ঐতিহ্যগাঁথাত পঞ্চকন্যাক মহাভূত বা পঞ্চভূতৰ পাঁচটি উপাদানৰ সৈতে জড়িত কৰা হৈছে। অহল্যা, দ্ৰৌপদী, সীতা, তাৰা আৰু মন্দোদৰীয়ে ক্ৰমে পানী, অগ্নি, পৃথিৱী, বতাহ আৰু আকাশক উপস্থাপন কৰে। একেধৰণৰ আন এক উল্লেখত বিমলা পতি নামৰ লেখকগৰাকীয়ে অহল্যা, দ্ৰৌপদী, সীতা, তাৰা আৰু মন্দোদৰীক ক্ৰমে বতাহ, অগ্নি, পৃথিৱী, আকাশ আৰু পানীৰ সৈতে সংযুক্ত কৰিছে। [22]
ন'বেল বঁটা বিজয়ী, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে পঞ্চকন্যাৰ উপাখ্যানসমূহৰ মূলভাৱবস্তুৰ আধাৰত ‘পঞ্চকন্যা’ শীৰ্ষক কবিতাৰ সংগ্ৰহ ৰচনা কৰিছিল। [23] ওড়িষাৰ ঐতিহ্য বহনকাৰী মহৰি নৃত্যৰ জনপ্ৰিয় অনুষঙ্গ হিচাপে পঞ্চকন্যাৰ কাহিনী এতিয়াও বিদ্যামান। [24]
এক দৃষ্টিকোণৰ পৰা পঞ্চকন্যাক আদৰ্শ নাৰীৰূপে গণ্য কৰা হয়। জৰ্জ এম. উইলিয়ামছে মন্তব্য কৰিছে, “তেওঁলোক নিখুঁত নহয় কিন্তু তেওঁলোকে মাতৃ, ভগ্নী, পত্নী আৰু স্ব-গৰিমাৰে নেত্ৰীৰ কৰ্তব্য বা ধৰ্ম পালন কৰি গৈছে"। [25] অন্য এক দৃষ্টিকোণত, মহৰি নৃত্যকলাত তেওঁলোকক দৃষ্টান্তমূলকভাৱে সতী-সাধ্বী নাৰী বা মহাসতী [24] আৰু কিছু অসামান্য গুণাৱলীৰ অধিকাৰী মহামূল্যৱান আদৰ্শনীয় প্ৰাৰূপ হিচাপে বিবেচনা কৰা হয়। [2]
আন এক দৃষ্টিকোণত পঞ্চকন্যাক অনুকৰণীয় আদৰ্শ নাৰী ৰূপে বৰ্ণনা কৰা হোৱা নাই। [26] ‘পঞ্চকন্যা: দ্য ফাইভ্ ভাৰ্জিনছ অৱ ইণ্ডিয়ান এপিকছ' শীৰ্ষক গ্ৰন্থৰ লেখক ভট্টাচাৰ্য্যই পাঁচ সতীৰ বিপৰঅতক্ৰমে ঐতিহ্যগত প্ৰাৰ্থনা: সতী, সীতা, সাৱিত্ৰী, দময়ন্তী আৰু অৰুন্ধতীৰূপে তুলি ধৰে। তেওঁ প্ৰশ্ন কৰে, “অহল্যা, দ্ৰৌপদী, তাৰা, কুন্তী আৰু মন্দোদৰী সতী-সাধ্বী স্ত্ৰী নহয় নেকি, কিয়নো প্ৰতিগৰাকীয়েই নিজৰ স্বামীৰ বাহিৰেও এক বা একাধিক পুৰুষৰ সৈতে ঘনিষ্ঠ আছিল?” [1]
এই নাৰীসকলে তেওঁলোকৰ জীৱনৰ অধিকাংশ সময় ধৰি দুঃখ-কষ্ট পাইছে আৰু ধৰ্মীয় গ্ৰন্থসমূহত নাৰীৰ বাবে প্ৰক্ষেপিত প্ৰবিধান আৰু নীতিসমূহ যথাযথভাৱে অনুসৰণ কৰিছে। মনুস্মৃতি, ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যৰ বৰ্ণনা অনুসৰি তেওঁলোকক আদৰ্শ নাৰী। [27]