পেট্ৰিচিয়া মুখিম | |
---|---|
জন্ম | শ্বিলং, মেঘালয়, ভাৰত |
পেচা | লেখিকা, সাংবাদিক, সমাজকৰ্মী |
জনা যায় | সামাজিক সক্ৰিয়তা, লেখা-মেলা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী উৎকৃষ্ট নাৰী সাংবাদিকৰ বাবে চামেলী জৈন বঁটা ৱান ইণ্ডিয়া বঁটা ফেডাৰেছন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰী (FICCI) FLO বঁটা ইউ এন ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা উত্তৰ পূৱ উৎকৃষ্টতাৰ বঁটা |
পেট্ৰিচিয়া মুখিম (ইংৰাজী: Patricia Mukhim) এগৰাকী সামাজিক কৰ্মী, লেখিকা আৰু সাংবাদিক।[1][2] তেওঁ 'শ্বিলং টাইমছ্' নামৰ কাকতখনৰ সম্পাদক।[3] মুখিম তেওঁৰ সমাজৰ আৰু নাগৰিক জীৱনৰে জড়িত বিষয়সমূহৰ কৰ্মৰ বাবে জনাজাত।[4] উৎকৃষ্ট নাৰী সাংবাদিকৰ বাবে চামেলী জৈন বঁটা,[5] ৱান ইণ্ডিয়া বঁটা,[6] ফেডাৰেছন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰী (FICCI) FLO বঁটা, উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা,[7] শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা,[8] আৰু উত্তৰ পূৱ উৎকৃষ্টতাৰ বঁটাৰে সন্মানিত পেট্ৰিচিয়া মুখিমক ২০১০ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[9]
পেট্ৰিচিয়া মুখিমৰ জন্ম হৈছিল উত্তৰ পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলঙত। তেওঁৰ শৈশৱৰ কালছোৱা জটিল আছিল বুলি জনা যায় কিয়নো তেওঁ সৰু হৈ থাকোঁতেই পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল আৰু তেওঁ কেৱল মাতৃৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হৈছিল।[10][11] মুখিমে তেওঁৰ স্কুলীয়া আৰু মহাবিদ্যালয়ৰ পৰ্য্যায়ৰ শিক্ষা শ্বিলঙতে লাভ কৰিছিল। তেওঁ কলা শাখাৰ স্নাতক আৰু বি.এড. ডিগ্ৰী লাভ কৰিছিল।[5] তেওঁ নিজৰ কৰ্মজীৱন এগৰাকী শিক্ষক হিচাপে আৰম্ভ কৰিছিল যদিও পিছলৈ ১৯৮৭ চনত সংবাদদাতা হিচাপে সাংবাদিকতাৰ ক্ষেত্ৰত খোজ পেলায়।[11] ২০০৮ চনৰ পৰা তেওঁ শ্বিলং টাইমছ্ কাকতৰ সম্পাদক হিচাপে কৰ্মৰত।[5][6] উল্লেখনীয় যে, শ্বিলং টাইমছেই মেঘালয়ৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত।[8][12] তদুপৰি তেওঁ দ্য ষ্টেটছমেন,[8] দ্য টেলিগ্ৰাফ,[12][13][14][15] ইষ্টাৰ্ণ পেন’ৰামা, আৰু দ্য নৰ্থ ইষ্ট টাইমছৰ দৰে[5][16][17] অন্যান্য প্ৰকাশনসমূহতো নিৱন্ধ, স্তম্ভলেখা ইত্যাদি আগবঢ়ায়।
পেট্ৰিচিয়া মুখিম 'Shillong, We Care' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক। এই সংগঠনটোৱে মেঘালয়ত উগ্ৰপন্থাৰ বিৰুদ্ধে যুঁজ দিছিল।[6][8] তেওঁ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা পৰিষদ(National Security Advisory Board)ৰ সদস্য আছিল, আৰু[2][8] আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰনালয়ৰ অধীনস্থ National Foundation for Communal Harmony-ৰো সদস্য আছিল।[8][12][16][17] তেওঁ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান(Indian Institute of Mass Communication)-ৰ শিক্ষা-পৰিষদৰ সদস্য।[6]
