প্ৰজাপতি গৌতমী | |||||
---|---|---|---|---|---|
ৰাণী গৌতমীৰ সৈতে ৰাজকুমাৰ সিদ্ধাৰ্থ | |||||
ব্যক্তিগত | |||||
জন্ম | প্ৰজাপতি দেৱদহ | ||||
ধৰ্ম | বৌদ্ধ ধৰ্ম | ||||
দাম্পত্যসংগী | ৰজা শুদ্ধোধন | ||||
সন্তান | নন্দ সুন্দৰী নন্দা | ||||
পিতৃ-মাতৃ |
| ||||
জীৱিকা | ভিক্ষুণী
| ||||
জ্যেষ্ঠ বিষয়বাব | |||||
শিক্ষক | গৌতম বুদ্ধ |
মহাপ্ৰজাপতি গৌতমী বা গোতমী (ইংৰাজী: Mahapajapati Gotami; Pali; Sanskrit Mahāprajāpatī Gautamī) গৌতম বুদ্ধৰ পালিতা মাতৃ, সতীয়া মাতৃ আৰু মাহীয়েক আছিল। বুদ্ধ পৰম্পৰাত তেৱেঁ প্ৰথম ভিক্ষুণী হ’বলৈ আকাঙ্খা কৰা নাৰী। বুদ্ধদেৱে তেওঁক বৌদ্ধ ধৰ্মত শৰণ দিছিল।[1][2]
মহাপ্ৰজাপতি গৌতমী কোলীয় গণৰ এগৰাকী ৰাজকন্যা আছিল। তেওঁৰ দেউতাৰৰ নাম আছিল অঞ্জন আৰু মাকৰ নাম আছিল যশোধৰা। দন্দপানী আৰু সুপ্পবুদ্ধ গৌতমীৰ ভাতৃ। তেওঁৰ ভগ্নী মায়া দেৱী। দুয়োজনী বাই-ভনীৰ জন্মৰ সময়ত জ্যোতিষীয়ে গণনা কৰি তেওঁলোক চক্ৰৱৰ্তিনী (চক্ৰৱৰ্তী ৰজাৰ পত্নী) হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল। পিছলৈ শাক্য ৰজা শুদ্ধোধনে মায়া দেৱী আৰু গৌতমী উভয়কে বিয়া কৰায়।[2] সিদ্ধাৰ্থৰ জন্মৰ মাত্ৰ সাত দিন পিছতে মায়াদেৱীৰ মৃত্যু হোৱাত গৌতমীয়ে সিদ্ধাৰ্থক ডাঙৰ-দীঘল কৰিছিল। পিছলৈ এগৰাকী প্ৰসিদ্ধ থেৰীলৈ ৰূপান্তৰ হোৱা মহাপ্ৰজাপতিৰ জন্ম দেৱদহত হৈছিল।[3] নন্দ আৰু সুন্দৰী নন্দা গৌতমীৰ সন্তান।[4]
সিদ্ধাৰ্থই বুদ্ধত্ব লাভ কৰাৰ কিছু বছৰ পাছত তেওঁৰ পিতৃ শুদ্ধোধনৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পিছত মহাপ্ৰজাপতি গৌতমীয়ে সংসাৰ ধৰ্ম ত্যাগ কৰাৰ সিদ্ধান্ত লয় আৰু গৌতম বুদ্ধৰ ওচৰত সংঘত যোগ দিয়াৰ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু বুদ্ধদেৱ কোনো নাৰী সংঘত যোগদান কৰা সম্পৰ্কত প্ৰস্তুত নাছিল। হতাশ নহৈ গৌতমীয়ে মূৰৰ চুলি খুৰাই হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰি শাক্য আৰু কোলীয় প্ৰজাতন্ত্ৰৰ বহু মহিলাক একত্ৰিত কৰি বুদ্ধৰ অনুসৰণ কৰে আৰু বৈশালীলৈ পদব্ৰজে যাত্ৰা কৰে। বৈশালীত পুনৰ তেওঁ বুদ্ধৰ ওচৰত আবেদন জনায়। এই সময়ত বুদ্ধৰ অন্যতম প্ৰিয় শিষ্য আৰু সহায়ক আনন্দই মহাপ্ৰজাপতিৰ হৈ বুদ্ধক সংঘত মহিলাসকলক ভিক্ষুণী হিচাপে যোগদান কৰাৰ অনুমতি দিবলৈ অনুৰোধ জনায়। অৱশেষত বুদ্ধদেৱ মান্তি হয়; কিন্তু ভিক্ষুণীসকলৰ বাবে তেওঁ আঠটা কঠিন নিয়মাৱলীৰ প্ৰচলন কৰে। ধৰ্মপদকথা অনুসৰি গৌতমীৰ উপসম্পদা আনুষ্ঠানিক ভাবে নোহোৱাত পৰৱৰ্তী সময়ত ভিক্ষুণীসকলে তেওঁৰ সৈতে ‘উপোস্থ’ কৰিবলৈ অমান্তি হৈছিল। তেতিয়া বুদ্ধদেৱে নিজেই মহাপ্ৰজাপতিৰ ‘উপসম্পদা’ সম্পন্ন কৰা বুলি ঘোষণা কৰে। বুদ্ধদেৱৰ ধৰ্মশিক্ষা লাভ কৰি তেওঁ এগৰাকী ‘অৰ্হতা’লৈ ৰূপান্তৰ হৈছিল।[2]
মহাপ্ৰজাপতি ১২০ বছৰ জীয়াই আছিল। তেওঁৰ মৃত্যু হোৱাত তেওঁৰ সহচৰী পাঁচশ ভিক্ষুণীয়েও একেলগে প্ৰাণত্যাগ কৰে।[5] গৌতমীৰ আৰু পাঁচশ ভিক্ষুণীৰ পৰিনিৰ্বাণৰ কাহিনীটো যথেষ্ঠ জনপ্ৰিয়, বহুল প্ৰসাৰিত আৰু বিভিন্ন সংস্কৰণত উপলব্ধ। [6] ত্ৰিপিটক, "সৰ্বস্থিবাদ" আৰু "মূলসৰ্বস্থিবাদ"কে ধৰি বিভিন্ন বিনয়ত এই কাহিনী লিপিবদ্ধ হৈছে।[6]