এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
প্ৰথম কিন সম্ৰাটৰ সমাধিত প্ৰতিষ্ঠিত পোৰামাটিৰ মূৰ্তি | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
দেশ | চীন |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | i, iii, iv, vi |
উদ্ধৃতি | ৪৪১ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়া-পেছিফিক |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৭ (একাদশ অধিবেশন) |
পোৰামাটিৰ সৈন্যবাহিনী (চীনা: 兵马俑; আক্ষৰিক অৰ্থ: "সৈন্যবাহিনী আৰু ঘোঁৰা-ছৱাৰী সদৃশ পোৰামাটিৰ মূৰ্তি")
পোৰামাটিৰে তৈয়াৰী এই সৈন্যবাহিনী আৰু ঘোঁৰাৰ মূৰ্তিসমূহ প্ৰথম চীন সম্ৰাট কিন শি হুয়াঙৰ সমাধিমন্দিৰত প্ৰতিষ্ঠা কৰা হৈছিল। ২১০-২০৯ খ্ৰীষ্টপূৰ্বৰ সময়ত নিৰ্মাণ কৰা এইবোৰ সমাধি শিল্পৰ এক অনন্য নিদৰ্শন। সম্ৰাটৰ মৃত্যুৰ পিছত তেওঁক পৰজীৱনত সুৰক্ষিত ৰাখিবলৈ এই মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ বিশ্বাস অনুসাৰে, এই সৈন্যবাহিনীয়ে মৃত্যুৰ পিছত সম্ৰাট কিনৰ সুৰক্ষা নিশ্চিত কৰিব। ১৯৭৪ চনত চীনৰ শাআনশি প্ৰদেশৰ লিণ্টং জিলাৰ কৃষকে এই মূৰ্তিসমূহ আবিষ্কাৰ কৰে। মূৰ্তিসমূহৰ আকৃতি সামৰিক পদমৰ্যাদা অনুসৰি বিভিন্ন আছিল। উদাহৰণস্বৰূপ, আটাইতকৈ ডাঙৰ মূৰ্তিটো এজন সেনাপতিৰ। পোৰা মাটিৰ সৈন্যবাহিনীত সৈনিকৰ উপৰি ৰথ আৰু ঘোঁৰাৰ মূৰ্তিও আছে।
আবিষ্কাৰ পোৰামাটিৰ সৈন্যবাহিনী ১৯৭৪ চনৰ ২৯ মাৰ্চত আবিষ্কৃত হয়। শাআনশি প্ৰদেশৰ শিআনৰ সম্ৰাট কিন শি হুয়াংৰ সমাধিস্থলৰ পৰা প্ৰায় এক মাইল (১.৯ কি.মি) আঁতৰত স্থানীয় কৃষকে পাটকুঁৱা খনন কৰা সময়ত এই মূৰ্তিসমূহ পোৱা যায়। এই স্থান ভূগৰ্ভস্থ জলাধাৰ আৰু নিজৰাৰ সৈতে মিলি আছিল। বহু শতিকা জুৰি এই স্থানত পোৰামাটিৰ খণ্ড, ইটা আৰু অন্য নিৰ্মাণ সামগ্ৰী সময়ে সময়ে পোৱা গৈছিল।[1][2] পোৰা মাটিৰ সৈন্যবাহিনী চীনৰ প্ৰাচীন মৃৎশিল্পৰ আটাইতকৈ বৃহৎ আৰু সংগঠিত নিদৰ্শন।