পদ্মা সচদেৱ

পদ্মা সচদেৱ

২০১৮ চনত সচদেৱ
জন্ম ১৭ এপ্ৰিল, ১৯৪০
পূড়মণ্ডল, জম্মু, জম্মু আৰু কাশ্মীৰ, ব্ৰিটিছ ৰাজ
মৃত্যু ০৪ আগষ্ট, ২০২১ (৮১ বছৰ)
মুম্বাই
পেচা কবি, লেখক
ভাষা ডোগ্ৰী ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা; পদ্মশ্ৰী; কবীৰ সন্মান
দাম্পত্যসংগী বেদপাল দীপ আৰু সুৰিন্দৰ সিং (১৯৬৬-২০২১)

পদ্মা সচদেৱ (ইংৰাজী: Padma Sachdev; ১৭ এপ্ৰিল ১৯৪০ – ৪ আগষ্ট ২০২১) এগৰাকী ভাৰতীয় কবি আৰু ঔপন্যাসিক আছিল। তেওঁ ডোগ্ৰী ভাষাৰ প্ৰথম আধুনিক মহিলা কবি[1] তেওঁ হিন্দীতো লিখিছিল। তেওঁৰ প্ৰকাশিত কেইবাটাও কবিতা সংকলনৰ ভিতৰত মেৰী কবিতা মেৰে গীত সংকলনটোৱে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[2][3] তেওঁ ২০০১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী[4] আৰু মধ্য প্ৰদেশ চৰকাৰে কবিতাৰ বাবে প্ৰদান কৰা ২০০৭-০৮ বৰ্ষৰ কবীৰ সন্মান[5], ২০১৫ বৰ্ষৰ সৰস্বতী সন্মান[6][7] আৰু ২০১৯ চনত সাহিত্য অকাডেমি ফেলোশ্বিপ লাভ কৰিছিল।[8]

ব্যক্তিগত জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

১৯৪০ চনৰ ১৭ এপ্ৰিলত জম্মুৰ পূড়মণ্ডলৰ এটা ব্ৰাহ্মণ পৰিয়ালত সচদেৱৰ জন্ম হৈছিল।[9] ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত নিহত হোৱা এগৰাকী সংস্কৃত পণ্ডিত, অধ্যাপক জয় দেৱ বাদুৰ তিনিটা সন্তানৰ ভিতৰত তেওঁ জ্যেষ্ঠ আছিল। তেওঁ প্ৰথমে বেদপাল দীপক বিয়া কৰাইছিল আৰু পিছত ১৯৬৬ চনত সংগীতযুটি সিং বন্ধুৰ গায়ক সুৰিন্দৰ সিঙক বিয়া কৰায়।[10] তেওঁ স্বামী সুৰিন্দৰ সিঙৰ সৈতে প্ৰথমে নতুন দিল্লীত বাস কৰিছিল, কিন্তু পিছত মুম্বাইলৈ স্থানান্তৰিত হয়।[2] ২০২১ চনৰ ৪ আগষ্টত, মুম্বাইত পদ্মা সচদেৱৰ মৃত্যু হয়।[11][12] তেওঁলোকৰ কন্যাৰ নাম আছিল মিতা সচদেৱ।

কৰ্মজীৱন

[সম্পাদনা কৰক]

সচদেৱে ১৯৬১ চনৰপৰা জম্মুৰ অল ইণ্ডিয়া ৰেডিঅ’ত ঘোষক হিচাপে কাম কৰিছিল। ইয়াত তেওঁ তেওঁৰ জীৱনসংগী হিন্দুস্তানী কণ্ঠশিল্পী সুৰিন্দৰ সিঙক প্ৰথমবাৰৰ বাবে লগ পাইছিল।[10] পৰৱৰ্তী বছৰবোৰত তেওঁ মুম্বাইৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতেও কাম কৰিছিল।[2]

সচদেৱে ১৯৬৯ চনত, তেওঁৰ সংকলন মেৰী কবিতা মেৰে গীতৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই সংকলনটোৰ প্ৰস্তাৱনাত হিন্দী কবি ৰামধাৰী সিং দিনকাৰে উল্লেখ কৰিছে যে,

পদ্মাৰ কবিতা পঢ়াৰ পিছত মই অনুভৱ কৰিছিলো যে মই মোৰ কলমটো পেলাই দিব লাগে – কিয়নো পদ্মাই যি লিখিছে সেয়াহে সঁচা কবিতা।

পদ্মাৰ আত্মজীৱনী বুন্দ বাৱাদীক কালজয়ী বুলি গণ্য কৰা হয়। তেওঁৰ ইন বিন (উইডাউট ডেম) নামৰ কিতাপখনত ভাৰতীয় পৰিয়ালত ঘৰুৱা সহায়কসকলৰ প্ৰশংসাশূণ্য ভূমিকাক চিত্ৰিত কৰা হৈছে।[13]

১৯৭৩ চনত পদ্মাই বেদ ৰহিৰ প্ৰেম পৰবত নামৰ হিন্দী চলচ্চিত্ৰখনৰ বাবে ‘মেৰা ছোটা চা ঘৰ বাৰ’ গীতটো লিখিছিল; চিনেমাখনৰ সংগীত কৰিছিল জয়দেৱে। তাৰ পিছত, ১৯৭৮ চনৰ হিন্দী চলচ্চিত্ৰ আঁখে দেখিৰ বাবে তেওঁ দুটা গীত লিখিছিল, য’ত জে.পি. কৌশিকৰ সংগীত আছিল আৰু ইয়াৰে মহম্মদ ৰফী আৰু সুলক্ষনা পণ্ডিতে দ্বৈত কণ্ঠত গোৱা সোনা ৰে, তুঝে কেইচে মিলো গীতটি জনপ্ৰিয় হৈছিল। তেওঁ ১৯৭৯ চনৰ হিন্দী চলচ্চিত্ৰ সাহসৰ বাবে যোগেশৰ সৈতে গীত লিখিছিল, য’ত আমিন সংগীতে সংগীত কৰিছিল।[12]

