পৃথ্বীৰাজ কাপুৰ | |
---|---|
![]() এক ৰাত (১৯৪২) ছবিত পৃথ্বীৰাজ কাপুৰ | |
জন্ম | পৃথ্বীনাথ কাপুৰ ০৩ নৱেম্বৰ, ১৯০৬ সমুন্দ্ৰি, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পঞ্জাৱ (পাকিস্তান)) |
মৃত্যু | ২৯ মে', ১৯৭২ (৬৫ বছৰ) বোম্বে, ভাৰত |
শিক্ষা | লেইলপুৰ খালচা কলেজ |
শিক্ষানুষ্ঠান | এডৱাৰ্ডছ্ কলেজ, পেচোৱাৰ (কলা স্নাতক) |
পেচা | অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা |
সক্ৰিয় হৈ থকা সময় | ১৯২৭-১৯৭২ |
দাম্পত্যসঙ্গী | ৰামসৰণী মেহৰা (বি. ১৯২৩) |
সন্তান | ৰাজ কাপুৰ, শাম্মী কাপুৰ আৰু শশী কাপুৰকে ধৰি মুঠ ৬ |
| |
কাৰ্যকাল ৩ এপ্ৰিল ১৯৫২ – ২ এপ্ৰিল ১৯৬০ |
পৃথ্বীৰাজ কাপুৰ (ইংৰাজী: Prithviraj Kapoor; জন্ম: পৃথ্বীনাথ কাপুৰ; ৩ নৱেম্বৰ ১৯০৬ – ২৯ মে' ১৯৭২) এজন ভাৰতীয় অভিনেতা আছিল। তেওঁক হিন্দী চলচ্চিত্ৰৰ অন্যতম প্ৰতিষ্ঠাপক ব্যক্তি হিচাপেও গণ্য কৰা হয়।[1] তেওঁ আছিল ভাৰতীয় গণনাট্য সংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। ১৯৪৪ চনত তেওঁ বোম্বাই ভিত্তিক ভ্ৰাম্যমাণ থিয়েটাৰ কোম্পানী পৃথ্বী থিয়েটাৰ প্ৰতিষ্ঠা কৰে।
তেওঁ হিন্দী চলচ্চিত্ৰৰ কাপুৰ পৰিয়ালৰ পিতৃপুৰুষ আছিল; যিটো পৰিয়ালৰ তেওঁৰ পৰা আৰম্ভ কৰি চাৰিটা প্ৰজন্মই হিন্দী চলচ্চিত্ৰ জগতত সক্ৰিয় ভূমিকা পালন কৰিছিল আৰু চতুৰ্থ প্ৰজন্ম এতিয়াও বলীউডত সক্ৰিয় হৈ আছে। তেওঁৰ পিতৃ বশেশ্বৰ নাথ কাপুৰেও তেওঁৰ ছবি আৱৰাত এটা সৰু ভূমিকাত অভিনয় কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বূৰুপে তেওঁক ১৯৬৯ চনত পদ্মভূষণ আৰু ১৯৭১ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে।[1]
কাপুৰে লাইলপুৰ আৰু পেছাৱৰৰ থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰে। ১৯২৮ চনত তেওঁ এগৰাকী সম্পৰ্কীয়াৰ পৰা ঋণ লৈ বম্বে প্ৰেচিডেঞ্চিৰ অন্তৰ্গত বম্বে চহৰলৈ যায়। তাত তেওঁ ইম্পেৰিয়েল ফিল্মছ কোম্পানীত যোগদান কৰে আৰু সৰু-সুৰা চৰিত্ৰত অভিনয়ৰে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।[2] ১৯২৮ চনত তেওঁৰ প্ৰথমখন ছবি বে ধৰী তলৱাৰত এক্সট্ৰা হিচাপে আত্মপ্ৰকাশ কৰে।[3][4] ১৯২৯ চনত মুক্তি পোৱা তৃতীয়খন ছবি গাৰ্লত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়।[[5] বে ধৰী তলৱাৰ, [6] চিনেমা গাৰ্ল, শ্বেৰ-ই-আৰব আৰু প্ৰিঞ্চ বিজয়কুমাৰকে ধৰি ৯খন নিৰ্বাক চলচ্চিত্ৰত অভিনয় কৰাৰ পিছত[7] কাপুৰক ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ আলম আৰাত (১৯৩১) সহযোগী চৰিত্ৰত অভিনয় কৰা দেখা যায়। বিদ্যাপতিত (১৯৩৭) তেওঁৰ অভিনয়ৰ বহুত প্ৰশংসা কৰা হয়। তেওঁৰ আটাইতকৈ পৰিচিত অভিনয় হয়তো ছোহৰাব মোদীৰ ছিকন্দৰত (১৯৪১) আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ চৰিত্ৰত। বোম্বেত এবছৰলৈ থকা ইংৰাজী থিয়েটাৰ কোম্পানীত গ্ৰাণ্ট এণ্ডাৰছন থিয়েটাৰ কোম্পানীতো কাম কৰিছিল। [8] এই সময়চোৱাত কাপুৰে থিয়েটাৰতো নিয়মীয়াকৈ অভিনয় কৰিছিল। মঞ্চ আৰু ৰুপালীপৰ্দা উভয়তে দক্ষ আৰু বহুমুখী প্ৰতিভাসম্পন্ন অভিনেতা হিচাপে সুনাম গঢ়ি তুলিবলৈ তেওঁ সক্ষম হৈছিল।
১৯৪২ চনত কালিদাসৰ অভিজ্ঞান শকুন্তলমৰে নাট্যাৰম্ভণি কৰা কাপুৰৰ পৃথ্বী থিয়েটাৰ ১৯৪৪ চনলৈ প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হয়। ১৯৪৬ চনৰ ভিতৰত তেওঁৰ ডাঙৰ পুত্ৰ ৰাজ কাপুৰে নিজাববীয়াকৈ চলচ্চিত্ৰ নিৰ্মাণ আৰম্ভ কৰে; আৰু ছবিবোৰ সফল হৈছিল। পৃথ্বীৰাজ কাপুৰে পৃথ্বী থিয়েটাৰত বিনিয়োগ কৰিছিল, যিখন থিয়েটাৰে সমগ্ৰ ভাৰততে কিছুমান স্মৰণীয় নাট মঞ্চস্থ কৰিছিল। নাটক সমূহ আছিল অতি প্ৰভাৱশালী আৰু ই যুৱক-যুৱতীসকলক ভাৰতীয় স্বাধীনতা আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণৰ বাবে প্ৰেৰণা যোগাইছিল। ১৬ বছৰতকৈও অধিক সময় জীয়াই থকা থিয়েটাৰখনে প্ৰায় ২,৬৬২টা শ্বো কৰিছিল। তেওঁৰ এখন জনপ্ৰিয় নাটকৰ নাম আছিল পাঠান (১৯৪৭), যিখন নাটক মুম্বাইত প্ৰায় ৬০০ বাৰ মঞ্চস্থ হৈছিল। এজন হিন্দু আৰু এজন মুছলমান বন্ধুৰ কাহিনীৰে ৰচিত এই নাটকখন ১৯৪৭ চনৰ ১৩ এপ্ৰিলত ইয়াৰ প্ৰথম মঞ্চায়ন হয়।[9]
![]() |
ৱিকিমিডিয়া কমন্সত Prithviraj Kapoor সম্পৰ্কীয় মিডিয়া ফাইল আছে। |