পিটাৰ হেণ্ডকে | |
---|---|
![]() ২০০৬ চনত পিটাৰ হেণ্ডকে | |
জন্ম | ৬ ডিচেম্বৰ, ১৯৪২ (৮২ বছৰ) গ্ৰীফিন, অষ্ট্ৰিয়া |
পেচা | ঔপন্যাসিক, নাট্যকাৰ |
ৰাষ্ট্ৰীয়তা | অষ্ট্ৰিয়ান |
মাতৃশিক্ষায়তন | গ্ৰাজ বিশ্ববিদ্যালয় |
উল্লেখনীয় কৰ্মৰাজি | দা গ'লিছ এনজাইটি এট দা পেনাল্টি কিক, শ্ল' হমকামিং |
উল্লেখযোগ্য বঁটা | সাহিত্যৰ নোবেল বঁটা (২০১৯) |
স্বাক্ষৰ | ![]() |
পিটাৰ হেণ্ডকে (জাৰ্মান: [ˈhantkə]; জন্ম ৬ ডিচেম্বৰ ১৯৪২) এগৰাকী অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু অনুবাদক। তেওঁ ২০১৯ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
১৯৪২ চনৰ ৬ ডিচেম্বৰ তাৰিখে অষ্ট্ৰিয়াৰ গ্ৰীফেনত পিটাৰ হেণ্ডকেৰ জন্ম হৈছিল। তেওঁ আৰু তেওঁৰ মাতৃ কেৰিঠিয়ান শ্লভেনৰ সৈতে ১৯৪৪ চনৰ পৰা ১৯৪৮ চনলৈ ছোভিয়েট অধিকৃত জাৰ্মানীৰ বাৰ্লিন জিলাৰ পানকৌ অঞ্চলত বাস কৰিছিল। তাৰপিছত তেওঁলোক আকৌ অষ্ট্ৰিয়াৰ গ্ৰীফেনলৈ উভতি যায়। কিছুমান জীৱনীকৰাৰ মতে তেওঁৰ সতিয়া দেউতাকৰ মদ্যপান আৰু সৰু চহৰখনৰ সীমিত সাংস্কৃতিক পৰিৱেশৰ বাবে তেওঁ প্ৰবল অনুভূতিশীল হৈছিল। ১৯৭১ চনত তেওঁৰ মাতৃয়ে আত্মহত্যা কৰে। এই ঘটনাৰ আলম লৈ তেওঁ "এ ছ'ৰ' বিয়ণ্ড ড্ৰিম" ৰচনা কৰিছিল। ই তেওঁৰ জীৱনৰ প্ৰতিফলন স্বৰূপ।
১৯৫৪ চনত তেওঁক অষ্ট্ৰিয়াৰ টানজেনবাৰ্গ কেছেলৰ কেথলিক "মেৰিয়ানাম" ল'ৰাৰ আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল। ইয়াত তেওঁৰ প্ৰথম লেখা বিদ্যালয়ৰ বাতৰিকাকত "ফেকেল"ত প্ৰকাশিত হৈছিল। ১৯৫৯ চনত তেওঁ ক্লাগেনফুৰ্টলৈ যায় আৰু তাত তেওঁ হাইস্কুলত নামভৰ্তি কৰে। তাৰপিছত তেওঁ ১৯৬১ চনত তেওঁ গ্ৰেজ বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে।[1]
গ্ৰেজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ নিজকে এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠিত কৰিছিল। তেওঁ বিশ্ববিদ্যালয়ৰ "গ্ৰেজাৰ গ্ৰুপ" নামৰ যুৱ লেখকৰ সন্থাৰ লগত জড়িত হৈছিল।[2] এই সন্থায়ে সাহিত্যিক আলোচনী "মেনুস্ক্ৰীপ্টে"প্ৰকাশ কৰিছিল।[3]
১৯৫৬ চনত তেওঁৰ উপন্যাস "ডাই হৰ্নিছেন" জাৰ্মান প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশৰ বাবে গ্ৰহণ কৰাৰ পিছত তেওঁ পঢ়া-শুনা সিমানতে সামৰে। তেওঁ নিউ জাৰ্চিৰ প্ৰিন্সটনত অনুষ্ঠিত গ্ৰুপে ৪৭ৰ অধিবেশনত তেওঁৰ নাটক পাব্লিকুমছবেচচিম্পফুঙ" মঞ্চস্থ কৰি বিশেষ ভাবে সমাদৃত হৈছিল।[4] তেওঁ ১৯৬৯ চনত ভাৰলেগ ডেৰ অট'ৰেন নামৰ প্ৰকাশন গোষ্ঠীৰ সহ প্ৰতিষ্ঠাপক হয়। তেওঁ ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ গ্ৰেজাৰ অট'ৰেনভাৰচামলুং গোটৰ সদস্য আছিল।
তেওঁ কেইবাখনো চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখিছে।[5] ১৯৭৮ চনত মুক্তি লাভ কৰা "ডাই লিংকশ্বানদীগে ফ্ৰাও" ছবিখন তেওঁ নিৰ্দেশনা কৰিছিল। তেওঁ ১৯৭৫ চনত "ফালছে বেৱেগুঙ"ৰ চিত্ৰনাট্যৰ বাবে জাৰ্মান চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ ১৯৮৭ চনত মুক্তি লাভ কৰা ৱিম ৱেণ্ডাৰৰ ছবি "উইংছ অফ ডিছআয়ৰ"ৰ চিত্ৰনাট্য ৰচনাৰ বাবে বিশেষ ভাবে জনাজাত। ১৯৭৫ চনৰ পৰা তেওঁ ইউৰোপীয়ান সাহিত্য পুৰস্কাৰ পেট্ৰাকা প্ৰিছৰ বিচাৰক মণ্ডলীৰ সদস্য।[6]
গ্ৰেজৰ পৰা উঠি অহাৰ পিছত তেওঁ জাৰ্মানীৰ দুশেৰ্ডফ আৰু ক্ৰনবাৰ্গ চহৰ, ফ্ৰান্সৰ পেৰিছ, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰিয়াৰ চাৰ্লছবাৰ্গত বাস কৰিছিল। ১৯৯১ চনৰ পৰা তেওঁ পেৰিছৰ কাষৰ ছাভিলে চহৰত বাস কৰি আছে।
তেওঁৰ জীৱনৰ আধাৰত ২০১৬ চনত কৰিয়ানা বেলজে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।[7]
![]() |
ৱিকিউদ্ধৃতিত পিটাৰ হেণ্ডকে বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
![]() |
ৱিকিমিডিয়া কমন্সত পিটাৰ হেণ্ডকে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |