পাণ্ডৱনী অৰ্থাৎ আক্ষৰিক ভাবে পাণ্ডৱৰ গীত আৰু কাহিনী হৈছে প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ কাহিনীৰ আখ্যান জড়িত এক লোকগায়ন শৈলী। এই শৈলীত সংগীতৰ সৈতে বাদ্যযন্ত্ৰ সংগীও জড়িত হৈ থাকে। পাণ্ডৱসকলৰ দ্বিতীয় ভীম এই শৈলীৰ কাহিনীৰ নায়ক। মধ্য ভাৰতৰ ছত্তীশগড় ৰাজ্য আৰু ইয়াৰ কাষৰীয়া অঞ্চল মধ্যপ্ৰদেশ, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত লোকনাট্যৰ এই ৰূপ বিশেষভাৱে জনপ্ৰিয়।[1]
ঝাদুৰাম দেৱাংগন আৰু তীজান বাঈ এই শৈলীৰ আটাইতকৈ বিখ্যাত লোকশিল্পী।[2] সমসাময়িক শিল্পীসকলৰ মাজত শান্তিবাঈ চেলাক[3] উষা বৰলে[4] আৰু ঋতু বাৰ্মা উল্লেখযোগ্য[5]
এই লোককলা শৈলীৰ উৎপত্তিৰ বিষয়ে বিশেষ একো জনা নাযায়। ইয়াৰ আগশাৰীৰ লোকশিল্পী তীজান বাঈৰ মতে ই হয়তো মহাভাৰতৰ দৰেই পুৰণি হ’ব পাৰে, কিয়নো সেই সময়ত কম মানুহেই পঢ়িব পাৰিছিল আৰু তেনেকৈয়ে হয়তো তেওঁলোকে পাণ্ডৱনীৰ জৰিয়তে মহাভাৰতৰ কাহিনী প্ৰজন্মৰ পিছত প্ৰজন্ম আগবঢ়াই লৈ গৈছিল।[6] পৰম্পৰাগতভাৱে পাণ্ডৱনী কেৱল পুৰুষৰ দ্বাৰা পৰিবেশন কৰা হৈছিল। আশীৰ দশকৰ পৰা অৱশ্যে মহিলাসকলেও পাণ্ডৱনী উপস্থাপন কৰিবলৈ আৰম্ভ কৰে।
পাণ্ডৱনীক প্ৰতিটো সংস্কৃতি বা পৰম্পৰাত উপস্থিত থকা কাহিনী কথকসকলৰ পৰম্পৰাৰ অংশ হিচাপে গণ্য কৰা হয়। বংগৰ বাউল গায়ক আৰু কথক পৰিবেশকসকলৰ দৰে ইয়াৰ কিছু সাদৃশ্য আছে। প্ৰাচীন মহাকাব্য, উপাখ্যান আৰু কাহিনীৰ পুনৰাবৃত্তি বা পুনৰ অভিনয় কৰি জনসাধাৰণক শিক্ষা আৰু মনোৰঞ্জন দিয়া ইয়াৰ মূল ভেঁটি।
পাণ্ডৱনীৰ আক্ষৰিক অৰ্থ হৈছে মহাভাৰতৰ কিংবদন্তি ভাতৃ পাণ্ডৱসকলৰ[7] কাহিনী বা গীত। মুখ্যশিল্পীগৰাকীয়ে মহাকাব্যখনৰ পৰা এটা খণ্ড যাক প্ৰসংগ বুলি কোৱা হয় গীত আৰু অভিনয়ৰ মাজেৰে পৰিবেশন কৰে। শিল্পীগৰাকীয়ে এহাতে সৰু সৰু ঘণ্টা আৰু ময়ূৰৰ পাখিৰে সজোৱা একতাৰা বা তাম্বুৰা (তাঁৰযুক্ত বাদ্যযন্ত্ৰ)ৰ সংগত কৰি আৰু আন এখন হাতত কৰতাল ধাৰণ কৰে।[8]
পৰিবেশনৰ সময়ত কাহিনী গঢ় লৈ উঠাৰ লগে লগে তাম্বুৰাটো অভিনয়ৰ সঁজুলি হৈ পৰে। কেতিয়াবা ইয়াক ভীমৰ ‘গদা’ বা অৰ্জুনৰ ধনু বা ৰথ, বা ৰাণী দ্ৰৌপদী বা দুশাসনৰ চুলিক[9] মূৰ্ত কৰি তুলিবলৈ ব্যৱহাৰকৰা হয়। পাণ্ডৱনী পৰিৱেশনৰ বাবে কোনো ধৰণৰ মঞ্চৰ ব্যৱস্থা বা সাজ-সজ্জা ব্যৱহাৰ কৰা নহয়। অনুকৰণ আৰু উত্তেজক নাট্য আন্দোলনৰ ব্যৱহাৰেৰে মাজে মাজে গায়ক-কথকে কোনো এটা খণ্ড সম্পূৰ্ণ হোৱাৰ লগে লগে বা পুনৰ কোৱা কাহিনীটোত জয়লাভৰ উদযাপনৰ বাবে আকস্মিকভাৱে নৃত্য কৰিবলৈআৰম্ভ কৰে। মুখ্য শিল্পীগৰাকীক সাধাৰণতে হাৰমনিয়াম, তবলা, ঢোলক, মঞ্জিৰা বাদ্যযন্ত্ৰী আৰু দুই বা তিনি গৰাকী শিল্পীয়ে সহযোগ কৰে।[10]
প্ৰতিজন শিল্পীয়ে পাণ্ডৱনী পৰিৱেশনত নিজৰ অনন্য শৈলী যোগ কৰে। তেওঁলোকে কেতিয়াবা স্থানীয় শব্দয়ো প্ৰয়োগ কৰে। ইয়াৰ লগতে তেওঁলোকে কাহিনীৰ জৰিয়তে সাম্প্ৰতিক পৰিঘটনা আৰু অন্তৰ্দৃষ্টিৰ ওপৰত সমালোচনা আগবঢ়ায়। লাহে লাহে কাহিনী আগবাঢ়ি যোৱাৰ লগে লগে নৃত্যৰ গতি সংযোজনেৰে পৰিৱেশনটোক অধিক তীব্ৰ আৰু মনোগ্ৰাহী হৈ পৰে। ইয়াত প্ৰায়ে আচৰিত হোৱাৰ এটা উপাদান ব্যৱহাৰ কৰা হয়। মুখ্য শিল্পীগৰাকীয়ে সংগী শিল্পীসকলৰ সৈতে অহৰহ মত বিনিময় কৰে আৰু এইদৰে অভিনয়ৰ নাটকীয় প্ৰভাৱ বৃদ্ধি পায়। মহাভাৰতৰ এটা খণ্ডত কেইবা ঘণ্টা ধৰি চলিব পাৰে। সহজ কাহিনী কথন হিচাপে আৰম্ভ হোৱা কথাটোৱেই পিছলৈ পূৰ্ণাংগ বেলাড বা কাহিনীগীত হিচাপে পৰিণত হয়।
পাণ্ডৱনীৰ মূলতঃ দুটা শৈলীৰে পৰিৱেশন কৰা হয়। বেদমতী কথন শৈলীত দোহা-চৌপাল মৈত্ৰী ৰচিত সব্বল সিং চৌহানৰ মহাভাৰতৰ আধাৰিত। গ্ৰন্থক বুজাবলৈ বেদ শব্দটো শিথিলভাৱে ব্যৱহাৰ কৰা হয়। এই শৈলী ঝাদুৰাম দেৱংগনে জনপ্ৰিয় কৰি তুলিছিল। এই শৈলীৰ আন আন শিল্পীসকলৰ হৈছে হ'ল পুনাৰাম নিষাদ, ৰিতু বাৰ্মা, ৰেৱাৰাম চাহু। আনহাতে কাপালিক কথনৰ শৈলীত পৰিবেশকে মহাকাব্যখনৰ খণ্ড আৰু চৰিত্ৰসমূহৰ ওপৰত ধাৰাবাহিকভাৱে নিজৰ কাল্পনিক ৰহণ সানিবলৈ স্বাধীন। ইয়াত কপাল শব্দটোৰ তাৎপৰ্য হৈছে যে ই স্মৃতি বা অভিজ্ঞতাক বুজায় যিয়ে পৰিবেশনৰ বিষয়বস্তুৰ বিষয়ে অৱগত কৰে। তীজান বাঈ এই পাণ্ডৱানী ধাৰাৰ প্ৰতিষ্ঠাপক। উষা বৰলে, শান্তি বাইও এই শৈলীৰ পৰিবেশক।
হাবিব তনবীৰৰ নাটকত পাণ্ডৱনীৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায়। তেওঁ নিজৰ নাটকত ছত্তীশগড়ৰ লোকগায়কক ব্যৱহাৰ কৰি পাণ্ডৱনীৰ সাধাৰণ মুক্ত শৈলীৰ কাহিনী কথন আৰ্হিৰ সৃষ্টি কৰিছিল।