সুষিৰ বাদ্য | |
---|---|
শ্ৰেণী | সুৰাশ্ৰয়ী সুষিৰ বাদ্য |
আনুষঙ্গিক বাদ্য | |
পেঁপা, বাঁহী, সুতুলী |
পুংগী বা বীন (ইংৰাজী: Pungi)[1] ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী লোকবাদ্য। সাধাৰণতে লাওৰ খোলাৰে পুংগী তৈয়াৰ কৰা হয়। বায়ু ওলাই যোৱাৰ বাবে ফুটাযুক্ত দুটা নলিকা থাকে। পুংগীৰ এটা মূৰত ফুঁৱাই নলিকাৰ ছিদ্ৰত আঙুলি বুলাই সাংগীতিক ধ্বনি সৃষ্টি কৰা হয়। ইয়াক একেবাৰে বিৰাম নোহোৱাকৈ বজোৱা হয়। বৃত্তাকাৰ উশাহ নিয়ন্ত্ৰণৰ জৰিয়তে বাদকে বহুসময় ধৰি ইয়াক বজাব পাৰে। ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় পথৰ প্ৰদৰ্শন 'সাপৰ নাচ' বা 'সাপৰ খেল'ত পুংগী ব্যৱহাৰ কৰা হয়।[2][3]
পুংগী এবিধ ভাৰতীয় লোকবাদ্য।[4][5][6] সাধাৰণতে পাকিস্তানৰ সিন্ধ আৰু পাকিস্তান আৰু ভাৰতৰ ৰাজস্থানত ফেঁটী সাপৰ নাচ বা খেল দেখুৱা লোকসকলে বজায়। বাদ্যবিধ দুডাল পাতল বাঁহৰ নলীৰে সংলগ্ন শুকান লাওৰ খোলাৰ পৰা তৈয়াৰ কৰা হয়।[7] ই এটা দ্বৈত-ৰিডযুক্ত বাদ্য।[8] পুংগী থৰ মৰুভূমিত যোগীয়ে বজায়।[9]
ধৰ্মীয় অনুশীলনৰ অংশ হিচাপে পুংগীৰ শব্দয়ে সাপৰ লগতে মানুহকো অৰ্ধসচেতন অৱস্থাত প্ৰৱেশ কৰাই দিয়ে বুলি বিশ্বাস কৰা হয়। এই বাদ্যবিধ বিশেষকৈ সাপৰ খেল দেখাই জীৱিকা অৰ্জন কৰা সকলে বজায়।[10] ভাৰতৰ তৰাই আৰু নেপালত নৃত্য কৰিবলৈ আৰু সাপ জাগ্ৰত কৰিবলৈ বাদ্যবিধ ব্যৱহাৰ কৰা হয়। উচ্চ আৰু নিম্ন সুৰত নিৰন্তৰ কম শব্দৰ গুণগুণ ইয়াৰ মূল বৈশিষ্ট্য।[11]
পুংগী ভাৰতীয় লোক সংস্কৃতিত এক গুৰুত্বপূৰ্ণ বাদ্য আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামৰ দ্বাৰা জনা যায়। উত্তৰ ভাৰতত ইয়াক তুম্বি, মুৰলী আৰু বংশী বুলিও কোৱা হয় আৰু দক্ষিণত ইয়াক মাগুদি, মাদুদি, পুংগি, আৰু পাম্বাটিকুঝাল বুলি কোৱা হয়। ইয়াৰ লগত কেইবাটাও লোকপ্ৰবাদ জড়িত হৈ আছে।[12]
পুংগীৰ গা কঠিন নাৰিকলৰ আৱৰণৰ পৰা নিৰ্মাণ কৰা হয়। ইয়াৰ সৈতে বাঁহৰ টুকুৰা যোগ দিয়া হয়। ইয়াৰ মূল দুটা উপাদান। প্ৰথমটো লাউৰ পৰা নিৰ্মাণ কৰা এটা ফোঁপোলা পাত্ৰ আনটো হৈছে দুডাল নলিকা। নলিকা দুটাত বাঁহীৰ ফুটা থাকে। এনে ফুটাৰ সংখ্যা এটাত আঠৰ পৰা নটা আৰু আনটোত এটা।[13]
বাদক গৰাকীয়ে বাদ্যটোৰ ওপৰৰ মুখৰ অংশৰ মাজেৰে ফু মাৰি বজায়। এডাল নলিকাৰ পৰা গুণ গুণ শব্দ ওলায় আৰু আনডালে সুৰ সৃষ্টি কৰে। সুৰ প্ৰস্তুত কৰা নলিকা সাতটা ফুটা আৰু এটা অষ্টকৰ পৰিসৰ আছে। গুণ গুণ শব্দ কৰা নলিকাত কেৱল এটা ফুটা থাকে। পৰম্পৰাগতভাৱে দুয়োটা শব্দ একেলগে বৃত্তাকাৰ উশাহ ব্যৱহাৰ কৰি এক ছন্দবদ্ধ প্ৰভাৱ সৃষ্টি কৰিবলৈ বজোৱা হয়।
পুংগী সাধাৰণতে এককভাৱে বজোৱা হয়, কিয়নো ইয়াক আন বাদ্যৰ সৈতে বজোৱা কঠিন।[14]
পুংগী মূলত সাপৰ খেল দেখাওঁতে ৰাইজক মনোৰঞ্জন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে অৱশেষত এই প্ৰথাটো ১৯৯১ চনত সমগ্ৰ দেশত বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত নিষিদ্ধ কৰা হয়।[1]