“চৰকাৰৰ উন্নয়ন পুঁজিৰ ধনৰ এটা বুজন পৰিমাণ যে বিভিন্ন উগ্ৰবাদী সংগঠনৰ ভঁৰাললৈ যায় সেয়া আৰু গোপন হৈ থকা নাই।” – উত্তৰ পূব ভাৰতৰ উগ্ৰপন্থাজনিত সমস্যাৰ বিষয়ে ক'বলৈ গৈ পেট্ৰিচিয়া মুখিমে এইদৰে কৈছিল।[18]
মুখিম 'ইণ্ডিজেনাছ উইমেনছ্ ৰিচৰ্ছ চেণ্টাৰ', শ্বিলঙৰ সঞ্চালক।[4][19] তেওঁ পূব খাচী পাৰ্বত্য জিলাৰ কনজ্যুমাৰ ফ'ৰামৰ সদস্য আছিল।[5] তদুপৰি মুখিম ৰাজ্যিক গ্ৰাহক পৰিক্ৰমা আয়োগৰ সদস্য,[19] আৰু চেণ্টাৰ অৱ্ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচী ৰিচাৰ্ছ (CNES)-ৰ ন্যাসৰক্ষী,[2] আৰু ইণ্ডো গ্ল'বেল চাৰ্ভিছ চ'ছাইটিৰ উপাধ্যক্ষ।[8] তেওঁ 'উইমেনছ্ ৰিজিয়’নেল নেটৱ’ৰ্ক' নামৰ ভাৰতীয় উপমহাদেশৰ বিভিন্ন দেশৰ মহিলাৰে গঠিত এক ফ'ৰামৰ বৰ্ডৰো সদস্য।[16][17] মুখিম মেঘালয় পৰিকল্পনা ব’ৰ্ডৰ প্ৰাক্তন সদস্য,[2] আৰু উত্তৰ পূব উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠান (NEIDS)ৰ উপদেষ্টা।[19]
মুখিম মেঘালয়ৰ সামাজিক-ৰাজনৈতিক পৰিৱেশৰ সম্পৰ্কে কেইবাটাও দৃষ্টান্তমূলক নিৱন্ধৰ ৰচনাৰ কৃতিত্বৰ অধিকাৰী।[20][21] Heide Göttner-Abendroth-ৰ দ্বাৰা ৰচিত মাতৃপ্ৰধানতাৰ এখন গ্ৰন্থত মুখিমে, 'Khasi matrilineal society - Challenges in the 21st century' শীৰ্ষক এটা অধ্যায় ৰচনা কৰিছিল।[4][22] তেওঁ 'When Hens Crow' শিৰোনামৰ এখন গ্ৰন্থও ৰচনা কৰি আছে।[4] মুখিমে জাপান, থাইলেণ্ড, হাৱাই দ্বীপপুঞ্জ, চুইজাৰলেণ্ড, পেলেষ্টাইন, ইজৰাইল, উত্তৰ আৰু দক্ষিণ কোৰিয়া, যুক্তৰাজ্য, আফ্ৰিকা মহাদেশ ইত্যাদি বিভিন্ন ঠাইত বহু অভিৱৰ্তন আৰু আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছে,[4] মুখ্য বক্তৃতা প্ৰদান কৰিছে।[5][8] তেওঁ বহু ৰেডিঅ' আৰু টেলিভিছনৰ কাৰ্য্যসূচীতো অংশ গ্ৰহণ কৰিছে।[5]
পেট্ৰিচিয়া মুখিমে ১৯৯৬ চনত নতুন দিল্লীৰ মেডিয়া ফাউণ্ডেচনে প্ৰদান কৰা চামেলী দেৱী জৈন বঁটা লাভ কৰিছিল। [8][16][17] ফেডাৰেছন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰী (FICCI)-এ ২০০৮ চনত তেওঁক সাংবাদিকতাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে FLO সন্মান প্ৰদান কৰিছিল।[8][16][17] ২০০৮ চনতেই তেওঁক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক সন্মান প্ৰদান কৰা হৈছিল।[7][8] ২০০৯ চনত মুখিমক কমল কুমাৰী ফাউণ্ডেছনে শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।[8] ২০১০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্ব্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰে।[9][11][16][17] ২০১১ চনত তেওঁ উত্তৰ পূৱ উৎকৃষ্টতাৰ বঁটাৰ বাবে নিৰ্বাচিত হয়।[8][6] ১৯৯৫ চনত তেওঁ উৎকৃষ্ট নাৰী সাংবাদিকৰ বাবে চামেলী জৈন বঁটা লাভ কৰিছিল।[23]