পালি ধৰ্মশাস্ত্ৰ বা পালি ধৰ্মানুশাসন থেৰবাদী বৌদ্ধ ধৰ্ম শাস্ত্ৰৰ মান্য সংকলন, যি পালি ভাষাত সংৰক্ষিত।[1] ই আৰম্ভণিৰ বৌদ্ধ ধৰ্মানুশাসনৰ বৰ্তমানে অস্তিত্বত থকা আতাইতকৈ সম্পূৰ্ণ সংকলন।[2] এই সংকলনৰ মূল উৎস বৌদ্ধ ধৰ্মৰ তাম্ৰশতীয়া পৰম্পৰা।[3]
গৌতম বুদ্ধৰ পৰিনিৰ্বাণৰ ত্ৰিশ বছৰ পাছত প্ৰথম বৌদ্ধ পৰিষদ আয়োজিত কৰা হৈছিল। তাতেই তেওঁৰ শিষ্য আনন্দই সূত্ৰ পিটক আৰু উপালিয়ে বিনয় পিটক আবৃত্তি কৰিছিলে। তাত উপস্থিত থকা অৰ্হতসকলে এই আবৃত্তি মানি লৈছিল, আৰু তাৰ পৰা তেনেদৰেই সংঘই বুদ্ধৰ বাণী মৌখিকভাৱে সংৰক্ষিত কৰি ৰাখিছিল। এই ত্ৰিপিটকসমূহ সম্ৰাট অশোকৰ শাসনকালত পাইছিলগৈ শ্ৰীলংকা। তাতো পিটকসমূহক মৌখিকভাৱেই সংৰক্ষিত কৰি ৰখা হৈছিল। কিন্তু খ্ৰীষ্টপূৰ্ব ২৯ত, গৌতম বুদ্ধৰ মৃত্যুৰ ৪৫৪ বছৰ পাছত অনুষ্ঠিত চতুৰ্থ বৌদ্ধ পৰিষদত এই গ্ৰন্থসমূহক পাতত লিখা হ'ল।[lower-alpha 1][5] এই দাবী যে এই গ্ৰন্থসমূহ "বুদ্ধই কৈছিল" এই অ-আক্ষৰিক ৰূপত কোৱা হয়।[6]
ভাণক পৰম্পৰাৰ অস্তিত্ব চতুৰ্থ বৌদ্ধ পৰিষদৰ বহু পাছলৈকে চলিয়েই থাকিল। এই কথাই দৰ্শাই যে লিখিত ৰূপত থকাৰ উপৰিও, মৌখিক ৰূপত এই পিটকসমূক সংৰক্ষণ কৰাৰ পৰম্পৰা কেইবা শতক ধৰি চলি আছিল। ধৰ্মশাস্ত্ৰৰ তথা কথিত লিখন[7] খুব সম্ভৱ এক নতুন পৰম্পৰা আছিল যাক অধিক সংৰক্ষণশীল ভিক্ষুসকলে বিৰোধ কৰিছিল। আন অনেক উদ্ভাৱনৰ দৰেই, আৰম্ভণিৰ কিছু সময় পাছতহে লিখিত ৰূপত ধৰ্মশাস্ত্ৰ সংৰক্ষণ কৰাৰ উদ্ভাৱন মানি লোৱা হৈছিল। সেয়েহে, বহু সময় পাছতহে এই লিখনৰ ঘটনাৰ অভিলেখ এটি "পৰিষদ"ৰ বৰ্ণনলৈ (সংগায়ন বা সংগীতি) ৰূপান্তৰিত কৰা হ'ল। এনে হৈছিল ৰজা বালগম্বৰ তত্বাৱধানত।
এনে লৈখিক টুকুৰা, যাৰ পালি ধৰ্মানুশাসনৰ বিষয়বস্তুৰ সৈতে সামঞ্জস্য আছে, আন আন বৌদ্ধ পৰম্পৰাৰ আগমতো পোৱা গৈছে। পিচে সেই গ্ৰন্থসমূহ পালি ভাষাত নহয়, বিভিন্ন প্ৰাকৃত ভাষাতহে লিখিত। কিছু কিছু গ্ৰন্থ সংস্কৃত ভাষাতো লিখিত। তাৰেই কিছু গ্ৰন্থ পাছলৈ চীনা ভাষালৈ অনুবাদ কৰা হৈছিল। আৱিষ্কাৰ হোৱা আতাইতকৈ পুৰণি চীনা সংস্কৰণ ৪থ শতিকা খ্ৰীষ্টাব্দৰ। বৰ্তমানে অস্তিত্বত থকা শ্ৰীলংকাৰ সংস্কৰণ আতাইতকৈ সম্পূৰ্ণ।[8] কিন্তু এই সংস্কৰণক ৫ম বা ৬ঠ শতিকা খ্ৰীষ্টাব্দ, অৰ্থাৎ গৌতম বুদ্ধৰ মৃত্যুৰ প্ৰায় ১০০০ বছৰ পাছত ব্যাপকভাৱে সম্পাদনা কৰা হৈছিল।[9] পালি ধৰ্মানুশাসনৰ আতাইতকৈ পুৰণি আৱিষ্কৃত টুকুৰা পোৱা হৈছে ম্যানমাৰৰ প্যু মহানগৰত, যি ৫ম বা ৬ঠ শতিকা খ্ৰীষ্টাব্দৰ বুলি অনুমান কৰা হয়।
পালি ধৰ্মানুশাসনৰ তিনি ভাগ আছে, যাক পিটক বোলা হয়। পালি ভাষাত পিটকৰ অৰ্থ পাচি, যাক লিখিবলৈ ব্যৱহাৰ কৰা পাত ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল।[10] সেইবাবেই, এই ধৰ্মানুশাসনক পৰম্পৰাগতভাৱে ত্ৰিপিটক বোলা হয়। এই তিনি পিটক হ'ল:
বিনয় পিটক আৰু সূত্ৰ পিটকৰ (পালি ভাষাত সূত্ত পিটক) আৰম্ভণিৰ বৌদ্ধ পৰম্পৰাসমূহৰ গ্ৰন্থসমূহৰ (যাক আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ বোলা হয়) সৈতে বিশেষ সাদৃশ্য আছে। কিন্তু অভিধৰ্ম পিটক এক থেৰবাদী সংযোজন, যাৰ অন্য বৌদ্ধ পৰম্পৰাসমূহে মান্যতা প্ৰদান কৰা অভিধৰ্ম কৰ্মৰাজিৰ সৈতে বিশেষ সামঞ্জস্য নাই।[11]
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "lower-alpha" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="lower-alpha"/>
টেগ্ পোৱা নগ'ল