স্থানাংক: 37°58′17″N 23°43′36″E / 37.9715°N 23.7267°E
পাৰ্থেনন মন্দিৰ | |
---|---|
Παρθενών গ্ৰীক | |
![]() The Parthenon | |
সাধাৰণ তথ্য | |
প্ৰকাৰ | Greek temple |
স্থাপত্য শৈলী | Classical |
অৱস্থিতি | Athens, Greece |
Current tenants | Museum |
নিৰ্মাণ আৰম্ভ | 447 BC[1][2] |
সম্পূৰ্ণ | 438 BC[1][2] |
Destroyed | Partly on 26 September 1687 |
উচ্চতা | 13.72 মিটাৰ (45.0 ফুট) |
প্ৰযুক্তিৰ বিৱৰণ | |
Size | সাঁচ:Convert/by |
Other dimensions | Cella: সাঁচ:Convert/by |
নক্সা আৰু নিৰ্মাণ | |
গৰাকী | Greek government |
স্থাপত্যবিদ | Iktinos, Kallikrates |
Other designers | Phidias (sculptor) |
পাৰ্থেনন মন্দিৰ গ্ৰীচৰ এথেন্সৰ দুৰ্গ-নগৰীত অৱস্থিত৷ এসময়ত এই মন্দিৰত দেৱী এথেনাৰ পূজা কৰা হৈছিল৷ এথেন্স নগৰখনৰ নামো দেৱী এথেনাৰ নামেৰেই নামাকৰণ কৰা হৈছে৷ আগতে গ্ৰীচৰ একো একোখন নগৰ একো একোগৰাকী দেৱ-দেৱীৰ নামেৰে নামকৰণ কৰাৰ ৰীতি আছিল৷ ভাৰতৰ দেৱী সৰস্বতীৰ দৰে এথেনা গ্ৰীকসকলৰ বাবে জ্ঞান আৰু বিদ্যাৰ দেৱী৷ কুমাৰী দেৱী এথেনা পাৰ্থেনছৰ নামৰপৰাই মন্দিৰটোৰ নাম পাৰ্থেনন হ'ল বুলি বিশ্বাস প্ৰচলিত৷ ১৯৮৭ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্যবাহী স্থান ক্ষেত্ৰৰূপে ঘোষনা কৰে৷ [3]
পাহাৰ কাটি বিস্তীৰ্ণ শিলাময় সমতলৰ ওপৰত মাৰ্বল শিলেৰে নিৰ্মিত পাৰ্থেনন মন্দিৰৰ নিৰ্মাণ আৰম্ভ হয় খ্ৰিষ্টপূৰ্ব ৪৪৭ ত আৰু খ্ৰিষ্টপূৰ্ব ৪৩২ ত ই সম্পূৰ্ণ হৈ উঠে৷ প্ৰসিদ্ধ স্থপতি ইকটিনাছ (Ictinus) আৰু কেলিক্ৰাটেছৰ(Callicrates) তত্ত্বাৱধানত আৰু সমসাময়িক ৰাজনীতিবিদ কিমন (Cimon) আৰু পেৰিক্লেছৰ (Pericles) উদ্যোগত মন্দিৰটো নিৰ্মাণ হয়৷ তৎকালীন গ্ৰীচৰ প্ৰসিদ্ধ স্থপতি ফিডিয়াছে (Phidias)এই মন্দিৰৰ স্থাপত্যশৈলীৰ আৰ্হি প্ৰস্ত্তত কৰিছিল বুলি জনা যায়৷ অপূৰ্ব অলংকৰণেৰে সমৃদ্ধ এই মন্দিৰত এসময়ত দেৱী এথেনাৰ সোণ আৰু হাতী দাঁতৰ দুটা মূৰ্তি আছিল বুলি জানিব পৰা গৈছে৷ পাৰ্থেনন গ্ৰীছৰ ডৰিক(Doric) স্থাপত্যশৈলীৰ অনন্য নিদৰ্শন৷[3]
৭৬.২ মিটাৰ দীঘল,৩০.৪৮ মিটাৰ বহল এটা শিলাময় সমতলৰ ওপৰত এই মন্দিৰ অৱস্থিত৷ আয়তাকাৰ প্ৰসাদোপম মন্দিৰটোৰ ভেটিৰ উচ্চতা ৯.১৪ মিটাৰ,মন্দিৰটোৰ ভিতৰে-বাহিৰে আছে শাৰী-শাৰী দৃষ্টিনন্দন স্তম্ভ৷ মন্দিৰটোৰ চতুৰ্দিশ স্তম্ভৰে আৱৰা ৷ ইয়াত সন্মুখৰ ফালে আৰু পিছত ৮টাকৈ আৰু দুয়োকাষত ১৭টাকৈ স্তম্ভ আছে৷ প্ৰতিটো স্তম্ভৰ মাজৰ ব্যৱধান সমান৷ এই স্তম্ভশাৰীয়ে পাৰ্থেনন মন্দিৰক এটা সুকীয়া বিশেষত্ব প্ৰদান কৰিছে৷ পাৰ্থেনন মন্দিৰটো দুভাগত ভাগ কৰিব পাৰি,মন্দিৰটোৰ এটা ভাগ ওপৰত আৰু আনটো ভাগ দহ ফুট তলত অৱস্থিত৷ পাৰ্থেনন মন্দিৰৰ কেইটামান স্তম্ভ অতি বিখ্যাত৷ এইকেইটা দৰাচলতে দেৱীমূৰ্তি৷ ভাস্কৰ্য হিচাপেও এইবোৰ মনোমুগ্ধকৰ৷ সময়ৰ লগে লগে পাৰ্থেনন মন্দিৰৰ বহু স্থাপত্য-ভাস্কৰ্য ধ্বংস হৈ গৈছে যদিও মূল মন্দিৰটো প্ৰায় অক্ষত অৱস্থাত আছে৷[3]
![]() |
ৱিকিমিডিয়া কমন্সত পাৰ্থেনন মন্দিৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |