পৌলোমি বসু (জন্ম অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় শিল্পী, তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু সমাজকৰ্মী[1]তেওঁৰ বেছিভাগ কৰ্মই প্ৰান্তীয় মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ স্বাভাৱিককৰণৰ বিষয়ত আলোকপাত কৰে।[2][3][4][5]
নেপালী সম্প্ৰদায়ৰ এক প্ৰথা ছৌপদীক উদ্দেশ্য কৰি নিৰ্মাণ কৰা ধাৰাবাহিক 'ব্লাড স্পীকছ'ৰ বাবে বসুৱে ৰয়েল ফটোগ্ৰাফিক চছাইটিৰ হুড মেডেল লাভ কৰিছিল।[6] ২০১৭ চনত বসুক ছানডেন্স নিউ ফ্ৰণ্টিয়াৰ্ছ লেব ফেল’শ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছিল।[7]ভাৰতৰ ৰাজ্য আৰু মাওবাদী পিপলছ লিবাৰেচন গেৰিলা আৰ্মীৰ মাজৰ সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰা তেওঁৰ ফটোবুক চেণ্ট্ৰেলিয়াক ২০২১ চনৰ ডয়চে বৰ্চ ফটোগ্ৰাফী ফাউণ্ডেশ্যন বঁটাৰ বাবে তালিকাভুক্ত কৰা হৈছিল। [8]ব্ৰিটেইনৰ নিউকেচেলৰ চাইড গেলেৰীত ২০২১/২২ চনত তেওঁৰ 'ইৰাপচনছ্: এ ডেকেড অৱ ক্ৰিয়েচন' প্ৰদৰ্শিত হৈছিল।[9]২০২৩ চনত তেওঁ "সমসাময়িক ফটোগ্ৰাফী আৰু নবীন প্ৰচাৰমাধ্যম"ত আগবঢ়োৱা অসমান্য অৱদানৰ বাবে আন্তৰ্জাতিক ফটোগ্ৰাফী কেন্দ্ৰৰ ইনফিনিটি বঁটা লাভ কৰে।[10]
শিল্প সমালোচক চাৰ্লট জান্সেনে টেটৰ প্ৰকাশন 'ফিফটি পাইওনিয়াৰ্ছ ডিফাইনিং ফটোগ্ৰাফী ফৰ দ্য টুৱেণ্টি-ফাৰ্ষ্ট চেঞ্চুৰী'ত লিখিছে যে বসুৰ কাম "সুন্দৰ যদিও apocalyptic। তেওঁৰ ফটো আৰু ছবিবোৰ চাইকোট্ৰপিক পোহৰৰ সৈতে স্পন্দনশীল।" [11]
বসুৰ জন্ম আৰু প্ৰতিপালন হৈছিল ভাৰতৰ কলিকতাত। তেওঁ কৈছে "সকলো ক্ষেত্ৰতে নিষেধাজ্ঞা থকা ঘৰ এখনত মই ডাঙৰ দীঘল হৈছোঁ, য'ত এক হিংসাত্মক, পিতৃতান্ত্ৰিক আৰু নাৰীবিদ্বেষী পৰিৱেশে বিৰাজ কৰিছিল।" মই এইবোৰৰ মাজত প্ৰতিটো ঘটনাই কিদৰে সম্পৰ্কিত হৈ আছিল-সেয়া দেখিছিলোঁ আৰু সেয়ে পিতৃতন্ত্ৰৰ জটিল জালখন অন্বেষণ কৰিবলৈ আগ্ৰহী হৈ পৰিছিলো।" [12] সমাজতত্ত্বত স্নাতক ডিগ্ৰীৰ লাভ কৰাৰ পিছত তেওঁ লণ্ডন কলেজ অৱ কমিউনিকেচনৰ পৰা ফটোজাৰ্নেলিজম আৰু তথ্যচিত্ৰ ফটোগ্ৰাফীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[13]
বসুৰ কামে প্ৰায়ে প্ৰান্তীয় মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ স্বাভাৱিককৰণৰ বিষয়ে আলোচনা কৰে। [5] বিবিচিয়ে বসুক "প্ৰণালীবদ্ধ অন্যায়ৰ নিৰ্ভীক পৰীক্ষাৰ বাবে পৰিচিত এগৰাকী দৃশ্য কৰ্মী" বুলি বৰ্ণনা কৰিছে। তেওঁৰ লেন্সে প্ৰায়ে উপেক্ষা কৰা বা কমকৈ ৰিপৰ্ট কৰা কাহিনীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ প্ৰান্তীয় সম্প্ৰদায় আৰু সংঘাতৰ অঞ্চলৰ মহিলাসকলৰ কাহিনী।" [14]
