পিয়ং ইয়াং (কোৰীয়: 평양, P’yŏngyang, অৰ্থাৎ: "সমতল ভূমি" বা "শান্ত ভূমি") উত্তৰ কোৰিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ মহানগৰ। পিয়ং ইয়াং টাএডং নদীৰ পশ্চিম কোৰিয়া সাগৰৰ মুখৰ ১১০ কিলোমিটাৰ উজনিত অৱস্থিত। ২০০৮ চনৰ লোকপিয়লৰ প্ৰাৰম্ভিক ফলাফল অনুযায়ী পিয়ং ইয়াং ৩২,৫৫,৩৮৮ জনৰ বসতিস্থল।[1] মহানগৰখনক ১৯৪৬ত দক্ষিণ পিয়ং ইয়াং জিলাৰ পৰা পৃথক কৰা হ'ল আৰু বৰ্তমানে ই এক প্ৰত্যক্ষভাৱে শাসিত মহানগৰ বা চিখাল্সি। ইয়াৰ চৰকাৰৰ মৰ্যদা আঞ্চলিক চৰকাৰৰ সমান, যি দক্ষিণ কোৰিয়াৰ ছিউলৰ ব্যৱস্থাতকৈ বেলেগ।
"পিয়ং ইয়াঙ"ৰ অৰ্থ কোৰীয় ভাষাত "সমতল ভূমি"। এই ঠাইৰ এক জনপ্ৰিয় ঐতিহাসিক নাম ৰিয়ুগ ইয়ং যাৰ অৰ্থ "ৱিল' গছৰ ৰাজধানী"। আজিও ৱিল' গছৰ উভৈনদীয়ে চহৰখনৰ বিষয়ে লিখিত কাব্যক অনুপ্ৰেৰিত কৰে আৰু অনেক ঠাইত এতিয়াও ৰিয়ুগ ইয়ং নাম প্ৰচলিত। কিচং, হুৱাংচং, ৰাক্ৰাং, চ গ্যং, চ'ড', হগ্যং, চাংগান আৰু হেইজ'ও এই চহৰৰ ইতিহাসৰ বিভিন্ন সময়ত প্ৰচলিত নাম। ঐতিহাসিকভাৱে খ্ৰীষ্টান ধৰ্মৰ আধিপত্য থকাৰ বাবে এই চহৰক খ্ৰীষ্টান প্ৰচাৰকসকলে পূবৰ জেৰুজালেমো বোলে।[2][3]
১৯৯৪ত কিম ২-চুংকিম ২-চুঙৰ মৃত্যুত প্ৰস্তাৱ ৰখা হ'ল যে এই চহৰৰ নাম কিম ২-চুং নগৰ ৰখা উচিত। আন আনে তাৰ বিপৰীতে পৰামৰ্শ প্ৰদান কৰিলে যে তাৰ সলনি উত্তৰ কোৰিয়াই ছিউলকহে কিম ২-চুং নগৰ আখ্যা দিয়া উচিত আৰু পিয়ং ইয়াঙক কিম জং-ইল চহৰ বোলা উচিত। পিচে, উভয় প্ৰস্তাৱেই গৃহিত নহ'ল।[4]
সাংবিধানিকভাৱে দেশখনৰ ৰাজধানী পিয়ং ইয়াঙত দেশখনৰ মুখ্য চৰকাৰী আৰু আন আন ৰাজহুৱা দপ্তৰ অৱস্থিত। হেনবাংচান-ডঙত ৱৰ্কাৰ্চ পাৰ্টি চেণ্ট্ৰেল কমিটি বহে। পিয়ং ইয়াং পিপল্স কমিটি বহে চুং-গুয়কৰ হেবাংচান-ডঙত। উত্তৰ কোৰিয়াৰ কেবিনেট চুং গুয়কৰ জংৰ'-ডঙত অৱস্থিত।
পিয়ং ইয়াং উত্তৰ কোৰিয়াৰ সকলো মুখ্য সুৰক্ষা সংস্থাৰ স্থান। গণ সুৰক্ষা মন্ত্ৰ্যালয়ত ১৩০০০০ কৰ্মীয়ে ১২ ব্যুৰ'ত কাম কৰে। মন্ত্ৰ্যালয়টোৱে আৰক্ষী সেৱাৰ পৰা জনস্বাস্থ্যলৈকে ভিন্ন ধৰণৰ কৰ্ম সম্পাদন কৰে। ৰাজ্য সুৰক্ষা বিভাগো ইয়াতেই অৱস্থিত য'ত ৩০০০০ কৰ্মীয়ে কাম কৰে। ই ৰাজনৈতিক কাৰাগাৰ ব্যৱস্থা। প্ৰৱেশ প্ৰস্থান ব্যৱস্থা আদি চায়।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰেই চহৰখনৰো প্ৰায় সকলো দিশ ৱৰ্কাৰ্চ পাৰ্টি অৱ কোৰিয়াই নিয়ন্ত্ৰণ কৰে।
পিয়ং ইয়াং ১৯টা ৱাৰ্ড আৰু ২টা কাউণ্টি (কুন/গুন)ত বিভক্ত।.[5]
কিছু উল্লেখনীয় স্থান: