পূৰ্ণিমা অৰবিন্দ পকৱাসা | |
---|---|
জন্ম | ৫ অক্টোবৰ, ১৯১৩ ৰণপুৰ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৫ এপ্ৰিল, ২০১৬ (১০২ বছৰ) চুৰাট, গুজৰাট, ভাৰত |
পেচা | সমাজকৰ্মী, স্বাধীনতা সংগ্ৰামী |
দাম্পত্যসঙ্গী | অৰবিন্দ পাকভাসা |
সন্তান | সোণাল মানসিংৰ সৈতে ৩ গৰাকী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ, ২০০৪ |
পূৰ্ণিমা অৰবিন্দ পকৱাসা (ইংৰাজী: Poornima Arvind Pakvasa, ৫ অক্টোবৰ ১৯১৩ – ২৫ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা নৃত্যশিল্পী। জনপ্ৰিয়ভাৱে তেওঁক 'দিদি অফ ডং' বুলি জনা যায়। ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।
১৯১৩ চনৰ ৫ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত সৌৰাষ্ট্ৰৰ লিম্ডি ৰাজ্যৰ ওচৰৰ ৰণপুৰত পূৰ্ণিমা পাকভাসাৰ জন্ম হৈছিল। তেওঁ মণিপুৰী নৃত্যশিল্পী আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী আছিল।[1]
পূৰ্ণিমা পাকভাসায়ে ৰণপুৰত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক লগ পাইছিল। তেতিয়া তেওঁ আঠ বছৰ বয়সীয়া আছিল। তেওঁ লিম্ডিত ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। ১৮ বছৰ বয়সত তেওঁ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল। নিমখ আইন ভংগ কৰা এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাগাৰত থকা সময়ত তেওঁ কস্তুৰবা গান্ধীৰ লগত একেলগে আছিল। পাকভাসায়ে তেওঁক ইংৰাজী পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছিল। মহাত্মা গান্ধীয়ে এই কাৰ্যৰ প্ৰশংসা কৰিছিল আৰু শিক্ষাৰ পথত অব্যাহত ৰাখিবলৈ তেওঁৰ আশীৰ্বাদ দিছিল।[2]
তেওঁ ১৯৩৮ চনত হৰিপুৰাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৫১তম অধিৱেশনত অংশগ্ৰহণ কৰিছিল।[1]
১৯৫৪ চনত তেওঁ বোম্বেত (বৰ্তমান মুম্বাই) মহিলাসকলৰ সাংস্কৃতিক, শাৰীৰিক আৰু আধ্যাত্মিক শিক্ষাৰ বাবে এক প্ৰতিষ্ঠান শক্তিদল আৰম্ভ কৰে। তেওঁ ২৫ বছৰ ধৰি নাচিকৰ ভোসলা সামৰিক বিদ্যালয়ৰ নেতৃত্ব দিছিল।[3] পিছত ১৯৭৪ চনত তেওঁ ৰিতমভাৰা বিশ্ব বিদ্যাপীঠ স্থাপন কৰে আৰু ইযাক এখন আৱাসিক বিদ্যালয় হিচাপে গঢ়ি তোলে। তেওঁ চাপুতৰাত এখন মহাবিদ্যালয় স্থাপন কৰিছিল। বিদ্যালয়খনে মুখ্যতঃ ডং জনজাতীয় ছোৱালীসকলক বাবে উছৰ্গিত আছিল।[2][1] তেওঁ ২০১৩ চনৰ অক্টোবৰত ১০০ বছৰীয়া হৈছিল।[4] ২০১৬ চনৰ ২৫ এপ্ৰিল তাৰিখে চুৰাটত ১০২ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে। তেওঁৰ শেষকৃত্য তেওঁৰ সন্তানৰ দ্বাৰা চাপুতৰাত সম্পন্ন কৰা হৈছিল।[2]
২০০৪ চনত তেওঁক সমাজলৈ তেওঁৰ সেৱাৰ বাবে ভাৰত চৰকাৰে দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।[5][4] তেওঁক ২০১৩ চনত সন্তকবা বঁটা প্ৰদান কৰা হৈছিল।[6]
তেওঁ অৰবিন্দ পাকৱভাসাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ শহুৰ মংগল দাস পাকভাসা এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু ভাৰতৰ প্ৰথম পাঁচ গৰাকী ৰাজ্যপালৰ অন্যতম আছিল। দম্পতীহালৰ দুগৰাকী কন্যা আৰতি আৰু সোণাল মানসিং আৰু এজন পুত্ৰ অনুজ। সোণাল মানসিং এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।