পূৰ্ব বংগ (বঙালী: পূর্ব বাংলা/পূর্ববঙ্গ Purbô Bangla/Purbôbongo) পাকিস্তানৰ এটি অঞ্চল আছিল[1] যি পাকিস্তানৰ অন্য ভাগৰ পৰা ভৌগোলিকভাৱে ভালেমান দূৰত অৱস্থিত আছিল।[2] পূৰ্ব বংগৰ দক্ষিণ দিশে বংগোপসাগৰ, উত্তৰে আৰু পশ্চিমে ভাৰত আৰু পূব দিশে ম্যানমাৰ। ভৌগোলিকভাৱে, সীমা নালাগিলেও, ই নেপাল, তিব্বত আৰু ভূটানৰ ওচৰত অৱস্থিত। এই অঞ্চলৰ ৰাজধানী আছিল ঢাকা।
ভাৰতৰ বিভাজনৰ সময়ত[3] বেংগল প্ৰদেশকো বিভাজিত কৰা হৈছিল ধাৰ্মিক আধাৰত।[4] মুছলিম জনবহুল পূব অঞ্চল হৈ পৰিছিল পূৰ্ব বংগ। এই প্ৰদেশ ষষ্ঠ জৰ্জ আৰু দ্বিতীয় এলিজাবেথৰ কালৰ। তদুপৰি, তিনিজন গভাৰ্ণৰ জেনেৰেল: মহম্মদ আলি জিন্না, খাজা নিজামুদ্দীন[5] আৰু গুলাম মহম্মদ শাসনত আছিল এই প্ৰদেশৰ অস্তিত্বৰ কালত।
পূৰ্ব বংগ আছিল পাকিস্তানৰ আতাইতকৈ জনবহুল আৰু বহু-সাম্প্ৰদায়িক প্ৰদেশ। ই কেইবাটাও ৰাজনৈতিক আন্দোলনৰ স্থল আছিল, যেনে বাংলা ভাষা আন্দোলন। ১৯৫৫ চনত পূৰ্ব বংগৰ অৱসান ঘটাই পূব পাকিস্তানৰ সৃষ্টি কৰা হ'ল, এক একক নীতিৰ অধীনত।[6] এনে হৈছিল মহম্মদ আলিৰ প্ৰধান মন্ত্ৰিত্বত।
পূৰ্ব বংগৰ বিধান সভাই এই প্ৰদেশৰ আইন পাৰিত কৰিছিল।
The division of British India into India and Pakistan, achieved in 1947.