পিংকী বিৰানী | |
---|---|
জন্ম | ৩০ জানুৱাৰী, ১৯৫৯ (৬৬ বছৰ) বম্বে, ভাৰত |
পেচা | সাংবাদিক, লেখক |
দাম্পত্যসংগী | শংক্কৰ আয়াৰ |
পিংকী বিৰানী (ইংৰাজী: Pinki Virani; জন্ম: ৩০ জানুৱাৰী, ১৯৫৯) এগৰাকী ভাৰতীয় লেখক, সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মী । তেওঁৰ গ্ৰন্থসমূহ হৈছে ৱান্স ৱাজ বম্বে,[1] অৰুণাজ ষ্ট’ৰি, বিটাৰ চকলেট: চাইল্ড চেক্সুৱেল এবিউজ ইন ইণ্ডিয়া (ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত),[2] আৰু ডীফ হেভেন।[3] পলিটিক্স অৱ দ্য ৱম্ব- দ্য পেৰলচ্ অৱ আইভিএফ, চাৰ’গেচী এণ্ড মডিফাইড বেবীজ হৈছে তেওঁ লিখা পঞ্চমখন কিতাপ। [4]
১৯৫৯ চনৰ ৩০ জানুৱাৰীত ভাৰতৰ মুম্বাইত বিৰাণীৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাক আছিল গুজৰাটী মুছলমান সম্প্ৰদায়ৰ। দেউতাকৰ এখন দোকান আছিল আৰু মাক আছিল এগৰাকী শিক্ষক। পিংকীয়ে মুম্বাই, পুনা আৰু মচৌৰীত পঢ়া-শুনা কৰিছিল। তেওঁ আগা খান ফাউণ্ডেচন বৃত্তি লৈ সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লবলৈ আমেৰিকালৈ গৈছিল। তেওঁ ব্ৰিটেইনৰপৰা প্ৰকাশিত দ্য চানডে টাইমছত ইন্টাৰ্ণশ্বিপ কৰিছিল।
১৮ বছৰ বয়সত টাইপিষ্ট হিচাপে পিংকীয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল। বৃত্তিমূলক শিক্ষাৰ পিছত ভাৰতলৈ উভতি আহি তেওঁ বাতৰি প্ৰতিবেদক হিচাপে কাম কৰিছিল আৰু সন্ধিয়াৰ কাকত এখনত ভাৰতৰ প্ৰথম মহিলা সম্পাদক ৰূপে নিযুক্ত হৈছিল।[5] প্ৰথমখন কিতাপ প্ৰকাশৰ পিছত তেওঁ দৈনিক সাংবাদিকতাৰ পৰা আঁতৰি আহিছিল।
বিৰাণী পাঁচখন কিতাপৰ লেখক। অৰুণাজ ষ্ট’ৰি এগৰাকী নাৰ্চৰ ধৰ্ষণ বিষয়ক আছিল, যি ঘটনাৰ বলি হৈ নাৰ্চগৰাকী অৱচেতন অৱস্থালৈ গৈছিল। কিতাপখনৰ ওপৰত ভিত্তি কৰি পিএছবিটিৰ প্ৰযোজনাত ‘Passive Euthanasia: Kahaani Karuna Ki’ শীৰ্ষক এখন ৫২ মিনিটৰ তথ্যচিত্ৰ নিৰ্মাণ হৈছে। থিয়েটাৰ পৰিচালক অৰবিন্দ গৌৰে একক নাটক হিচাপে ইয়াৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছিল। তেওঁৰ ৰচিত বিটাৰ চকলেট হৈছে ভাৰতত সংঘটিত শিশু যৌন উৎপীড়ন বিষয়ক গ্ৰন্থ। এই কিতাপখন আধাৰত এখন একক নাটক অৰবিন্দ গৌৰে চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে আৰু লুচিন ডুবেৰ দ্বাৰা পৰিৱেশন কৰা হৈছে।[6][7] ৱান্স ৱাজ বম্বে এখন সমাজ বিজ্ঞানৰ কিতাপ। ডীফ হেভেন, তেওঁৰ প্ৰথম কল্প-কাহিনী ৰচনা, আধুনিক দেশৰ নৱ-ফেচিবাদলৈ সলনি হোৱাৰ বিপদৰ বিষয়ে সতৰ্ক কৰিবলৈ ইয়াত ৰূপ আৰু শৈলীগত পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। পলিটিক্স অৱ দ্য ৱম্ব- দ্য পেৰলচ্ অৱ আইভিএফ, চাৰ’গেচী এণ্ড মডিফাইড বেবীজ (২০১৬)ত, বিৰাণীয়ে আক্ৰমণাত্মক ভাৱে পুনৰাবৃত্তি চক্ৰত মহিলাৰ ওপৰত ব্যৱহাৰ কৰা আইভিএফ আৰু অন্যান্য প্ৰকাৰৰ সহায়ক প্ৰজননক সমালোচনা কৰিছে আৰু বাণিজ্যিক চাৰ’গেচী আৰু অন্যান্য প্ৰকাৰৰ তৃতীয় পক্ষৰ সহায়ক প্ৰজননৰ ওপৰত বিশ্বব্যাপী নিষেধাজ্ঞা জাৰী কৰাৰ বাবে আহ্বান জনাইছে।[8]
২০০৯ চনত পিংকী বিৰাণীয়ে মুম্বাইৰ কে.ই.এম চিকিৎসালয়ত কৰ্মৰত নাৰ্ছ অৰুণা চানবাগৰ হৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। ১৯৭৩ চনৰ ২৭ নৱেম্বৰত অৰুণা এজন চুইপাৰৰ দ্বাৰা যৌন নিৰ্যাতন বলি হৈছিল।[9] আক্ৰমণৰ সময়ত, অৰুণাক এডাল চেইনেৰে শ্বাসৰুদ্ধ কৰা হৈছিল আৰু অক্সিজেনৰ অভাৱত তেওঁ প্ৰায় মৃতপ্ৰায় হৈ পৰিছিল। ঘটনাটোৰ পিছত চেহবাগক কে.ই.এমত চিকিৎসা কৰা হৈছিল আৰু ২০১৫ চনত নিউম’নিয়াত মৃত্যু হোৱালৈকে ৪২ বছৰ ধৰি ফিডিং টিউবেৰে জীয়াই ৰখা হৈছিল।[10] বিৰাণীৰ ২০০৯ চনৰ আৱেদনত তেওঁ যুক্তি দিছিল যে অৰুণাৰ নিৰন্তৰ অস্তিত্ব তেওঁৰ সন্মানৰ সৈতে জীয়াই থকাৰ অধিকাৰৰ উলংঘন। উচ্চতম ন্যায়ালয়ে ২০১১ চনৰ ৭ মাৰ্চত ইয়াৰ সিদ্ধান্ত লৈছিল[11] আৰু অৰুণাৰ জীৱন সমৰ্থন বন্ধ কৰাৰ আবেদন নাকচ কৰিছিল; কিন্তু ভাৰতত নিষ্ক্ৰিয় ইচ্ছামৃত্যুক বৈধতা প্ৰদান কৰি এক বিস্তৃত নিৰ্দেশনা জাৰি কৰিছিল। বিৰাণীয়ে আৱেদন দাখিল কৰিবলৈ ব্যৱহাৰ কৰা নিজকে অৰুণাৰ বন্ধু হিচাপে দিয়া আখ্যাকো উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল।[12]
তেওঁ সাংবাদিক আৰু এক্সিডেণ্টেল ইণ্ডিয়াৰ লেখক শংক্কৰ আয়াৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।[13]