পাণ্ডৱ (সংস্কৃত: पाण्डव) হৈছে দীৰ্ঘতম হিন্দু মহাকাব্য মহাভাৰতৰ কেন্দ্ৰীয় চৰিত্ৰ, যিসকলে কুৰুক্ষেত্ৰত হস্তিনাপুৰৰ সিংহাসনৰ বাবে সিহঁতৰ ভাই কৌৰৱসকলৰ বিৰুদ্ধে মহাভাৰত যুদ্ধ কৰিছিল। যাক কুৰুক্ষেত্ৰ যুদ্ধ বুলি কোৱা হয়৷ তেওঁলোকৰ নাম- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। তেওঁলোক হস্তিনাপুৰৰ ৰজা পাণ্ডু আৰু তেওঁৰ দুই পত্নী কুন্তী আৰু মাদ্ৰীৰ পুত্ৰ আছিল। পাঁচ পাণ্ডৱৰ পত্নী আছিল দ্ৰৌপদী; ইয়াৰোপৰি যুধিষ্ঠিৰৰ আৰু এগৰাকী পত্নী আছিল দেৱীকা, ভীমৰ আৰু দুগৰাকী পত্নী আছিল ভালন্ধৰা আৰু হিড়িম্বী; অৰ্জুনৰ আৰু ৩ গৰাকী পত্নী আছিল, নাম উলূপী, চিত্ৰাংগদা আৰু সুভদ্ৰা।
'পাণ্ডৱ' শব্দটি 'পাণ্ডু' শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল “পাণ্ডুৰ বংশধৰ।” পাণ্ডৱৰ বিশেষণসমূহ হ’ল-[1]