পূব ছিয়াং জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | পাছিঘাট |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ৫ খন (পাংগিং, নাৰি-কয়ো, পশ্চিম পাছিঘাট, পূব পাছিঘাট, মেব’) |
কালি | |
• মুঠ | 4,005 km2 (1,546 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ | 99,019 |
• ঘনত্ব | 25/km2 (64/sq mi) |
পূব ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই পাছিঘাট৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷
১৯৯৯ চনত পশ্চিম ছিয়াং জিলাৰ একাংশ লৈ পূব ছিয়াং জিলা গঠন কৰা হৈছিল৷[2] ১৯৯৯ চনত এই জিলাক পুনৰ বিভক্ত কৰি উজনি ছিয়াং জিলা গঠন কৰা হয়৷[2] এই জিলাত ঐতিহাসিকভাৱে চুতীয়া ৰাজতন্ত্ৰৰ শাসন আছিল৷
পূব ছিয়াং জিলাৰ সদৰঠাই পাছিঘাট৷ এই জিলাৰ মাটিকালি ৪০০৫ বৰ্গ কিলোমিটাৰ৷[3]
এই জিলাত অৰুণাচল বিধানসভাৰ পাঁচাটা সমষ্টি আছে: পাংগিং (Panging), নাৰি-কয়ো (Nari-Koyu), পশ্চিম পাছিঘাট (Pasighat West), পূব পাছিঘাট (Pasighat East), আৰু মেব’ (Mebo)৷ এই সকলোবোৰ অঞ্চল [অৰুণাচল পূব (লোকসভা সমষ্টি)|পূব অৰুণাচল লোকসভা সমষ্টিৰ]] অন্তৰ্ভুক্ত৷[4]
২০১১ চনৰ লোকপিয়ল অনুসৰি পূব ছিয়াং জিলাৰ মুঠ জনসংখ্যা ৯৯,০১৯ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৫।[5] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৭ জন।[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৩.৩%৷[5] পূব ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬২ গৰাকী[5] আৰু সাক্ষৰতাৰ হাৰ ৭৩.৫৪%।[5]
পূব ছিয়াং জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷
এই জিলাত ব্যৱহৃত মূল ভাষাসমূহ হৈছে চীন-তিব্বতীয় মূলৰ আদি, মিচিং[6] আৰু গাল' ভাষা৷[7]
১৯৭৮ চনত এই জিলাৰ ১৯০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি ডেৰিং মেম'ৰিয়েল বন্যপ্ৰাণী অভয়াৰণ্য (D’Ering Memorial (Lali) Wildlife Sanctuary) গঠন কৰা হয়৷[8]
উজনি ছিয়াং জিলা | ||||
পশ্চিম ছিয়াং জিলা | নামনি দিবাং উপত্যকা জিলা | |||
পূব ছিয়াং জিলা | ||||
ধেমাজী জিলা, অসম |
|