তেখেতে 'টু কনকাৰ হাৰ লেণ্ড' নামৰ ছিৰিজটোত ভাৰত–পাকিস্তান সীমান্তত ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা সৈনিকসকলৰ চিত্ৰ অংকন কৰিছে।[15][16] বসুৰ ভাষাত ক'বলৈ গ'লে, "টু কনকাৰ হাৰ লেণ্ড হৈছে নতুন ধৰণৰ মানসিক চাপ-যি ইতিহাসত আগতে কেতিয়াও উল্লেখ নথকা ভাৰতীয় মহিলাৰ যুঁজাৰু জীৱনৰ সৈতে সম্পৰ্কিত।"
তেওঁৰ কামে আত্ম-প্ৰতিচ্ছবিৰ সংবেদনশীল বিষয়টোৰ সৈতে সম্পৰ্কিত আৰু তেওঁলোকৰ পৰিচয় পুনৰ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰা মহিলাসকলৰ ওপৰত গুৰুত্ব দিয়ে। বসুৰ কামত "সংঘাত, মানসিক যুদ্ধ, শ্ৰেণী, যুৱ, লিংগ, প্ৰেম,শান্তি, ঘৰৰ ধাৰণা, দেশপ্ৰেমৰ এক অনিৰ্ধাৰিত ধাৰণা আৰু মানসিক শক্তিৰ জটিল বিষয়সমূহ অন্তৰ্ভুক্ত হৈছে।" [17] 'টু কনকাৰ হাৰ লেণ্ড' এক উপযুক্ত শিৰোনাম কিয়নো এই কৰ্ম কেৱল সামৰিক বাহিনীতে নহয়, সমাজৰ দৃষ্টিত নিজৰ স্থান দাবী কৰিবলৈ চেষ্টা কৰা মহিলাসকলৰ বাবেও উৎসৰ্গিত য'ত লিংগ নীতি এতিয়াও মহিলাৰ প্ৰতি কঠোৰ। ব্লাড স্পিকস:নিৰ্বাসনৰ এক ৰীতি নেপালী ছৌপদীৰ ৰীতি-নীতিৰ সৈতে সম্পৰ্কিত, যিয়ে "সূচায় যে ঋতুস্ৰাৱ হোৱা আৰু সন্তান জন্মৰ পিছত ৰক্তক্ষৰণ হোৱা মহিলাসকলে অস্থায়ী ঠাইত থাকিব লাগিব কিয়নো তেওঁলোক অশুদ্ধ আৰু সেয়েহে তেওঁলোকক অস্পৃশ্য বুলি গণ্য কৰা হয়।" নিজ সম্প্ৰদায় আৰু পৰিয়ালৰ দ্বাৰা নিৰ্বাসিত, মহিলাসকলক পানী আৰু শৌচালয়ৰ প্ৰৱেশাধিকাৰৰ পৰা বঞ্চিত কৰা হয় আৰু তেওঁলোকক পশুসুলভ আচৰণেৰ ৰাহি যোৱা খাদ্য খাবলৈ বাধ্য কৰোৱা হয়। "
বসুৱে ২০১৩, ২০১৪ আৰু ২০১৬ চনত নেপালৰ এটা দুৰ্গম অঞ্চলৰ সুৰখেট জিলাত এই কাম কৰিছিল। প্ৰদৰ্শিত হোৱাৰ সময়ত দুটা স্ক্ৰীণ প্ৰজেকচন, এল ই ডি চালিত লাইট বক্সত দেখুওৱা ফটো, এটা চাৰাউণ্ড-ছাউণ্ডস্কেপ আৰু এটা ইমাৰ্চিভ ভাৰ্চুৱেল ৰিয়েলিটি ইনষ্টলেচন অন্তৰ্ভুক্ত কৰা হয় - "কোঠাটোৱে মহিলাসকল বসবাস কৰা নিপীড়নমূলক পৰিৱেশটোৰ ইংগিত দিয়ে।" [18][12]
টেট মডাৰ্ণ কিউৰেটৰ এমা লুইছে বসুৰ কামৰ বিষয়ে কয় যে "ব্লাড স্পিকছে গতানুগতিক হিংসাৰ ভয়াৱহ পৰিণতি আৰু এনে নিষেধাজ্ঞাই বাল্য বিবাহ, প্ৰজনন স্বাস্থ্যৰ প্ৰতি মনোভাৱ, মাতৃৰ মৃত্যুৰ সৈতে জড়িত বহনক্ষমতাৰ লক্ষ্যত কেনেদৰে নেতিবাচক প্ৰভাৱ পেলায় সেই বিষয়ে উনুকিয়াইছে।" [19]