পায়ল কাপাদিয়া | |
---|---|
২০২১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱ ত পায়ল কাপাদিয়া | |
জন্ম | ১৯৮৬ (বয়স ৩৮–৩৯) মুম্বাই,ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰত |
শিক্ষানুষ্ঠান | ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান |
পেচা | চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমান পৰ্যন্ত |
পায়ল কাপাদিয়া (ইংৰাজী: Payal Kapadia; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁ এ নাইট অৱ ন'ইং নথিং ছবিৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ গোল্ডেন আই বঁটা লাভ কৰে [1][2][3][4]২০১৭ চনত তেওঁৰ চুটি ছবি আফটাৰনুন ক্লাউডছ আছিল ৭০ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত একমাত্ৰ ভাৰতীয় ছবি।[5] ২০২৪ চনত তেওঁ কান চলচ্চিত্ৰ মহোৎসৱত অল উই ইমাজিন এজ লাইটৰ বাবে গ্ৰেণ্ড প্ৰিক্স লাভ কৰে।[6]
১৯৮৬ চনত মুম্বাইত[7] চিত্ৰকৰ আৰু ভিডিঅ' শিল্পী নলিনী মালানীৰ ঘৰত জন্মগ্ৰহণ কৰা কাপাদিয়াই অন্ধ্ৰ প্ৰদেশৰ এখন বৰ্ডিং স্কুল ঋষি ভেলী স্কুললৈ যায়। ইয়াত স্কুলৰ চলচ্চিত্ৰ ক্লাবৰ সদস্য ৰূপে ঋত্বিক ঘটক আৰু আন্দ্ৰেই টাৰ্কভস্কিৰ দৰে অগ্ৰণী চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে তেওঁৰ প্ৰথম পৰিচয় ঘটিছিল। তেওঁ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত অধ্যয়ন কৰে আৰু মুম্বাইৰ ছফিয়া কলেজৰ পৰা এবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[8] তাৰ পিছত তেওঁ ২০১২ চনত দ্বিতীয় প্ৰচেষ্টাত নিৰ্বাচিত হৈ ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউটত চলচ্চিত্ৰ পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে।[9]
বৰ্ষ | নাম | কি ৰূপে জড়িত | টোকা | ||
---|---|---|---|---|---|
নিৰ্দেশক | কাহিনীকাৰ | অন্যান্য | |||
২০১৪ | ৱাটাৰমেলন,ফিছ এণ্ড হাফ গোষ্ট[10] | হয় | নহয় | নহয় | চুটি ছবি |
২০১৫ | আফটাৰনুন ক্লাউডছ | হয় | হয় | নহয় | |
২০১৭ | দি লাষ্ট মেংগ বিফ'ৰ দি মনছুন | হয় | হয় | সম্পাদক | |
2018 | এণ্ড হুৱাট ইজ দি ছ্যাম্যাৰ চেইইং † | হয় | হয় | নহয় | |
2021 | এ নাইট অৱ ন'ইং নথিং † | হয় | হয় | নহয় | |
2024 | অল উই ইমাজিন এজ লাইট | হয় | হয় | নহয় |