পলাশ | |
---|---|
ভাৰতৰ বাংগালোৰত পলাশ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Butea |
প্ৰজাতি: | B. monosperma |
বৈজ্ঞানিক নাম | |
Butea monosperma (Lam.) Taub. | |
সমাৰ্থক | |
Butea frondosa Roxb. ex Willd. |
পলাশ মধ্যমীয়া আকাৰৰ পৰ্ণপাতি বৃক্ষ। সংস্কৃতত ইয়াক কিংচুক আৰু মণিপুৰী ভাষাত পাঙ গোঙ নামে পৰিচিত (ইংৰাজী: Parrot tree, Bastard Teak)। পলাশ Fabaceae পৰিয়ালৰ সদস্য। পলাশ গছ ইয়াৰ ফুলৰ বাবেই সবাতোকৈ বেছি পৰিচিত।[2]
পলাশ গছ সৰ্বোচ্চ ১৫ মিটাৰ পৰ্যন্ত ওখ হয়। শীতকালত পলাশৰ পাত সৰি যায়। বসন্তৰ আগমনত ইয়াৰ ফুল ফুলে। ফাগুন মাহৰ আৰম্ভণিৰ পৰা পলাশৰ ফুল ফুলিবলৈ ধৰে। সেয়ে পলাশ ফুল ফুলা ফাগুনৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ৰক্ত ৰঙাৰ বাহিৰেও হালধীয়া আৰু ৰঙা-কমলা ৰঙৰ পলাশ ফুলো দেখা যায়। পলাশৰ বাকলি ধূসৰ। শাখা-প্ৰশাখা আৰু কাণ্ড একা-বেকা। কুঁহি পাত ৰেশমৰ দৰে সূক্ষ্ম। গাঢ় সেউজীয়া পাত ত্ৰিপত্ৰী, দেখিবলৈ প্ৰায় মদাৰ গছৰ পাতৰ নিচিনা হলেও আকাৰত ডাঙৰ। পলাশৰ ফল দেখিবলৈ প্ৰায় উৰহীৰ নিচিনা। ভাৰত উপমহাদেশৰ প্ৰায় সকলো অঞ্চলত কম-বেছি পৰিমাণে পলাশ গছ পোৱা যায়।[2]