লোকযাদু আৰু যাদুবিদ্যাত পপেট (ইংৰাজী: Poppet) (পপেট, মপেট, বা পপি বুলিও জনা যায়) হৈছে কোনো ব্যক্তিক প্ৰতিনিধিত্ব কৰিবলৈ, সেই ব্যক্তিজনৰ ওপৰত মন্ত্ৰ চলাবলৈ বা যাদুৰ জৰিয়তে সেই ব্যক্তিজনক সহায় কৰিবলৈ নিৰ্মাণ কৰা পুতলা।[1]মাজে মাজে পপেটক চিমনিত সোমাই থকা দেখা যায়।[2][3]এই পুতলাবোৰক খোদিত শিপা, শস্য বা কুঁহিয়াৰৰ খাদ, ফল, কাগজ, মোম, আলু, মাটি, ডাল বা বনৌষধিৰে ভৰোৱা কাপোৰ আদি সামগ্ৰীৰ পৰা তৈয়াৰ কৰিব পাৰি। সহানুভূতিশীল যাদুৰ (Sympathetic magic) ওপৰত ভিত্তি কৰি বিষয়টোলৈ প্ৰতিমূৰ্তিটোৰ ওপৰত কৰা যিকোনো কাৰ্য্য স্থানান্তৰিত কৰাটোৱেই ইয়াৰ উদ্দেশ্য।[1][4]পপেটক পাকঘৰৰ যাদুবিদ্যাতো ব্যৱহাৰ কৰা হয়।
poppet শব্দটো puppet ৰ পুৰণি বানান। ই আহিছে মধ্য ইংৰাজী popetৰ পৰা, যাৰ অৰ্থ হৈছে সৰু শিশু বা পুতলা। ব্ৰিটিছ ইংৰাজীত ই এই অৰ্থ ধৰি ৰাখিছে। পপেট হৈছে মূলতঃ বৃটিছ শব্দৰ প্ৰিয়তা বা সৰু শিশু বা ছোৱালীক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ।[5] "প্ৰিয়" বা "মিঠা" শব্দৰ দৰে।[6]
সমগ্ৰ বিশ্বতে পপেটক আত্মা সেতু হিচাপে দেখা যায়। এটা পপেটক ভাল কামৰ বাবে তৈয়াৰ কৰিব পাৰি। পপেটৰ জৰিয়তে স্বাস্থ্যৰ বাবে ফলাফলৰ আশাত শুভকামনা প্ৰকাশ কৰিব পাৰি। এই পপেটবোৰৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কিছুমান অশুভ পদ্ধতিও আছে।[1][7]
সমগ্ৰ বিশ্বতে প্ৰতিটো সংস্কৃতিৰ পপেটৰ নিজস্ব সংস্কৰণ আছে।[8] কিন্তু কোনো এটা সংস্কৃতিৰ বাবে উপলব্ধ সামগ্ৰীৰ বাবে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, পপেটৰ উদ্দেশ্য। উদ্দেশ্যৰ বাবে পপেট পুতলাবোৰ ভিন্ন হয়।[9]
জাৰ্মান পাকঘৰৰ যখিনীৰ উৎপত্তি সম্পৰ্কত একাধিক বিতৰ্কিত মত আছে। অঞ্চলটোৰ কিছুমান লোকৰ মতে পাকঘৰৰ এই পপেটৰ উৎপত্তি স্ক্যাণ্ডিনেভিয়াৰ পৰাই হৈছে, য’ত পপেটৰ প্ৰথম উল্লেখ ইংলেণ্ডৰ বুলি লিখা আছে।[10]
এই পপেটৰ উদ্দেশ্য হৈছে ঘৰৰ পাকঘৰলৈ ভাল শক্তি অনা, পাকঘৰৰ দুৰ্যোগ প্ৰতিহত কৰি বেয়া শক্তি উলিওৱাত সহায় কৰা। সচৰাচৰ পাকঘৰৰ বহুতো ত্ৰুটিৰ ভিতৰত খাদ্য বেয়াকৈ প্ৰস্তুত হোৱাৰ আশংকা হ্ৰাস কৰা যেনেঃ আহাৰ পোৰা বা কমকৈ ৰন্ধা আদি অন্তৰ্ভুক্ত থাকিব পাৰে। এই পৰম্পৰাবোৰ বজাই ৰখাৰ বাবে পুতলা অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰ্থনা বা ৰীতি-নীতিৰ প্ৰয়োজন হয় কিয়নো পাকঘৰটো ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানবোৰৰ ভিতৰত এটা। শৰীৰ ৰক্ষাৰ প্ৰয়োজনীয় উপাদানসমূহ ইয়াতেই প্ৰস্তুত হয়।[11]
