পূব কামেং জিলা | |
---|---|
![]() অৰুণাচল প্ৰদেশত পূব কামেংৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১ জুন ১৯৮০ |
সদৰ | চেপ্পা |
মহকুমা | চেপ্পা, চায়াংটাজ’ |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
• বিধানসভা সমষ্টি | ৫টা (বামেং, চায়াংটাজ’, পূব চেপ্পা, পশ্চিম চেপ্পা, পাকে-কেছাঙো) |
কালি | |
• মুঠ |
4,134 km2 (1,596 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
78,413 |
• ঘনত্ব | 19/km2 (49/sq mi) |
পূব কামেং জিলা (East Kameng district /ˈkæmɛŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখনৰ আন্তৰাষ্ট্ৰীয় সীমা তিব্বতত আৰু অন্য অংশ অৰুণাচলৰ জিলা পশ্চিম কামেং, পাপুমপাৰে আৰু কুৰুং কুমেইৰ সীমান্ত স্পৰ্শ কৰিছে৷ এই জিলাৰ সদৰ ঠাই চেপ্পা আৰু জিলাৰখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ৷
কামেং নৈৰ আশে পাশে থকা উপত্যকা অঞ্চল বহুবাৰ তিব্বতৰ মন সাম্ৰাজ্য আৰু অসমৰ আহোম সাম্ৰাজ্যৰ অধীনলৈ আহিছিল৷ তাৰোপৰি আকা আৰু নিচি জনজাতিৰ নেতৃত্বয়ো মাজেসময়ে এই অঞ্চল শাসন কৰিছিল৷ ১৯৮০ চনৰ ১ জুনত পূৰ্বৰ কামেং জিলাক বিভক্ত কৰি পূব আৰু পশ্চিম কামেং নামেৰে দুখন জিলা গঠন কৰা হয়৷[2]
পূব কামেং জিলাৰ মুট মাটিকালি ৪,১৩৪ বৰ্গ কিলোমিটাৰ৷[3] এই জিলাৰ জলবায়ু উত্তৰৰ তুন্দ্ৰাৰ পৰা দক্ষিণে অসম সীমান্তৰ সেমেকা অৰ্ধক্ৰান্তীয় হ’ব পাৰে৷
এই জিলাৰ অধিকাংশ লোকে জুম খেতি কৰি জীৱন-নিৰ্বাহ কৰে৷ হাবি কাটি জনজাতীয় লোকসকলে ধান আৰু গোমধানৰ খেতি কৰে৷ লগতে বহুতো ফল-মূলৰ খেতিও কৰে৷
পূব কামেং জিলাৰ মহকুমা দুটা: চেপ্পা (Seppa) আৰু চায়াংটাজ’ (Chayangtajo)৷ এই মহকুমা দুটা পুনৰ তেৰটা চাৰ্কোলত বিভক্ত কৰা হৈছে: Chayangtajo, Sawa, Khenewa, Bameng, Lada, Gyawe Purang, Pipu, Seppa, Richukhrong, Pijirang, Pakke-Kessang, Seijosa আৰু Dissing Passo.
জিলাখনত অৰুণাচল প্ৰদেশ বিধান সভাৰ পাঁচটা সমষ্টি আছে: বামেং, চায়াংটাজ’, পূব চেপ্পা, পশ্চিম চেপ্পা আৰু পাকে-কেছাঙো৷ এই গোটেইকেইটা সমষ্টি পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷[4]
২০১১ চনৰ লোকপিয়ল অনুসৰি পূব কামেং জিলাৰ জনসংখ্যা ৭৮,৪১৩ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬২৪৷[5] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৯ জন৷[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩৭.১৪%।[5] পূব কামেং জিলাৰ লিংগৰ অনুপাত ১০০০ গৰাকী পুৰুষৰ বিপৰীতে ১০১২ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৬২.৪৮%৷[5]
এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷ তাৰোপৰি জিলাখনত মিজি (Miji), চুলুং (Sulung) আৰু আকা (Aka) জনজাতিৰ কিছু লোকেও বসবাস কৰে৷
স্বাধীনতা লাভৰ পিচত জিলাখনৰ বহুলোকে সদৰ ঠাই চেপ্পালৈ প্ৰব্ৰজন কৰে৷
এই জিলাৰ আকাসকলে ক’ৰ’ নামৰ এটা তিব্বতীয়-বৰ্মা মূলৰ ভাষা ব্যৱহাৰ কৰে৷[6][7] ২০১০ চনত ভাষাবিদ ডেভিদ হেৰিছন আৰু গণেশ মূৰ্মূৰ এটা দলে এটা প্ৰকল্পৰ বাবে আকা আৰু মিজিসকলৰ ভাষাৰ ওপৰত গৱেষণা কৰি ক’ৰ’ ভাষাক এক স্বকীয় ভাষা বুলি স্বীকৃতি দিয়ে৷[6][8]
পূব কামেং জিলাৰ কেইবাটাও পৰ্য্যটনৰ আকৰ্ষণ আছে৷ ইয়াৰে এখন হ’ল পাকে ব্ৰাঘ্যপ্ৰকল্প৷ তাৰোপৰি বামেং, চায়াংটাজ’ আৰু পাকে-কেছাঙো হিমালয়ৰ পৰ্য্যটনৰ ক্ষেত্ৰত উল্লেখযোগ্য৷
১৯৭৭ চনত পূব কামেং জিলাৰ ৮৬২ বৰ্গ কিলোমিটাৰ লৈ পাখুই বন্যপ্ৰাণী অভয়াৰণ্য (Pakhui Wildlife Sanctuary) সৃষ্টি কৰা হয়৷[9]
![]() |
![]() টাৱাং জিলা |
কুৰুং কুমেই জিলা | ![]() | |
পশ্চিম কামেং জিলা | ![]() |
পাপুমপাৰে জিলা | ||
![]() ![]() | ||||
![]() | ||||
শোণিতপুৰ জিলা, অসম |
|