প্লিনি দ্য এল্ডাৰ | |
---|---|
![]() ১৯ শতিকাত অংকন কৰা প্লিনিৰ চিত্ৰ | |
জন্ম | ২৩ বা ২৪ খ্ৰীষ্টাব্দ নভোম ক’মোম (ক’ম’), ৰোমান ইটালী, ৰোমান সাম্ৰাজ্য |
মৃত্যু | ৭৯ খ্ৰীষ্টাব্দ (৫৫ বছৰ) ষ্টেবিয়া, ৰোমান ইটালী, ৰোমান সাম্ৰাজ্য |
নাগৰিকত্ব | ৰোমান |
শিক্ষা | ব্যাকৰণ |
পেচা | উকীল, লেখক, প্ৰাকৃতিক দাৰ্শনিক, ইতিহাসবিদ, প্ৰকৃতিবিদ, সেনা বিষয়া |
উল্লেখযোগ্য কৰ্ম | বেলা জাৰ্মানিয়া |
গাইয়াছ প্লিনিয়াছ চেকুণ্ডাছ (২৩/২৪ খ্ৰীষ্টাব্দ – ৭৯ খ্ৰীষ্টাব্দ), এজন ৰোমান লেখক, প্ৰকৃতিবিদ, প্ৰাকৃতিক দাৰ্শনিক, আৰু প্ৰাক ৰোমান সাম্ৰাজ্যৰ নৌ আৰু সেনা বিষয়া আৰু সম্ৰাট ভেস্পাচিয়ানৰ বন্ধু আছিল। তেঁওক প্লিনি দ্য এল্ডাৰ (/ˈplɪni/)[1] বুলিও জনা যায়। তেওঁ বিশ্বকোষীয় নেচাৰেলিছ হিষ্ট’ৰিয়া (প্ৰাকৃতিক ইতিহাস) লিখিছিল, যি বিশ্বকোষৰ সম্পাদকীয় আৰ্হিলৈ পৰিণত হৈছিল। আজৰি সময়ৰ বেছিভাগ সময় তেওঁ প্ৰাকৃতিক আৰু ভৌগোলিক পৰিঘটনাৰ অধ্যয়ন, লিখা আৰু অনুসন্ধান কৰি কটাইছিল।
প্লিনিৰ শ্ৰেষ্ঠ গ্ৰন্থসমূহৰ ভিতৰত এখন আছিল বিশ খণ্ডৰ বেলা জাৰ্মানিয়া (Bella Germaniae, “জাৰ্মান যুদ্ধৰ ইতিহাস”), যিখনৰ এতিয়া অস্তিত্ব নাই। অফিডিয়াছ বাছাছৰ লিব্ৰি বেলি জাৰ্মানিচি (Libri Belli Germanici, “জাৰ্মানসকলৰ সৈতে যুদ্ধ”) বন্ধ হোৱাৰ পৰাই আৰম্ভ হোৱা বেলা জাৰ্মানিয়াক প্লুটাৰ্ক, টেচিটাছ আৰু ছুৱেটনিয়াছকে ধৰি অন্যান্য বিশিষ্ট ৰোমান ইতিহাসবিদসকলে উৎস হিচাপে ব্যৱহাৰ কৰিছিল। টেচিটাছে তেওঁৰ ৰচনা ডি অৰিজিন এট চিটু জাৰ্মান'ৰাম (De origine et situ Germanorum, “জাৰ্মানসকলৰ উৎপত্তি আৰু পৰিস্থিতি”)ৰ প্ৰধান উৎস হিচাপে বেলা জাৰ্মানিয়াক ব্যৱহাৰ কৰিছিল।[2]
৭৯ খ্ৰীষ্টাব্দত ভেছুভিয়াছ পৰ্বতৰ বিস্ফোৰণৰ পৰা বন্ধু আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰৰ চেষ্টা কৰি থাকোঁতে ষ্টেবিয়াত প্লিনি দ্যা এল্ডাৰৰ মৃত্যু হৈছিল।[3]
