Parthenium hysterophorus | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Parthenium |
প্ৰজাতি: | P. hysterophorus |
দ্বৈৰাশিক নামকৰণ | |
Parthenium hysterophorus L.[1] |
পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ (বৈজ্ঞানিক নাম: Parthenium hysterophorus) হৈছে এষ্টাৰেচিয়া (Asteraceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ই আমেৰিকাৰ এবিধ থলুৱা প্ৰজাতি।[1] ইয়াৰ সাধাৰণ নামবোৰ হৈছে ছাণ্টা-মাৰিয়া (Santa-Maria),[2] ছাণ্টা-মাৰিয়া ফিভাৰফিউ (Santa Maria feverfew),[3] হোৱাইটটপ উইড (whitetop weed),[4] আৰু ফেমিনি উইড (famine weed)[5]। ভাৰতত স্থানীয়ভাবে ইয়াক গাজৰ ঘাঁহ (carrot grass), কংগ্ৰেছ ঘাঁহ (congress grass) আৰু ধানুৰা (dhanura)[6] বুলি জনা যায়। ভাৰত,[7] অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ কিছু অঞ্চলত[5] ইয়াক নিয়ন্ত্ৰন কৰিব নোৱাৰাকৈ অতিমাত্ৰাত বংশ বিস্তাৰ হোৱা উদ্ভিদ প্ৰজাতি (Invasive species)[8] হিচাপে গণ্য কৰা হয়।
পাৰ্থেনিয়াম হাইষ্টেৰ’ফ’ৰাছে পথৰ কাষকে ধৰি বিস্তীৰ্ণ ভূমি আক্ৰমণ কৰে। ই চৰণীয়া পথাৰ আৰু কৃষিভূমিত আক্ৰমণ কৰে, যাৰ ফলত প্ৰায়ে শস্য উৎপাদন বিপৰ্যয়ৰ মুখত পৰে, যাৰ বাবে ইয়াক সাধাৰণভাবে দুৰ্ভিক্ষৰ অপতৃণ নাম দিয়া হৈছে।[9][10][11][12][13] কিছুমান অঞ্চলত ইয়াৰ প্ৰাদুৰ্ভাৱ প্ৰচণ্ডভাবে সৰ্বত্ৰ বিয়পি পৰিছে, ইয়াৰ ফলত পশুধন আৰু শস্য উৎপাদন আৰু মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে।[14][15] এই উদ্ভিদে এলিলোপেথিক ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে আৰু শস্য আৰু পশুখাদ্য ঘাঁহ আক্ৰমণ কৰি ইয়াৰ বৃদ্ধিত বাধা দিয়ে৷ তদুপৰি মানুহ আৰু পশুধনক প্ৰভাৱিত কৰিব পৰা এলাৰ্জেন উৎপন্ন কৰে। ইয়াৰ উপৰিও ই সঘনাই পৰাগ ৰেণুৰ দ্বাৰা এলাৰ্জীৰ সৃষ্টি কৰে।[16] ২০২১ চনত প্ৰকাশিত এক অধ্যয়নে আৰু দেখুৱাইছে যে, এই উদ্ভিদে পূব আফ্ৰিকাৰ মহক খাদ্য আৰু বাসস্থানৰ যোগান ধৰি মেলেৰিয়াক প্ৰসাৰিত কৰিব পাৰে।[17]
পৰিৱেশৰ পৰা গধুৰ ধাতু আৰু ৰং আঁতৰোৱা, জলজ অপতৃণ নিয়ন্ত্ৰণ, বাণিজ্যিক এনজাইম উৎপাদন, জৈৱ গেছ উৎপাদনৰ বাবে গোবৰৰ সৈতে যোগকৰা, জৈৱ কীটনাশক হিচাপে, আৰু সেউজীয়া গোবৰ আৰু পচন সাৰ হিচাপে ইয়াৰ প্ৰয়োগৰ ওপৰত অনুসন্ধান চলি আছে৷[18]
এই প্ৰজাতিটোক ইউৰোপীয় সজাগতাৰ বাবে আক্ৰমণাত্মক বিদেশী প্ৰজাতি উদ্ভিদ হিচাপে তালিকাভুক্ত কৰা হৈছে। অৰ্থাৎ সমগ্ৰ ইউৰোপীয় সংঘত এই প্ৰজাতিটো আমদানি বা বিক্ৰী কৰাটো অবৈধ৷[19]
পাৰ্থেনিয়ামৰ সংস্পৰ্শত মানুহ, গৰু আৰু ঘৰচীয়া জীৱ-জন্তুৰ ছালৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ হয়। এই উদ্ভিদত পাৰ্থেনিন নামৰ এবিধ অতি বিষাক্ত পদাৰ্থ[20][21][22] থাকে আৰু ইয়াৰ প্ৰভাৱতে এই ৰোগসমূহে দেখা দিয়ে। পশুধনৰ খাদ্যৰ লগত পাৰ্থেনিয়ামৰ পাত মিহলি হ’লে “গাখীৰ তিতা হোৱা ৰোগ” হয়।[23]
এই প্ৰজাতিটোৰ অন্য এটা প্ৰভাৱ হৈছে পাৰ্থেনিয়ামৰ পৰাগ ৰেণুৰ উপস্থিতিয়ে বিলাহী, বেঙেনা, বীন আদি অন্যান্য কেইবাবিধো কৃষিজাত উদ্ভিদৰ ফল ধৰাত বাধা প্ৰদান কৰে।
খেতি পথাৰত কম পৰিসৰত পাৰ্থেনিয়াম হাইষ্টেৰ’ফ’ৰাছৰ গজিলে কাটি নাইবা কোৰেৰে চিকুনাব পাৰি।
সাধাৰণতে অপতৃণনাশক প্ৰয়োগ কৰাটো ব্যয়বহুল আৰু প্ৰায়ে ক্ষতিকাৰক; অপতৃণবোৰ সৰু হৈ থকাৰ সময়ত পেৰাকুৱেট স্প্ৰে’ প্ৰয়োগ কৰিব পাৰি। এই প্ৰজাতিৰ বিৰুদ্ধে গ্লাইফ’ছেট ফলপ্ৰসূ নহয়।