বৌদ্ধ ধৰ্মত পুনৰ্জন্ম হৈছে এই ধাৰণা যে কোনো ব্যক্তিৰ কৰ্মৰ বাবে মৃত্যুৰ পাছত এক নতুন অস্তিত্ব লাভ কৰিব পাৰে। ই এক অন্তহীন চক্ৰত হয়, যাক সংসাৰ বোলা হয়।[1][2] এই চক্ৰ দুঃখ। এই চক্ৰ তেতিয়াহে শেষ হয় যেতিয়া প্ৰজ্ঞা লাভ কৰি আৰু টান শেষ কৰি মোক্ষ লাভ কৰি মোক্ষ প্ৰাপ্তি হয়।[2][3] কৰ্ম, নিৰ্বাণ আৰু মোক্ষৰ লগতে, পুনৰ্জন্ম বৌদ্ধ ধৰ্মৰ মৌলিক তত্ত্বৰ অন্যতম।[4][5][6]
পুনৰ্জন্মৰ তত্ত্ব প্ৰাচীন কালৰে পৰা বৌদ্ধ ধৰ্ম অধ্যয়নকাৰীৰ মাজত এক গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে। বিশেষকৈ, পুনৰ্জন্মৰ তত্ত্বক কিদৰে অনত্তাৰ তত্ত্বৰ সৈতে সংগতিত ৰাখিব পাৰি, সেই প্ৰশ্ন গুৰুত্বপূৰ্ণ, যিহেতু অনত্তাই আত্মনৰ অস্তিত্বক প্ৰত্যাখ্যান কৰে।[17][18][19] ভিন ভিন বৌদ্ধ পৰম্পৰাৰ মাজত এই কথাক লৈ মতভেদ আছে যে যেতিয়া কোনো ব্যক্তিৰ পুনৰ্জন্ম হয়, সেই ব্যক্তিৰ কি বস্তু আছলতে পুনৰ্জীৱিত হয়, আৰু মৃত্যুৰ পাছত কিমান সোণকালে এই পুনৰ্জন্ম সংঘটিত হয়।[20][21]
কোনো কোনো বৌদ্ধ পৰম্পৰাৰ মতে, বিজ্ঞান এটি ধাৰাবাহিকতা বা ধাৰাত থাকে, আৰু যে এই বিজ্ঞানেই পুনৰ্জন্ম গ্ৰহণ কৰে।[22][23][23]থেৰবাদকে সামৰি কোনো কোনো পৰম্পৰাৰ মতে, পুনৰ্জন্ম তৎক্ষণাত সংঘটিত হয়, আৰু বিজ্ঞানেই হওক বা আন কোনো "বস্তু"ৱেই হওক, এটি জীৱনৰ পৰা আন জীৱনলৈ পুনৰ্জম লভিবলৈ যাত্ৰা নকৰে (পিচে ইয়াতো এটি কাৰণগত সম্পৰ্ক আছে: যিদৰে মমত মোহৰৰ ছাপ দিয়া হয়)। আন বৌদ্ধ পৰম্পৰা, যেনে তিব্বতী বৌদ্ধ ধৰ্মত মৃত্যু আৰু পুনৰ্জমৰ মাজত এটি অন্তৱৰ্তীকালীন অৱস্থা কল্পনা কৰা হয় (অন্তৰাভৱ)। ই ৪৯ দিনলৈকে থাকিব পাৰে। এই বিশ্বাসেৰেই তিব্বতী দেহ সংস্কাসম্বন্ধীয় ৰীতি-নীতি পালন কৰা হয়।[24][25] বৰ্তমানে অস্তিত্বত নথকা পুগ্গলবাদৰ মতে, এটি প্ৰকাশ কৰিব নোৱাৰা ব্যক্তিগত সত্তা (পুগ্গল) এটি জীৱনৰ পৰা আন জীৱনলৈ যায়।[26]
↑ 2.02.1Trainor 2004, পৃষ্ঠা. 58, Quote: "Buddhism shares with Hinduism the doctrine of Samsara, whereby all beings pass through an unceasing cycle of birth, death and rebirth until they find a means of liberation from the cycle. However, Buddhism differs from Hinduism in rejecting the assertion that every human being possesses a changeless soul which constitutes his or her ultimate identity, and which transmigrates from one incarnation to the next..