Platycerium bifurcatum | |
---|---|
P. bifurcatum, Kuranda, Queensland, Australia | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Platycerium |
প্ৰজাতি: | P. bifurcatum |
দ্বৈৰাশিক নামকৰণ | |
Platycerium bifurcatum (Cav.) C.Chr. |
পহু শিঙীয়া ঢেঁকীয়া (বৈজ্ঞানিক নাম: Platycerium bifurcatum, the elkhorn fern or common staghorn fern)[1] হৰিণ জাতীয় জন্তুৰ শিঙৰ দৰে দীঘল আকৃতিৰ ফেৰমেলা পাতধাৰী এবিধ বিদেশী ঢেঁকীয়া৷ এই ঢেঁকীয়াৰ প্ৰকৃত জন্মভূমি অষ্ট্ৰেলিয়া মহাদেশ যদিও বৰ্তমান ভাৰতৰ বিভিন্ন নাৰ্ছাৰিত পোৱা যায়৷[2]
পহু শিঙীয়া ঢেঁকীয়াৰ উচ্চতা প্ৰায় ৯০ ছেমি আৰু প্ৰস্থ ৮০ ছেমি পৰ্য্যন্ত হ’ব পাৰে৷ [1].[3]
পহু শিঙীয়া ঢেঁকীয়া জাভা, নিউ গিনি, অষ্ট্ৰেলিয়া আদি দেশৰ থলুৱা উদ্ভিদ৷
পহু শিঙীয়া ঢেঁকীয়া বিশেষকৈ ফুলনি শুৱনি কৰিবৰ বাবে (ornamental plant) ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি ঘৰৰ ভিতৰচ’ৰাতো টাবত এই ঢেঁকীয়া ৰোৱা দেখা যায়৷[1] এই উদ্ভিদে ৰয়েল হৰ্টিকালচাৰেল ছ’ছাইটি (Royal Horticultural Society) ৰ Garden Merit বঁটা লাভ কৰিছে৷[4][5]
ৱিকিমিডিয়া কমন্সত Platycerium bifurcatum সম্পৰ্কীয় মিডিয়া ফাইল আছে। |