প্ৰজ্ঞাসুন্দৰী দেৱী | |
---|---|
![]() প্ৰজ্ঞাসুন্দৰী দেৱী | |
জন্ম | ১৮৮৪ চন |
মৃত্যু | ১৯৫০ চন |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | লেখিকা আলোচনী সম্পাদক |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | লক্ষ্মীনাথ বেজবৰুৱা |
প্ৰজ্ঞাসুন্দৰী দেৱী (জন্ম ১৮৮৪ – মৃত্যু ১৯৫০) এগৰাকী ভাৰতীয় ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থ লেখিকা আৰু আলোচনী সম্পাদক আছিল। ১৯০২ চনত প্ৰকাশিত তেওঁৰ আমিষ ও নিৰামিষ বঙালী সাহিত্যৰ এখন তাৎপৰ্যপূৰ্ণ ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থ।[1][2] ১৮৯৭ চনৰ আৰম্ভণিৰ পৰা প্ৰজ্ঞাসুন্দৰীয়ে পূণ্য নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল।[3]
প্ৰজ্ঞাসুন্দৰী দেৱী বিজ্ঞানী হেমেন্দ্ৰনাথ ঠাকুৰ তথা নীপময়ী/নৃপময়ী দেৱীৰ জীয়ৰী। তেওঁৰ ককাদেউতাক দেবেন্দ্ৰনাথ ঠাকুৰ আছিল এজন দাৰ্শনিক আৰু আজো-ককাদেউতাক দ্বাৰকানাথ ঠাকুৰ আছিল এজন উদ্যোগপতি। ন'বেল বঁটা বিজয়ী সাহিত্যিক তথা কবি ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল তেওঁৰ খুৰাক।[4]
১৮৯১ চনত প্ৰজ্ঞাসুন্দৰী দেৱী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোক চাৰিগৰাকী সন্তানৰ পিতৃ-মাতৃ আছিল যদিও এজন বহু কম বয়সতে ঢুকায়। উল্লেখযোগ্য যে লক্ষ্মীনাথ বেজবৰুৱায়ে প্ৰজ্ঞাসুন্দৰী দেৱীক তেওঁৰ ৰন্ধন প্ৰণালীবোৰ কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছিল।[5] ১৯৫০ চনত প্ৰজ্ঞাসুন্দৰী দেৱীয়ে ইহলীলা সম্বৰণ কৰে।