পুনে पुणे |
|
---|---|
— মহানগৰ — | |
পুনে | |
Pune Montage.JPGFrom top: Fergusson College, Mahatma Gandhi Road (left), Shaniwarwada (right), the HSBC Global Technology India Headquarters, and the National War Memorial Southern Command | |
অন্য নাম: Cultural Capital of Maharashtra, Queen of Deccan, Home of Stallions, Pensioner's Paradise, Center Of Education.[উদ্ধৃতিৰ প্ৰয়োজন] | |
ভৌগোলিক স্থানাংক: 18°31′13″N 73°51′24″E / 18.52028°N 73.85667°Eস্থানাংক: 18°31′13″N 73°51′24″E / 18.52028°N 73.85667°E | |
Country | ভাৰত |
State | Maharashtra |
District | Pune |
চৰকাৰ | |
- প্ৰকাৰ | Mayor–Council |
- Mayor | Prashant Jagtap |
মাটিকালি[1] | |
- মহানগৰ | ৭১০ কি.মি.২ (২৭৪.১ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | 7th |
উচ্চতা | ৫৬০ মিটাৰ (১,৮৩৭.২৭ ফুট) |
জনসংখ্যা (২০১১)[2] | |
- মহানগৰ | ৩১,১৫,৪৩১ জন |
- স্থান | ৭thতম |
- জনঘনত্ব | ৪,৩৮৭.৯ প্ৰতি বৰ্গ কি.মি. (১১,৩৬৪.৭ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ[3] | ৫০,৫৭,৭০৯ জন |
- Metro rank | ৮th জন |
বিশেষণ | Punekar |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
Postal Index Number | 411001 – 411062[4] |
অঞ্চল কোড | +91-20 |
যানবাহনৰ নম্বৰ | MH 12 (PMC) MH 14(PCMC) |
Official language | Marathi |
ৱেবছাইট | www www |
পুনে (মাৰাঠী: पुणे) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰাষ্ট্ৰৰ মুলা আৰু মুথা নদীৰ সংগম স্থলীত ইতিহাস প্ৰসিদ্ধ পুনে নগৰী অৱস্থিত। ‘দাক্ষিণাত্যৰ ৰাণী’ নামেৰে পৰিচিত পুনে নগৰী মাৰাঠা সকলৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। সপ্তদশ শতিকাত পুনে নগৰী মাৰাঠা সকলৰ ৰাজধানী আছিল। তাৰ পিছত কিছুবছৰ পুনে মোগল সাম্ৰাজ্যৰ অধীন হয় যদিও পিছত পুনেক পুনৰ উদ্ধাৰ কৰি মাৰাঠা সকলে ৰাজধানী পাতে। ১৮১৭ চনত ব্ৰিটিছ সকলে পুনেত আধিপত্য বিস্তাৰ কৰে। ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেছিডেন্সিৰ পুনে ঋতুকালীন ৰাজধানী আছিল।
পুনে নগৰখনৰ আশে-পাশে ঐতিহাসিক গুৰুত্ব সমৃদ্ধ কেইবাটাও কীৰ্তিস্তম্ভ আছে। এই আটাইবোৰে প্ৰাচীন মাৰাঠা সাম্ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ চানেকি প্ৰদান কৰে। পুনে নগৰীত অৱস্থিত ভীমাশংকৰ শিৱ মন্দিৰ ভাৰতৰ ১২ টা জ্যোতিৰ্লিংগৰ অন্যতম। অতীজৰ তুকাৰাম, জ্ঞানেশ্বৰ আদি অনেক সাধু-কবিয়ে পুনে অঞ্চলত বাস কৰিছিল। [5]
পুনে নগৰীত যথেষ্ট সংখ্যক ঔদ্যোগিক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু ইয়ে নগৰখনৰ অৰ্থনৈতিক ভেটি সবল কৰি তুলিছে। ইয়াত থকা প্ৰধান উদ্যোগবোৰ হ’ল- গাড়ী, স্কুটাৰ, ট্ৰাক নিৰ্মাণ প্ৰ্তিষ্ঠান, এণ্টিবায়টিক ফাৰ্মাচিউটিকেল উদ্যোগ ইত্যাদি। পুনে মহানগৰীত সামৰিক সামগ্ৰী উৎপাদন কাৰখানা এটিও আছে।
অতীজৰে পৰা পুনে নগৰী ভাৰতৰ এক অন্যতম শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে। ইয়াত অৱস্থিত প্ৰখ্যাত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান সমূহ হ’ল: