পশুপতিনাথ মন্দিৰ | |
---|---|
২০২০ চনত পশুপতিনাথ মন্দিৰ | |
স্থান | |
দেশ | নেপাল |
অঞ্চল | বাগমতী প্ৰদেশ |
জিলা | কাঠমাণ্ডু |
এলেকা | কাঠমাণ্ডু |
স্থান | কাঠমাণ্ডু |
স্থানাংক | 27°42′35″N 85°20′55″E / 27.70972°N 85.34861°Eস্থানাংক: 27°42′35″N 85°20′55″E / 27.70972°N 85.34861°E |
স্থাপত্য আৰু সংস্কৃতি | |
স্থাপত্য শৈলী | পাগোডা |
পশুপতিনাথ মন্দিৰ (ইংৰাজী: Pashupatinath Temple) নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত ভগৱান শিৱৰ এক ৰূপ পশুপতিনাথৰ প্ৰতি উছৰ্গিত হিন্দু মন্দিৰ। কাঠমাণ্ডু উপত্যকাৰ বাগমতী নদীৰ পাৰত এই ঐতিহাসিক মন্দিৰ অৱস্থিত। এই মন্দিৰক ১৯৭৯ চনত কাঠমাণ্ডু উপত্যকাৰ নামত সাতটা কীৰ্তিচিহ্ন গোটৰ অন্যতম হিচাপে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এই "বিস্তৃত হিন্দু মন্দিৰ চৌহদ" হৈছে "পৱিত্ৰ বাগমতী নদীৰ পাৰত শতিকাজুৰি অৱস্থিত মন্দিৰ, আশ্ৰম, প্ৰতিমূৰ্তি আৰু শিলালিপিৰ বিস্তৃত সংকলন" আৰু ইউনেস্ক'ৰ কাঠমাণ্ডু উপত্যকাৰ নাম দিয়া সাতটা কীৰ্তিচিহ্ন গোটৰ ভিতৰত অন্যতম।[1] ২৪৬ হেক্টৰ (২,৪৬০,০০০ বৰ্গ মিটাৰ) এলেকাত নিৰ্মিত এই বৃহৎ মন্দিৰ চৌহদত ৫১৮টা সৰু মন্দিৰ আৰু এটা মূল মন্দিৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই মন্দিৰটো অন্যতম পাদল পেট্ৰা স্থলম হিচাপে জনাজাত।
পশুপতিনাথ ক্ষেত্ৰ শৈৱ, শাক্ত, বৈষ্ণৱ, বৌদ্ধ, জৈন, সৌৰ, গণপত, নাথ, শিখ ইত্যাদি প্ৰধান সম্প্ৰদায়ৰ ভক্তসকলৰ উমৈহতীয়া বিশ্বাস আৰু ভক্তিৰ কেন্দ্ৰ হৈ আহিছে। পশুপতি অঞ্চলত বিভিন্ন স্মৃতিসৌধ আৰু পূজাস্থলীও আছে।[2]
পশুপতিনাথ মন্দিৰৰ নিৰ্মাণৰ সঠিক তাৰিখ অনিশ্চিত যদিও মন্দিৰৰ বৰ্তমানৰ স্বৰূপটো ১৬৯২ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল।[3] কালক্ৰমত দুমহলীয়া মন্দিৰটোৰ চাৰিওফালে আৰু বহুতো মন্দিৰ স্থাপন কৰা হৈছে। এই স্থানতে চতুৰ্দশ শতিকাৰ ৰাম মন্দিৰ থকা বৈষ্ণৱ মন্দিৰ কমপ্লেক্স আৰু একাদশ শতিকাৰ এখন পাণ্ডুলিপিত উল্লেখ কৰা গুহ্যেশ্বৰী মন্দিৰ আছে।
পশুপতিনাথ মন্দিৰ কাঠমাণ্ডুৰ আটাইতকৈ পুৰণি হিন্দু মন্দিৰ। পশুপতিনাথ মন্দিৰ কেতিয়া নিৰ্মাণ হৈছিল সেয়া সঠিককৈ জনা নাযায়। কিন্তু নেপাল মহাত্ময় আৰু হিমৱতখণ্ডৰ মতে[4] ইয়াৰ ইষ্টদেৱতাই পশুপতি নামেৰে খ্যাতি লাভ কৰিছিল। পশুপতিনাথ মন্দিৰৰ অস্তিত্ব ৪০০ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ কৰা হৈছে।[5] মন্দিৰৰ অলংকৃত গৰ্ভগৃহত শিৱলিংগ আছে। ইয়াত আলোক পশুপতিনাথৰ মন্দিৰ কেনেদৰে অস্তিত্বলৈ আহিছিল সেই বিষয়ে বহু কিংবদন্তি আছে।
এটা কিংবদন্তি অনুসৰি বাগমতী নদীৰ পূব পাৰৰ অৰণ্যত শিৱ আৰু পাৰ্বতীয়ে এহাল হৰিণৰ ৰূপ লৈছিল। পিছত দেৱতাসকলে তেওঁৰ এটা শিংত ধৰি তেওঁক পুনৰ নিজৰ ঐশ্বৰিক ৰূপ ল’বলৈ বাধ্য কৰালে। ভঙা শিংটোক লিংগ হিচাপে পূজা কৰা হৈছিল যদিও সময়ৰ লগে লগে এই লিংগ মাটিত পুত যায়। কেইবাশতিকা পিছত এজন পশুপালকে তেওঁৰ এটা গৰুক মাটিত গাখীৰেৰে অভিষেক কৰি থকা অৱস্থাত পাইছিল আৰু সেই স্থানত খান্দি পশুপতিনাথৰ ঐশ্বৰিক লিংগ আৱিষ্কাৰ কৰিছিল।
গোপালৰাজ আলোক ভাটৰ মতে এই মন্দিৰটো লিচ্ছৱী ৰজা প্ৰচন্দ দেৱে নিৰ্মাণ কৰিছিল।
আন এখন বুৰঞ্জীত উল্লেখ আছে যে পশুপতিনাথ মন্দিৰ লিংগ আকৃতিৰ দেৱালয়ৰ ৰূপত আছিল। পিছলৈ সুপুষ্প দেৱে এই ঠাইত পশুপতিনাথৰ পাঁচ মহলীয়া মন্দিৰ নিৰ্মাণ কৰিছিল। সময়ৰ লগে লগে মন্দিৰটো মেৰামতি কৰাৰ প্ৰয়োজন হ’ল। এই মন্দিৰটো শিৱদেৱ (১০৯৯–১১২৬ খ্ৰীষ্টাব্দ) নামৰ মধ্যযুগীয় ৰজাই পুনৰ নিৰ্মাণ কৰিছিল বুলি জনা যায়। অনন্ত মাল্লই ইয়াত চাল সংযোজন কৰিছিল।[6][7]
পশুপতিনাথৰ মূল মন্দিৰ কমপ্লেক্স আৰু গৰ্ভগৃহ অক্ষত অৱস্থাত আছে। যদিও ২০১৫ চনৰ এপ্ৰিল মাহৰ নেপালৰ ভূমিকম্পৰ ফলত কমপ্লেক্সটোৰ বাহিৰৰ কিছু অট্টালিকা ক্ষতিগ্ৰস্ত হৈছিল।
মূল মন্দিৰটো নেপালী পগোডা শৈলীৰ স্থাপত্যত নিৰ্মিত। দুমহলীয়া চালবোৰত তামৰ আৰু সোণৰ আৱৰণ আছে। মন্দিৰটো বেদীৰ পৰা শিখৰলৈকে ২৩মিটাৰ ৭ চে.মি. উচ্চতাৰ বৰ্গক্ষেত্ৰৰ বেদীৰ ওপৰত নিৰ্মিত। ইয়াৰ চাৰিটা মূল প্ৰৱেশদ্বাৰ আছে আৰু গোটেইখন প্ৰৱেশদ্বাৰ ৰূপৰে নিৰ্মিত। এই মন্দিৰৰ এটা সোণৰ শিখৰ আছে। মন্দিৰৰ ভিতৰত দুটা গৰ্ভগৃহ আছে। ভিতৰৰ মূল গৰ্ভগৃহ মূৰ্তি স্থাপন কৰা ঠাই আৰু বাহিৰৰ গৰ্ভগৃহটো মুকলি কৰিডৰৰ দৰে ঠাই।
এই মন্দিৰৰ মূল উপাস্য দেৱতা হৈছে ভগৱান শিৱৰ এক ৰূপ পশুপতিনাথ। গৰ্ভগৃহত স্থাপিত মূল মূৰ্তি হৈছে ৰূপৰ সাপেৰে মেৰিয়াই থোৱা ৰূপৰ যোনিৰূপী বেদীৰ ওপৰত থকা শিলৰ মুখলিংগ। ইয়াৰ উচ্চতা এক মিটাৰ আৰু ইয়াৰ মুখ চাৰিটা দিশত প্ৰসাৰিত হৈ আছে। এই চাৰিটা মুখে ভগৱান শিৱৰ বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰা ৰূপক দৰ্শায়।[8] এই চাৰিটা মুখ হৈছে:
প্ৰতিখন মুখৰ সোঁহাতত ৰুদ্ৰাক্ষ মালা আৰু আনখন হাতত কমণ্ডলু ধৰি থকা সৰুকৈ ওলাই থকা ৰূপে নিৰ্মিত। ভাৰত আৰু নেপালৰ অন্যান্য শিৱ লিংগৰ দৰে এই লিংগটো অভিষেকৰ বাহিৰে সদায় সোণালী বস্ত্ৰ পৰিধান কৰা হয়। গতিকে গাখীৰ আৰু গংগা জলেৰে অভিষেক কেৱল প্ৰধান পুৰোহিতৰ যোগেদি অনুষ্ঠানৰ সময়তহে সম্ভৱ হয়।
মাত্ৰ চাৰিগৰাকী পুৰোহিতেহে পশুপতিনাথৰ মূল মূৰ্তিটো স্পৰ্শ কৰিব পাৰে। পশুপতিনাথৰ দৈনন্দিন ৰীতি-নীতি দুটা গোটৰ পুৰোহিতে কৰে: ভট্ট আৰু ৰাজভাণ্ডাৰী। ভট্টই দৈনন্দিন ৰীতি-নীতি সম্পাদন কৰে আৰু লিংগ স্পৰ্শ কৰিব পাৰে। আনহাতে ভাণ্ডাৰীসকল সহায়ক আৰু মন্দিৰৰ তত্ত্বাৱধায়ক হিচাপে নিয়োজিত। পূজা-অনুষ্ঠান কৰিবলৈ বা দেৱতাক স্পৰ্শ কৰিবলৈ তেওঁলোক যোগ্য নহয়।
ভট্টসকল কৰ্ণাটকৰ উচ্চ শিক্ষিত বৈদিক দ্ৰাবিড় ব্ৰাহ্মণ পণ্ডিত। আন হিন্দু মন্দিৰৰ দৰে পশুপতিনাথৰ পুৰোহিতৰ পদ বংশগত নহয়। শৃংগেৰীৰ শ্ৰী শংকৰাচাৰ্য দক্ষিণাম্নায় সাৰদা পীঠৰ দ্বাৰা শিক্ষিত পণ্ডিতৰ এটা দলৰ পৰা ঋকবৈদিক আবৃত্তি, পশুপাত যোগ, শিৱ আগামত দীক্ষিত আৰু হৰিদ্বাৰৰ পৰা সামবেদ আবৃত্তি শিকি অহা পণ্ডিতৰ এটা দলৰ পৰা পুৰোহিতসকলক নিৰ্বাচিত কৰা হয়। সেই সকলোবোৰ মাপকাঠী যোগ্যতা অৰ্জন কৰি পূৰণ কৰাৰ পিছত তেওঁলোকক পশুপতিনাথ মন্দিৰৰ ৰাজ গুৰুৱে বেদ আৰু শিৱ আগমত কঠোৰ পৰীক্ষা কৰি পুৰোহিতৰ পদৰ বাবে নিৰ্বাচিত কৰে। নিৰ্বাচিত পুৰোহিতজনক পূজা আৰু পশুপতিনাথৰ দৈনিক ৰীতি-নীতি কৰিবলৈ কাঠমাণ্ডুলৈ পঠিওৱা হয়।
মন্দিৰৰ বৰ্তমানৰ ভট্ট পুৰোহিতসকল হ’ল-
পশুপতিনাথৰ বাসুকিনাথ নাগ মন্দিৰৰ বৰ্তমানৰ ভট্ট পুৰোহিত
ৰাজভাণ্ডাৰীসকল হৈছে মন্দিৰৰ কোষাধ্যক্ষ, মন্দিৰৰ তত্ত্বাৱধায়ক তথা সহকাৰী পুৰোহিত। তেওঁলোক পূৰ্বৰ ভট্টসকলে লগত অনা সহায়ক পুৰোহিতৰ বংশধৰ। তেওঁলোকক কাঠমাণ্ডু উপত্যকাত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল আৰু পিছলৈ ৰাজভাণ্ডাৰীৰ বৰ্তমানৰ নেৱাৰ জাতি ব্যৱস্থাত আত্মসাৎ কৰা হৈছিল। তেওঁলোকে নিজকে কাশ্যপ গোত্ৰৰ উচ্চবৰ্ণৰ ক্ষত্ৰিয় বংশ হিচাপে পৰিচয় দিয়ে। তেওঁলোকৰ প্ৰধান কাম হৈছে ভট্ট পুৰোহিতসকলক সহায় কৰা আৰু ভিতৰৰ গৰ্ভগৃহক ৰক্ষণাবেক্ষণ কৰা। তেওঁলোকৰ বৈদিক জ্ঞান কম বা একেবাৰেই নাথাকিব পাৰে যদিও একেটা পৰিয়ালৰ বংশৰ আৰু জাতি, গোত্ৰ, বংশৰ বিশুদ্ধতা, শিক্ষাগত অৰ্হতা আদি কিছুমান মৌলিক মাপকাঠীত থাকিলে সহকাৰী পুৰোহিত হিচাপে যোগ্যতা অৰ্জন কৰিব পাৰে। তেওঁলোকে তিনিজনীয়া গোটত কাম কৰে আৰু প্ৰতি পূৰ্ণিমাৰ দিনত তিনিজনৰ সাল-সলনি কৰে। মন্দিৰত মুঠ ১০৮ গৰাকী ৰাজভাণ্ডাৰী আছে।
মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ চাৰি দিশত চাৰিটা প্ৰৱেশদ্বাৰ আছে। পশ্চিম প্ৰৱেশদ্বাৰ মন্দিৰ চৌহদৰ মূল প্ৰৱেশদ্বাৰ আৰু বাকী তিনিটা প্ৰৱেশদ্বাৰ কেৱল উৎসৱৰ সময়তহে খোলা থাকে। মন্দিৰৰ নিৰাপত্তা (সশস্ত্ৰ আৰক্ষী বাহিনী নেপাল) আৰু পশুপতিনাথ এলেকাৰ উন্নয়ন ট্ৰাষ্টে ভিতৰৰ চৰাত কাক প্ৰৱেশৰ অনুমতি দিয়া হব সেই সম্পৰ্কে পূৰ্বে নিৰ্ধাৰিত ৰীতি অনুসৰণ কৰে। দক্ষিণ এছিয়াৰ প্ৰব্ৰজনকাৰী হিন্দু আৰু নেপালীৰ লগতে তিব্বতী প্ৰব্ৰজনকাৰী বৌদ্ধসকলক কেৱল মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয়। পশ্চিমীয়ামূলৰ অনুশীলনকাৰী হিন্দুক মন্দিৰ কমপ্লেক্সত প্ৰৱেশ কৰিবলৈ দিয়া নহয় আৰু আন অহিন্দু দৰ্শনাৰ্থীয়ে অনুমতি লাভ কৰা সীমাৰ লৈকে হে প্ৰৱেশ কৰিব পাৰে। শিখ আৰু জৈনসকল অৱশ্যে ব্যতিক্ৰম। যদি তেওঁলোক ভাৰতীয় মূলৰ হয় তেন্তে তেওঁলোকে মন্দিৰ কমপ্লেক্সত প্ৰৱেশ কৰিব পাৰে। আন কিছুমানে নদীৰ কাষৰ ফালৰ পৰা মূল মন্দিৰটোৰ দৰ্শন কৰিব পাৰে[11] আৰু ১০০০ নেপালী টকা দি মন্দিৰ কমপ্লেক্সৰ বাহিৰৰ চৌহদত অৱস্থিত সৰু সৰু মন্দিৰবোৰ দৰ্শন কৰিব পাৰে।
ভক্তৰ বাবে মন্দিৰ চৌহদ পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে বাবে খোলা থাকে। যদিও ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে কিন্তু ভিতৰৰ পশুপতিনাথ মন্দিৰ পুৱা ৫ বজাৰ পৰা ১২ বজালৈ ৰাতিপুৱাৰ অনুষ্ঠান আৰু দৰ্শনৰ খোলা থাকে আৰু আবেলি ৫ বজাৰ পৰাৰ পৰা ৭ বজালৈ সন্ধিয়াৰ অনুষ্ঠানৰ বাবে খোলা থাকে। আন বহু শিৱ মন্দিৰৰ দৰে ভক্তক ভিতৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰিবলৈ দিয়া নহয়, কিন্তু বাহিৰৰ গৰ্ভগৃহৰ চৌহদৰ পৰা দৰ্শন কৰিবলৈ দিয়া হয়। ঋতু অনুসৰি মন্দিৰ বন্ধ কৰাৰ সময় সলনি হয়: নৱেম্বৰ মাহত ই ৬.৩০ বজাত বন্ধ হয় আৰু গ্ৰীষ্মকালত নিশা ৮ বজাত মন্দিৰৰ দৰ্শন বন্ধ হয়।