স্বীকৃতি

[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • নৌহচিন; (কিতাপঘৰ, ১৯৯৫)
  • ম্যে কহতি হ্যুঁ আঁখে দেখি (ভ্ৰমণ কাহিনী, ভাৰতীয় জ্ঞানপীঠ, ১৯৯৫)
  • ভতকৌ নেহী ধনঞ্জয় (ভাৰতীয় জ্ঞানপীঠ, ১৯৯৯, আইএছবিএন ৮১২৬৩০১৩০৯)
  • আমৰাই (ৰাজকমল প্ৰকাশন, ২০০০, আইএছবিএন ৮১৭১৭৮৭৬৪৯)
  • জম্মু জ’ কভী চাহাৰা থা (উপন্যাস, ভাৰতীয় জ্ঞানপীঠ, ২০০৩, আইএছবিএন ৮১২৬৩০৮৮৬৯)
  • ফিৰ ক্যা হুঁৱা, (জ্ঞানেসৱাৰা আৰু পাৰ্থ সেনগুপ্তাৰ সৈতে, নেচনেল বুক ট্ৰাষ্ট, ২০০৭, আইএছবিএন ৮১২৩৭৫০৪২০)
অনুবাদ
  • Where Has My Gulla Gone (এন্থল’জি, প্ৰভাত প্ৰকাশন, ২০০৯, আইএছবিএন ৮১৮৮৩২২৪১৫)
  • আ ড্ৰপ ইন দ্য অ’চন: এন অট’বায়গ্ৰাফী (অনুবাদ: উমা বাসুদেৱ, জ্যোৎস্না সিং; নেচনেল বুক ট্ৰাষ্ট, ২০১১, আইএছবিএন ৮১২৩৭৬১৭৭৫)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. George, p. 522
  2. 2.0 2.1 2.2 Mathur, p. 182
  3. "Sahitya Akademi Award". Official website. http://sahitya-akademi.gov.in/sahitya-akademi/searchAwards.jsp। আহৰণ কৰা হৈছে: 26 February 2013. 
  4. "Padma Awards Directory (1954–2009)". Ministry of Home Affairs (India). http://www.mha.nic.in/pdfs/LST-PDAWD.pdf. 
  5. "Rashtriya Mahatma Gandhi Award to be given to Seva Bharti". 10 August 2008. Archived from the original on 27 September 2013. https://web.archive.org/web/20130927234948/http://www.hindu.com/thehindu/holnus/004200808101759.htm. 
  6. "Jammu-born poet Padma Sachdev gets Saraswati Samman". Business Standard India. Press Trust of India. 12 April 2016. https://www.business-standard.com/article/pti-stories/jammu-born-poet-padma-sachdev-gets-saraswati-samman-116041200967_1.html. 
  7. "Dogri poet Padma Sachdev awarded Saraswati Samman" (en ভাষাত). India Today. April 12, 2016. https://www.indiatoday.in/pti-feed/story/dogri-poet-padma-sachdev-awarded-saraswati-samman-588997-2016-04-12। আহৰণ কৰা হৈছে: 2021-12-01. 
  8. "Padma Sachdev conferred Akademi's highest honour" (en-US ভাষাত). DailyExcelsior. 12 June 2019. https://www.dailyexcelsior.com/padma-sachdev-conferred-akademis-highest-honour/। আহৰণ কৰা হৈছে: 4 August 2021. 
  9. "Padamshree Padma Sachdev" (en-US ভাষাত). DailyExcelsior. 17 April 2021. https://www.dailyexcelsior.com/padamshree-padma-sachdev/। আহৰণ কৰা হৈছে: 4 August 2021. 
  10. 10.0 10.1 "Song of the Singhs". The Hindu. 6 May 2004. http://www.hindu.com/mp/2004/05/06/stories/2004050600290300.htm. 
  11. "Eminent Dogri Poet Padma Sachdev dies at 81, Jitendra Singh mourns". United News of India. 4 August 2021. http://www.uniindia.com/eminent-dogri-poet-padma-sachdev-dies-at-81-jitendra-singh-mourns/north/news/2467251.html. 
  12. 12.0 12.1 "Dogri Poet Padma Sachdev Is No More". Kashmir Life. 4 August 2021. https://kashmirlife.net/dogri-poet-padma-sachdev-is-no-more-273698/। আহৰণ কৰা হৈছে: 4 August 2021. 
  13. Ghosh, Avijit; Khajuria, Sanjay (August 5, 2021). "Noted Dogri writer Padma Sachdev, who passed away, worked closely with Lata Mangeshkar" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/india/noted-dogri-writer-padma-sachdev-who-passed-away-worked-closely-with-lata-mangeshkar/articleshow/85062834.cms। আহৰণ কৰা হৈছে: 2021-08-07. 
  14. "Padma Sachdev conferred with Dinu Bhai Pant Life Time Award" (en-US ভাষাত). DailyExcelsior. 3 October 2017. https://www.dailyexcelsior.com/padma-sachdev-conferred-with-dinu-bhai-pant-life-time-award/। আহৰণ কৰা হৈছে: 4 August 2021. 
  15. "Dogri poetess Padma Sachdev awarded Krutitava Smagra Samman" (en ভাষাত). www.thehansindia.com. 7 March 2016. https://www.thehansindia.com/posts/index/National/2016-03-06/Dogri-poetess-Padma-Sachdev-awarded-Krutitava-Smagra-Samman/211809। আহৰণ কৰা হৈছে: 4 August 2021.