সাধাৰণ পানীলগা | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
এক প্ৰকাৰৰ মানৱ ৰাইন'ভাইৰাছৰ আনৱিক পৃষ্ঠ প্ৰদৰ্শন কৰা হৈছে। | |
আই.চি.ডি.-10 | J00 |
আই.চি.ডি.-9 | 460 |
ডিজিজেছ ডে'টাবে'ছ | 31088 |
মেডলাইন প্লাছ | 000678 |
ইমেডিচিন | med/2339 |
MeSH | D003139 |
সাধাৰণ পানীলগা জ্বৰ (ইংৰাজী: common cold; nasopharyngitis, rhinopharyngitis, acute coryza,[1] head cold, বা চমুকৈ cold বুলিও কোৱা হয়।) হৈছে এক প্ৰকাৰৰ ভাইৰাছজনিত সংক্ৰামক ৰোগ। ই শ্বাস নলীৰ ওপৰৰ অংশত সংক্ৰমিত হয় আৰু প্ৰাথমিকভাৱে নাকত প্ৰভাৱ পেলায়।
পানীলগাৰ সাধাৰণ উপসৰ্গবোৰ হৈছে কাহ, ডিঙিৰ পিৰপিৰণি, নাকৰ পৰা পানী ওলোৱা, হাঁচি, আৰু জ্বৰ। ই সাধাৰণতে সাতৰ পৰা দহ দিনৰ ভিতৰত নিজে নিজে ভাল হয়, কিছুমান লক্ষণ তিনি সপ্তাহ পৰ্যন্ত থাকিব পাৰে। প্ৰায় ২০০ বিধ ভাইৰাছে পানীলগা সৃষ্টি কৰে; একেবাৰে সাধাৰণ ভাইৰাছ বিধ হৈছে ৰাইন'ভাইৰাছ।
শ্বাস নলীৰ ওপৰৰ অংশৰ সংক্ৰমণ প্ৰভাৱিত অংশ অনুহৰি বিভিন্ন ভাগত ভাগ কৰা হৈছে, সাধাৰণ পানীলগাত নাক প্ৰভাৱিত হয়, ডিঙি (ফেৰিংজাইটিছ), আৰু ছাইনাছ (ছাইনাছাইটিছ), কেতিয়াবা কনজাংটিভাইটিছৰ বাবে এটা বা দুয়োটা চকু আক্ৰান্ত হয়। প্ৰকৃততে ভাইৰাছে কলাৰ ক্ষতিসাধন কৰাতকৈ সংক্ৰমণৰ বিপক্ষে দেহৰ প্ৰতিৰক্ষাই দেখুওৱা সংবেদনৰ বাবেহে ৰোগৰ লক্ষণসমূহৰ আৱিৰ্ভাব হয়। প্ৰাথমিকভাৱে হাত ধুই বা কোনোক্ষেত্ৰত মাস্ক পিন্ধি ইয়াৰ প্ৰতিৰোধ কৰিব পাৰি। পানীলগা জ্বৰ নিউম'নিয়াৰ ৰূপ লব পাৰে, হয়তো ভাইৰাছজনিত নিউম'নিয়া অথবা গৌণ বেক্টেৰিয়াজনিত নিউম'নিয়া।
পানীলগা জ্বৰৰ কোনো চিকিৎসা নাই, কিন্তু ইয়াৰ লক্ষণবোৰ চিকিৎসাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ই মানুহৰ মাজত অতি সঘনাই হৈ থকা এটা সাধাৰণ ৰোগ, প্ৰাপ্তবয়স্ক সকল বছৰি দুই তিনিবাৰ আক্ৰান্ত হয় আৰু শিশুসকল ছয়ৰ পৰা বাৰবাৰলৈকে। ই অতীজৰপৰাই মানৱ সমাজৰ লগত ওতঃপোতভাৱে জড়িত।[2]