বহু ব্যক্তিৰ বাবে নিজকে সুস্থ ৰখাৰ আটাইতকৈ শক্তিশালী হিচাপে এই পপেটক মান্যতা দিয়া হয়। আন কিছুমানে হয়তো সেই মুহূৰ্তত জীৱনৰ কঠিন সময়খিনি পাৰ হ’বলৈ নিজকে ভালপোৱাৰ ধৰণ হিচাপে এই পপেটক ব্যৱহাৰ কৰিব পাৰে। আন কিছুমানৰ বাবে অতীতত পাৰ কৰি অহা তেওঁলোকৰ জীৱনৰ কঠিন সময় অতিক্ৰম কৰিবলৈ নিজকে ভাল পোৱাৰ প্ৰয়োজন হ'ব পাৰে। এই পপেট কিছুমানৰ বাবে তেওঁলোকৰ আত্মীয়সকলৰ প্ৰতি প্ৰেম দেখুওৱা আৰু লগতে প্ৰেমিকযুগলে এজনে আনজনৰ বাবে প্ৰেম নিবেদন কৰাও অন্তৰ্ভুক্ত কৰে। জিঞ্জাৰব্ৰেড মেনৰ ভিতৰত গোলাপ কোৱাৰ্টছ বা পাহি থাকিব পাৰে। ব্যক্তিসকলে নিজৰ প্ৰিয় ফুল যোগ কৰি ইয়াক নিৰ্মিত কৰে।[2]
ইতিহাসৰ বহু লোকে সমৃদ্ধি প্ৰাপ্তিৰ প্ৰতি থকা প্ৰৱণতাক কিবা নহয় কিবা প্ৰকাশ কৰিছে। ইয়াক আশা আৰু শক্তিৰ প্ৰতীক হিচাপে দেখা যায়। ইয়াৰ লগত প্ৰতিকাৰ পপেটৰ বহু মিল আছে। সমৃদ্ধি পপেটৰ জৰিয়তে জ্ঞান লাভ, বিদ্যালয়, কাম, শাৰীৰিক স্থিতিৰ উপৰি বিত্তীয় স্থিতি উন্নীত কৰি নিজৰ জীৱনত সুপ্ৰভাৱ পেলাব পাৰি। এনে বস্তুবোৰ এজন ব্যক্তিৰ ভাগ্যৰ দুৱাৰ খোলাৰ মাধ্যম হ'ব পাৰে।[3]
মানসিক, শাৰীৰিক আৰু আৱেগিকভাৱে সুস্বাস্থ্য প্ৰদান কৰাৰ আশাত বেছিভাগ লোকে এই পপেট লালন কৰা দেখা যায়। এই পপেটত সচৰাচৰ গোলাপৰ কোয়াৰ্টৰ দৰে মূল্যৱান আৰোগ্যকাৰী শিল অন্তৰ্ভুক্ত কৰা হয়। শৰীৰ আৰু মন পৰিষ্কাৰ কৰিবলৈ গোলাপৰ পাহি আৰু salvia গছৰ পাত ব্যৱহাৰ কৰা হয়।[4]
এই পপেট ব্যক্তিৰ পৰিয়াল আৰু আপোনজনৰ আধ্যাত্মিক সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও ইয়াত দুষ্ট চকু আৰু বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰৰ সকলো অবাঞ্চিত শক্তিক বহিষ্কাৰ কৰা ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে। বহুলোকে শাৰীৰিকভাৱে বাস্তৱবাদী হৈ এই পপেটবোৰ তেওঁলোকৰ অভিপ্ৰেত ব্যক্তিৰ দৰে সদৃশ কৰিবলৈ প্ৰস্তুত কৰে। তুলসী, পাচৌলি আৰু কফিৰ উপৰিও হেমাটাইট আৰু এমিথিষ্টৰ দৰে বহুতো সামগ্ৰী এনেধৰণৰ পপেটৰ অন্তৰ্ভুক্ত।[5]