মুখলিংগ স্থাপন কৰা ভিতৰৰ গৰ্ভগৃহত চাৰিটা দিশত চাৰিটা প্ৰৱেশদ্বাৰ আছে। পুৱা ৯:৩০ বজাৰ পৰা ১:৩০ বজালৈ ভক্তই চাৰিও দুৱাৰৰ পৰাই পূজা কৰিব পাৰে। অভিষেকৰ সময়তো চাৰিওটা দুৱাৰ ৯ বজাৰ পৰা ১১ বজালৈ খোলা হয়। মুখলিংগৰ মুখে চাই থকা দিশৰ ওপৰত ভিত্তি কৰি অভিষেক কৰা হয়।
ইয়াত মহাশিৱৰাত্ৰি আৰু তীজ উৎসৱকে আদি কৰি বিভিন্ন উৎসৱ পালন কৰা হয়। পশুপতিনাথ মন্দিৰৰ অন্যতম মুখ্য উদযাপিত উৎসৱ তীজ।[12]
২০০৯ চনৰ জানুৱাৰী মাহত পশুপতিনাথ মন্দিৰৰ মুখ্য পুৰোহিতে বলপূৰ্বক পদত্যাগ কৰাৰ পিছত নেপালৰ মাওবাদী নেতৃত্বাধীন চৰকাৰে মন্দিৰৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তাৰ পৰা ফালৰি কাটি খাছ-গোৰ্খালী জনগোষ্ঠীৰ নেপালী পুৰোহিতসকলক মন্দিৰটোৰ নেতৃত্ব দিবলৈ নিৰ্বাচিত কৰে।[13] এই নিযুক্তিৰ বাবে মন্দিৰৰ ৰাজভাণ্ডাৰীসকলে (মন্দিৰৰ তত্ত্বাৱধায়কসকলে) প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁলোকে কৈছিল যে তেওঁলোক নেপালী পুৰোহিত নিযুক্তিৰ বিৰোধী নহয় বৰঞ্চ সঠিক পদ্ধতি অবিহনে নিযুক্তিৰ বিৰোধী।[14] এই নিযুক্তিক দেৱানী আদালতত প্ৰত্যাহ্বান জনোৱাৰ পিছত নেপালৰ উচ্চতম ন্যায়ালয়ে নিযুক্তি বাতিল কৰে,[15][16] কিন্তু চৰকাৰে এই ৰায়ক আওকাণ কৰি নিজৰ সিদ্ধান্তত অটল থাকে। ইয়াৰ ফলত জনসাধাৰণৰ ক্ষোভ আৰু স্বচ্ছতাৰ অভাৱৰ বাবে প্ৰতিবাদৰ সৃষ্টি হয়। নেপালৰ কমিউনিষ্ট পাৰ্টিৰ যুৱ শাখা (মাওবাদী) আৰু প্ৰতিবাদকাৰী মন্দিৰৰ কৰ্মচাৰীসকলৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় ১০০জন মাওবাদী কেডাৰে মন্দিৰৰ তত্ত্বাৱধায়কসকলক আক্ৰমণ কৰাৰ ফলত ডজনৰো অধিক লোক আহত হয়,[17] যদিও মাওবাদীসকলে এই আক্ৰমণ অস্বীকাৰ কৰে।[18][19] বিৰোধী দলৰ আইন প্ৰণেতা আৰু কৰ্মীসকলে ভট্ট আৰু অন্যান্য ভট্ট সমৰ্থক প্ৰতিবাদকাৰীসকলৰ প্ৰতি সমৰ্থন ঘোষণা কৰি প্ৰতিবাদত যোগদান কৰে।[20] নেপাল আৰু বাহিৰত হিন্দুসকলৰ দীৰ্ঘদিনীয়া অসন্তুষ্টি আৰু প্ৰতিবাদৰ অন্তত চৰকাৰে নিজৰ সিদ্ধান্তক বাতিল কৰি ভট্ট পুৰোহিতসকলক পুনৰ নিযুক্তি দিবলৈ বাধ্য হয়।
ৱিকিমিডিয়া কমন্সত পশুপতিনাথ মন্দিৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |