পাভ মাছ | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Ompok |
প্ৰজাতি: | O. pabo |
দ্বৈৰাশিক নামকৰণ | |
Ompok pabo (F. Hamilton, 1822) |
পাভ মাছ (ইংৰাজী: Pabo catfish, বৈজ্ঞানিক নাম: Ompok pabo) siluridae পৰিয়ালৰ এবিধ সতেজ পানীৰ মাছ।[1] এই মাছবিধ উত্তৰ-পূব ভাৰত, পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰত পোৱা যায়। ই মূলতঃ নদী, পুখুৰী, হ্ৰদ আদিত বাস কৰে। একোটা পাভ মাছ ২৫ ছে:মি: পৰ্যন্ত দীঘল হ'ব পাৰে। মাছবিধক আই ইউ চি এন ৰঙা তালিকাৰ সংকট আসন্ন প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।[1]
অসমত পাভ মাছ এক বহুলভাৱে প্ৰচলিত খাদ্য। বিহুগীত আদি লোকসাহিত্যতো মাছবিধৰ উল্লেখ পোৱা যায়:
দীঘলী বজাৰৰ পাভ মাছ আনিলো
খৰিচা দিয়ে ৰান্ধো
খাবৰে পৰত তোলৈ মনত পৰে
ভাতৰ পাতত বহি কান্দো।[2]