কিছুমান ইতিহাসবিদে নেচাৰেলিছ হিষ্ট’ৰিয়াক (প্ৰাকৃতিক ইতিহাস) এতিয়ালৈকে লিখা প্ৰথম বিশ্বকোষ বুলি গণ্য কৰে। ই হৈছে প্ৰচলিত থকা আটাইতকৈ প্ৰাচীন বিশ্বকোষ। প্লিনি দ্য এলডাৰৰ প্ৰাকৃতিক ইতিহাসৰ আগতে বহুতো প্ৰাচীন ইতিহাস লিখা হৈছিল যদিও পণ্ডিতসকলে এতিয়াও প্ৰাকৃতিক ইতিহাসক বিশ্বকোষ হিচাপে স্বীকৃতি দি আন প্ৰাচীন ইতিহাসৰ পৰা পৃথক কৰি ৰাখিছে। প্ৰথম হ’লেও যিয়েই নহওক কিয়, ই নিশ্চিতভাৱে আটাইতকৈ তাৎপৰ্যপূৰ্ণ। প্ৰাকৃতিক ইতিহাসৰ জৰিয়তে প্লিনি দ্য এলডাৰে আধুনিক বিশেষজ্ঞসকলক প্ৰথম শতিকাৰ ৰোমৰ বিভিন্ন বস্তুৰ অৰ্থৰ বিষয়ে এনেদৰে দৃষ্টিভংগী প্ৰদান কৰিছে যিটো আন কোনো প্ৰচলিত গ্ৰন্থই কৰা নাই। প্ৰাকৃতিক ইতিহাসৰ প্ৰতিখন কিতাপে বেলেগ বেলেগ বিষয় সামৰি লৈছে, আৰু ৰচনাখনৰ উদ্দেশ্য হৈছে প্ৰতিটো বিষয় সামৰি লোৱা। কামটোৰ সংগঠনৰ প্ৰতি লক্ষ্য ৰাখি স্পষ্ট যে ইয়াক এটা তথ্যসূত্ৰৰ সমল হিচাপে লোৱা হৈছিল। আনকি আধুনিক পণ্ডিতসকলেও কেতিয়াবা বেলেগ প্ৰাচীন গ্ৰন্থত উল্লেখ কৰা অজ্ঞাত বস্তু এটাক প্লিনিয়ে বৰ্ণনা কৰা বস্তুবোৰৰ লগত তুলনা কৰা দেখা যায়। আধুনিক পণ্ডিতসকলেও প্ৰাচীন ৰোমৰ পৰম্পৰা, কল্পনা আৰু পক্ষপাতিত্বসমূহ বুজিবলৈ প্ৰাকৃতিক ইতিহাসৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। কিছুমানে কৈছে যে সমগ্ৰ পশ্চিমীয়া ইতিহাসত প্ৰচলিত কিছুমান পক্ষপাতিত্ব প্ৰাকৃতিক ইতিহাসে বিয়পাইছিল।
পৰীক্ষা কৰা বিষয়বস্তুৰ বিস্তৃতি, মূল লেখকসকলৰ উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আৰু বিষয়বস্তুৰ বিস্তৃত সূচী তালিকাৰ ক্ষেত্ৰত এই গ্ৰন্থখন পিছৰ সকলো বিশ্বকোষৰ বাবে আৰ্হি হৈ পৰিছিল। প্লিনিৰ এইটোৱেই একমাত্ৰ গ্ৰন্থ যিটো জীয়াই আছে, আৰু তেওঁ প্ৰকাশ কৰা শেষ গ্ৰন্থ।
৭৯ খ্ৰীষ্টাব্দত ভেছুভিয়াছ পৰ্বতৰ বিস্ফোৰণৰ পৰা বন্ধু আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰৰ চেষ্টা কৰি থাকোঁতে ষ্টেবিয়াত প্লিনি দ্যা এল্ডাৰৰ মৃত্যু হৈছিল।[3] ১৯৬৭ চনত বিজ্ঞানৰ ইতিহাসবিদ কনৱে জিৰ্কলে প্লিনিৰ মৃত্যুৰ বিষয়ে একেদৰেই কৈছিল, "প্লিনিৰ মৃত্যু সম্পৰ্কে ব্যাপক আৰু স্থায়ী ভুল তথ্য পোৱা যায়"। তেওঁ মত প্ৰকাশ কৰিছিল যে উদ্ধাৰৰ চেষ্টা চলোৱাৰ পিছতো প্লিনি কেতিয়াও মাউণ্ট ভেছুভিয়াছৰ পৰা মাইলৰ ভিতৰত নাহিল আৰু ধোঁৱাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি কোনো প্ৰমাণ পোৱা হোৱা নাই আৰু বিগেল’ৰ দৰে এই সিদ্ধান্তত উপনীত হয় যে তেওঁৰ হৃদ ৰোগত মৃত্যু হৈছে।